শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
( খণ্ড ১১)
ঘ'ৰ আহি পোৱাৰে পৰা বৰ অস্বস্তিত সময়বোৰ পাৰ কৰিছো। মেঘা থকাকৈ আহিম বুলি কৈছিল মই নালাগে বুলি ক'লো। নালাগে মোক কাৰো সহানুভুতি।
মই নিজে বুজি পাব লাগিব নিজক। বাস্তৱৰ সন্মুখীন হ'ব লাগিব। তাৰ কাৰণে মই অকলে সময় পাৰ কৰাটো অত্যন্তই প্ৰয়োজনীয়।
জ্ঞানীজনে কৈ গৈছে "সত্যম্ ব্ৰুয়াত প্ৰিয়ম ব্ৰুয়াত। ন ব্ৰুয়াত সত্যমপ্ৰিয়ম" (প্ৰিয় সত্য ক'বা, অপ্ৰিয় সত্য নকবা) । কিন্তু কেতিয়াবা নিজৰ সৈতে পৰিচয় হ'বলৈ অপ্ৰিয় সত্য কোৱা মানুহৰ অত্যন্ত প্ৰয়োজন।
মেঘাৰ অপ্ৰিয় সত্য আৰু বিস্মিতাৰ সততাই মোক বহু কথা শিকাই থৈ গ'ল আজি। মনত যিয়েই থাকে তাক সৎ সাহসেৰে মানি ল'বলৈ শিকিলো আজি। ভয় ভয় কৈ জীয়াই থাকি কি পাইছো মই! অম্লানে এৰি যাব বুলি এটা ভয়তে জীয়াই আছো ইমানদিনে। কিন্তু ৰণৰ প্ৰতি মোৰ মনত জাগি উঠা অনুভুতিবোৰ মিছা হ'ব কেনেকৈ? তাক ভাললাগে। তাৰ প্ৰতিটো কাম ভাল লাগে। মোৰ প্ৰতি থকা তাৰ মৰম আৰু অভিমানবোৰ ভাললাগে ।
এয়া প্ৰেম নহয় নো কি?
যদি মই ৰণকে ভালপাওঁ অম্লাননো কোন?
কিয় পৰি যাওঁ বাৰে বাৰে অম্লান নামৰ দোৱাৰদলিত হামখুৰি খাই। আৰু যদি মই অম্লানকে ভালপাওঁ তেন্তে ৰণ নামৰ বান্ধোন দালত মেৰপাক খাই কিয় গৈ আছো?
....অৱশ লাগি গ'ল গাটো। হয়তো ভাৰাক্ৰান্ত মনটোৱে বেছি দূৰ্ব্বল কৰি পেলাইছে গাটোক। হাত-ভৰি কেইটা ধুই শুই দিলো। কিমান সময় টোপনি গ'ল গম নাপাওঁ।
মোবাইলৰ ভাইব্ৰেচনত সাৰ পালো। কোনোবাই ফোন কৰিছে।
সময় চালো ৮টা বাজিল। মূৰটো বহুত বিষাইছে।জাপমাৰি উঠি বহিলো। অচিনাকি নম্বৰ। ধৰো -নধৰোকৈ উঠালো।
: "হেল্ল'!"
: "মোৰ নিউ নাম্বাৰ!"
এটা ৰুক্ষ কন্ঠ।
উশাহটো ৰৈ গ'ল। অম্লান!!!
: "আজি ইমান মাহৰ মুৰত মনত পৰিল যে?"
ক্ষোভ এটা জাগি আহিল।
: "is it? and what about you tanmaya? তুমি ফোন কৰিছা?"
: "সদায় ময়েই কৰো।মোৰ মেচেজৰ ৰিপ্লাই দি পাইছা?"
: "অহ্ প্লিজ! জানাই মই বিজি থাকো। সেইবুলি ফোনেই নকৰা তুমি। এনেকৈ নচলে ন!"
তৰ্ক কৰাৰ কোনো ইচ্ছা নাই মোৰ। জানিলো আজিও সি তাৰ ভাষাত "ব'ৰ" হৈ আছে। সময় পাৰ কৰিবলৈ মোতকৈ ভাল মাধ্যম কি হ'ব??
: "কি নচলে?"
তাৰ সুৰতে সুধিলো।
: "ৰিলেশ্চনচিপ অফকৰ্চ!"
