শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ১৩)

: "অই ঘুৰি চা আৰু প্লিজ হা ক'!"

: "প্লিজ বা হা কোৱানা !!"

মেঘা!!! বিস্মিতা!!! আচৰি হৈ গ'লো সিহঁতৰ মাত শুনি।
একেকোবে ঘুৰি চালো। ঘুৰি চাই মোৰ ভৰিৰ তলৰ মাটি হেৰাই গ'ল। মুখত হাত দি মই দুখোজ পিছুৱাই গ'লো। কি দেখিছো এয়া। মোৰ সন্মুখত হাতত বুকেটো লৈ এটা আঁ‌ঠুত বহি আছে ৰণ। কাষত প্লিজ! প্লিজ! কৈ হাত দুখনেৰে ৰিকুৱেষ্ট কৰি ৰৈ আছে মেঘা আৰু বিস্মিতা!

তাৰমানে ?? কি হৈছে এইবোৰ??
ইমান দিনে এইবোৰ???
মোৰ মুখেৰে মাত নোলোৱা হৈ গ'ল। পৃথিৱীখন তাতেই পাকঘুৰণি খাই ৰৈ গ'ল। কথমপি বাগৰি নপৰিলো মই। কিন্তু চকুৰে সৰসৰাই পানী ওলাই আহিল।

: "হা না পিছত ক'বা লাগিলে। আগতে বুকেটো লোৱা ঔ। স্কুলটো ইমান টাই kneel down কৰি পোৱা নাই ঐ কলিজা!"

এইবাৰ মেঘাই জোৰ কৰিয়েই মোক থেলি দিলে। মই চিধাই গৈ ৰণৰ কাষত ৰলোগৈ। তাৰ হাতৰপৰা বুকেটো লৈ তাক উঠাই দিলো। মাত মোৰ তেতিয়াও ওলোৱা নাছিল। মাত্ৰ তিনিওটাৰ মুখলৈ বূৰ্বকৰ নিচিনা চালো। বূৰ্বকৰ নিচিনা নহয়। মহাবূৰ্বক হৈয়েই মই। তিনিওটাই হাঁ‌হি আছে।

: "ধুৎ চাল্লা! পাৰিব্বা নেকি বুলি ক'ব বুলি ভাবিছিলো। বেঙেনা হ'ল।এইজনীয়ে মৌনব্ৰত ল'লে।"
মেঘাই আক্ষেপ কৰিলে।

: "হাঃ হাঃ হাঃ!!!"
তিনিওটাই হাঁ‌হিলে।

: "ৰ'বা দেই মৌ। before you start assuming too far let me introduce .এইজনী বিস্