: "তুমি কিবা initiative লৈ পাইছা আমাৰ ৰিলেচনটোৰ কাৰণে!"
বেপেৰুৱা ভাবেই সুধিলো। কোনো উৎসাহ নাই মোৰ কন্ঠত।
: "অহ্ প্লিজ আৰু! যদি নোৱাৰা থাকিব তেন্তে বাদ দিয়া?"
: "কি ক'ব খুজিছা খুলি কোৱা অম্লান!"
মোৰ সহজে নুঠা খংটো লাহে লাহে উৰ্দ্ধত উঠিছিল।
: "let's breakup! মই নোৱাৰো তোমাৰ লগত।"
কোনোবাই যেন পিঞ্জৰাবিদ্ধ বাঘিনী এজনীহে খুলি দিলে। নাজানো কৰপৰা ইমান সাহস আহিল মাথো কৈ গ'লো,
: "seriously!! তুমি নোৱাৰা থাকিব? ইমান দিনে আছিলানো ক'ত?
প্ৰত্যেকবাৰে তুমি আমাৰ সম্পৰ্কটোৰ নামত মোক খোজে খোজে কেৱল অপমান কৰিছা। ইমান দিনে মই মৰিচীকা খেদি ফুৰিছিলো অম্লান।
কিন্তু আৰু নহয়।
আজি বুজি পালো তোমাৰ প্ৰতি থকা মোৰ সকলো আন্তৰিকতা তুমি শেষ কৰি পেলালা নিজ হাতেৰে। তুমি কি থাকিব নোৱাৰা অম্লান??
আজি মই কৈছো শুনা ..আঁতৰি যোৱা মোৰ জীৱনৰ পৰা!! নোৱাৰো আৰু মই মৰি মৰি জীয়াই থাকিব....
just go to hell ..i want to live my life now.. Get lost.. go !!!!"
নিৰবাচিন্নভাৱে কৈ কৈ মই ভাগৰি পৰিলো। বুকুত দমি থকা বহুদিনীয়া ক্ষোভ, হতাশাৰ আজি উদ্গীৰণ হ'ল। মই ভবাৰ দৰে অম্লানে কিন্তু আজি ফেপেৰি পাতি নধৰিলে।
খুব খঙত ফোনটো কাটি দিলে। হয়তো আহত হৈছিল তাৰ পুৰুষ সত্বা। কিন্তু মোৰ বুকুখন উদং হৈ গ'ল। ভূমিষ্ঠ হ'ল এটি এবছৰীয়া ক্ষোভপুঞ্জ।
.....ফোঁপাইছিলো মই খংত। কঁপি আছিলো তেতিয়াও। কিন্তু যেতিয়ালৈ শান্ত হ'লো দুখবোৰে জুমুৰা মাৰি ধৰিলে। চিঞৰি চিঞৰি কান্দিলো মই। শুনিছিল মাঁহতে!
কিন্তু কিয় জানো সেইদিনা মোৰ ৰূমলৈ কোনো অহা নাছিল। কান্দি কান্দি এসময়ত ভাগৰি মই শুই গ'লো আকৌ।
.....প্ৰায় ১০-৩০ টা মানত মায়ে ভাত খাবলৈ জগালে মৰমত। চকু মোৰ তেতিয়াও ফুলি আছিল। কিন্তু কাৰণ সুধা নাছিল মায়ে। হয়তো বুজিছিল সেইখিনি সময় উচিত নহয়।
অলপ সময় আশ্বৰ্য্যচকিত হৈ বহি ৰ'লো। অলপ সময়ৰ আগৰ তন্ময়াজনী মইয়েই আছিলোনে??
আজি ইমানদিনে ক'ত লুকাই আছিল মোৰ এই সত্বা। কেনেকৈ পাৰিলো মই উজাৰি দিব মোৰ বুকুৰ গুপ্ত দস্তাবেজ।
এনেকুৱা লাগিল যেন অতদিনে কোনোবাই চেপা মাৰি ধৰি আছিল মোৰ বিষাদৰ ফল্গুধাৰা আৰু সেই বান্ধ খোল খাই প্লাৱিত কৰিলে মোৰ ভাষাৰ চনপৰা মাটি।
মোবাইলটো চালো ৰণ আৰু মেঘাৰ মিচকলেৰে ভৰ্তি।
মোবাইলটো চাৰ্জত লগাই ভাত খাই আহিলো। মেঘালৈ ফোন লগালো। তাইৰ লগত কথা পতাটো প্ৰয়োজনীয়।
: "ক'ত আছিলি?"
পোনপটীয়া প্ৰশ্ন। ফোনটো ৰিং নহওঁতেই ধৰিলে তাই। হয়তো চিন্তাক্লিষ্ট হৈ বহি আছিল মোৰ বাবে।
: "শুই গৈছিলো অলপ।"
: "থিকে আছ?"
: "উম্।"
: "ৰণ দাই ফোন কৰিছিল?"
: "কৰিছিল। মই গম নাপালো। কৰিম এতিয়া।"
: "থিক আছে।"
আশ্বষ্ট হৈছে যেন লাগিল তাইক মোক স্বাভাৱিক পাই।
: "মেঘা! "
: "উম ক'!"
: "অম্লানে ফোন কৰিছিল??"
জ্বলা জুই একোৰাত যেন ঘিউ হে ঢালি দিলো মই।
: "হুৱাট! হুৱাট দা হেল! হাউ দেয়াৰ হি টু ক'ল ইউ এগেইন? ক'ত মৰি আছিল ইমান দিন।"
যিমান অশ্ৰাব্য ভাষা আছিল সকলো কৈ গালি পাৰি তাই ক্ষান্ত হ'ল। মই বাধা নিদিলো। তাইও ইমান দিনে কষ্ট পাই আছে মোৰ বাবে।
: "কি মনত পৰিল মহাশয়ৰ আজি?"
ক্ষোভবোৰ উজাৰি এসময়ত শান্ত হৈ সুধিলে।
: "মেঘা!"
: "ক???"
: "i have broken up with him!"
............ক্ষন্তেক নীৰৱতা........
: "কি ক'লি??? please repeat it!!"
তাই বিশ্বাস কৰিব নোৱাৰিলে যি শুনিলে।
: "we have broken up!"
: "just go on...in detail !"
জানিছিলো সেইখিনি সময়ত পৃথিৱীৰ আটাইতকৈ সুখী তাই হৈছিল চাগৈ। এফালৰ পৰা তাইক কৈ গ'লো। কেনেকৈ বিস্ফোৰণ হ'ল মোৰ সুপ্ত তিক্ততাৰ লাভা।
: "তই সুখীনে এতিয়া তনু?"
মাতটো কোমল তাইৰ।
: "নাজানো! কিন্তু মোৰ মনটো বহুত পাতল লাগিছে আজি মেঘা!"
: "i am so happy ! শেষত কৰিব পাৰিলি তই যিখিনি মই তই কৰাটো বিচাৰি আছিলো। কেনেকৈ সাহস পালি ইমান আজি??"
: "নাজানো!"
: "এতিয়াও বুজা নাই??"
: "মানে??"
: "idiot !!! ভাবি চা তই ৰণক কিমান ভালপাৱ। যাৰ ভালপোৱাই তোৰ কাৰণে আজি সাহস হৈ থিয় দিছে।"
: "মেঘা প্লিজ!!
প্লিজ কৈছো! আজি নিজ কাণেৰে শুনিছিলি তই বিস্মিতাৰ কথা। ৰণ আৰু বিস্মিতা দুইটাই দুয়োটাৰ কাৰণে উপযুক্ত সংগী মেঘা।
মোৰ দৰে আত্মবিশ্বাসহীন ছোৱালী এজনীৰ লগত সি কেতিয়াও সুখী হ'ব নোৱাৰে।"
: "কিন্তু!!!"
: "প্লিজ নকবি একো। মই মানিছো ৰণক ভালপাই পেলালো। নাজানো কেতিয়া।
কিন্তু এতিয়া বহুত দেৰি হ'ল। সিহঁতৰ মাজত মই নোসোমাও। সিহঁতক একলগ কৰি মই আঁতৰি যাম মেঘা। প্লিজ মোৰ সাহস হৈ থাক মোৰ লগত! প্লিজ!"
: "হ'ব!! একো নকওঁ মই। যি মন যায় কৰ। মই লগত আছো। মাত্ৰ এবাৰ ভাবি চাবি কিমান পলাবি আৰু একেখন টাউনতে থাকি। সিহঁতক একেলগে চাবলৈ নিজকে সাজু কৰ।"
: "মই আঁতৰি যামগৈ মেঘা! "
: "ক'লৈ যাবি??"
: "গম পাবি সময়ত।"
: "পাগলামি নকৰ।"
: "নাইকৰা। নকৰো আৰু। আজি সুস্থ হৈছো ইমান দিনৰ মুৰত আৰু পাগলামি নকৰো।"
: "কি কৰিব গৈ আছ তই তনু।"
: "হাঃ হাঃ চিন্তা নকৰিবি আত্মহত্যা নকৰো। ইমান দূৰ্ব্বল নহয়টো।"
: "just shut up and tell me the truth!"
: "সময়ত কম। মাথো বিশ্বাস ৰাখ মোৰ ওপৰত।"
ফোনটো ৰাখিলে তাই। খং উঠিছিল তাইৰ বহুত কিন্তু মোৰ উপায় নাই।
সঁচাকৈ মই সাজু কৰিব লাগিব নিজক। ৰণৰপৰা আঁতৰাবলৈ। পাৰিব লাগিব মই তাক বিস্মিতাৰ লগত চাবলৈ। মোক কৰা মৰমবোৰ বিস্মিতাৰ ভাগৰ যে মই মানিবই লাগিব। আকৌ এবাৰ অকলশৰে আগুৱাব লাগিব জীৱনত।
তালৈ ফোন লগালো। অলপ সময় ৱেইটিংত পালো। বুকুখন খুন্দা মাৰি ধৰিলে। নিশ্চয় সেয়া বিস্মিতা!
হঠাতে ফোন কৰিলে সি!
: "মৌ!"
: "অ' কোৱা।"
: "অ' মৌ!!"
: "শুনি আছো।"
: "মৌ পোৱালি অ'!!!"
: "আৰে! কোৱা শুনি আছো।"
: "মৌজনী মোৰ ......ক'ত গ'ল??"
: "ৰণ!! শুনি আছো মই। কোৱা।"
: "মৌ ...মৌ ....মৌ ...মৌ....।"
লেনিয়াইয়ে থাকিলে সি সৰু পোৱালিৰ নিচিনা। মোক পোৱালি বুলি কয় আৰু আজি সিয়েই পোৱালি নিচিনা কৰি আছে।
: "হাৰে!!!! কি হ'ল তোমাৰ??"
: "একো নাই। ভাল লাগে মাতি তোমাক!"
মোৰ ভাষা হেৰাই গ'ল। কিবা ক'লেই ধৰা পৰি যাম মোৰ থুকাথুকি মাতেৰে। যিমান পাৰু অশ্ৰুশিক্ত মোৰ দুচকু সামৰি ল'লো।
: " ক'ত আছিলা অ' ??"
একো নোকোৱা দেখি সিয়েই সুধিলে। মাতত এক অদ্ভুদ কোমলতা। খুব স্ফূৰ্তিত থকাযেন লাগিল তাক।
: "অলপ কাম আছিল। কি কৰিছা?"
: "আছো এনেই।"
: "কাৰ লগত কথা পাতি আছিলা?"
সুধি পেলালো ঘপহকৈ।
: "হা???"
নহয় মানে এনেই সুধিলো। ৱেইটিং পালো যে। বাকী কোৱা।" যিমান পাৰো সম্ভালি ল'লো পৰিস্থিতি।
: "বিস্মিতাৰ লগত কথা পাতিলো।"
বুকুৰ শিৰা এডাল চিঙি গ'ল।
: "অ' আচ্ছা। দিষ্টাৰ্ব দিলো নেকি?"
: "ধেই!! কি যে কোৱা। তোমাৰ কথা কৈছিল।"
: "কি বুলি??"
: "ইমান ভাল মোৰ মৌ জনী!"
: "তাই তেনেকৈ কৈছিল "মোৰ মৌ" বুলি ??"
: "নহয় মানে! তাই তন্ময়া বা বুলিয়ে কৈছিল। মইহে কৈছো মোৰ মৌ বুলি।"
: "তোমাৰ মৌ নহয়। তোমাৰ বিস্মিতাহে।"
উলাই গ'ল মুখেৰে।
একো নক'লে সি।
: "মৌজনী মোৰেই। মৌ সদায় মোৰেই থাকিব। তুমি ইচ্ছা কৰিও মোৰপৰা নিজক গুচাব নোৱাৰিবা।"
: "মানে??"
: "মানে জিদ্দি দাগ! চাৰ্ফ এক্সেল দি ধুলেও নাযায়। মৌৰণ নামৰ ধুনু ধুনু দাগ!"
: "ইমান হেপ্পী যে আজি!"
: "হ'মটো।ইমান ডাঙৰ কাম কৰিলা আজি।"
: "কেনেকৈ গম পালা।মইটো কোৱাই নাই একো।"
: "ক'বা নহয় এতিয়া। কোৱা??"
: "অ'। তোমাৰ কাম হৈ গ'ল। you can propose to her now!"
: "seriously??"
: "হা!!!"
: "মই পাগলে হৈ যাম আৰু। তুমি sure নে??"
: "yes 200%!"
: "থিক আছে! থেংকচ।"
: "পাৰ্টি দিবা।"
: "পাৰ্টি কি! তুমি লগত যাব লাগিব ন!"
: "ক'লৈ??"
: "কি ক'লৈ আকৌ গুণ্ডী!!তাইক propose কৰোতে আকৌ।"
মোৰ বুকুত হাতুৰীৰে কোব মৰাৰ দৰে লাগিল। এতিয়া মই মোৰ প্ৰিয় পুৰুষজনক বেলেগৰ হাতত তুলি দিবলৈ নিজেই যাম!!
অসম্ভৱ!!
: "হুৱাট ৰাবিচ ৰণ! কিয় যাম মই!"
আচৰিত হৈ গ'ল সি মোৰ মাতৰ পৰিৱৰ্তন দেখি।
: "কিয়?? নহ'ব দেই। মোৰ কাৰণে সেইকণো কৰিব নোৱাৰিবা। তুমি মোৰ সাহস মৌ।"
: "ন' প্লিজ!"
: "প্লিজ মৌ! মোৰ মানুহজনী বৰ জিদ্দী অ'। মোক ভালপাই বুলি মোৰ আগত মানি নল'ব। তুমি যদি লগত যোৱা তোমাৰ লগত মোৰ কিবা আছে বুলি jealous হৈ কিবা এটা ক'ব পাৰে। চ' প্লিজ মৌ! অলপ নাটক কৰি দিয়ানা মোক ভালপোৱাৰ!"
চকু মুদি দিলো মই।
"ভালপোৱাৰ নাটক" !!!
দুগাল তিয়াই উষ্ম অশ্ৰুৰ ঢল এটা বৈ গ'ল। হ'ব !! সকলো কৰিম মই। মই যোৱাটোৱে ভাল হ'ব। অন্ততঃ নিজ চকুৰে দেখি আৰু নিজ হাতেৰে তাক বিস্মিতাৰ হাতত তুলি দি নিশ্চিত হম মই। নাটকতে এবাৰ হৈ চাম মোৰ প্ৰিয় মানুহজনৰ।
: "হ'ব দিয়া যাম। কেতিয়া কৰিবা প্ৰপ'জ??"
: "য়ে!!! থেংক ইউ। মই ভাবিছো অহা দেওবাৰে জাচিংফালৈ যাম মানুহৰ কোলাহলৰ পৰা আঁতৰি। তাতে কৰিম কি কোৱা?"
চকু দুটা মুদিয়ে আছিলো মই। উশাহটো যিমান পাৰো ৰাখি থৈছো।
: "হ'ব । গ্ৰেট প্লেন।"
: "বাৰু দিয়া। এতিয়া ৰাখো তেন্তে। মই তাইলৈ ফোন কৰো।"
: "অ'কে বাই।"
মোবাইলটো থৈ গাৰুত মূৰটো গুজি দিলো। চকু মেলিবলৈ ভয় লাগিল কিজানি গিলি পেলাই মোক পোহৰে। কান্দিবও পৰা নাই মই। বুকুৰ ভিতৰখন কিবা জুই একোৰা জ্বলিছে। চকু দুটা মেলিলেই যেন চিটিকি কৰিব ফিৰিঙতি।
৭ দিন আছে মোৰ হাতত। মাত্ৰ ৭ দিন। এই সাত দিনত মই নিজকে শক্তিশালী কৰি তুলিম।
গঢ়ি তুলিম অকলশৰে নিজক চম্ভালিব পৰাকৈ। অহা দেওবাৰে মই নিজহাতে তুলি দিম বিস্মিতাৰ হাত ৰণৰ হাতত। সিহঁতৰ সম্পৰ্কৰ প্ৰথমটো মিঠাই মইয়েই খাম।
(আগলৈ)
Comments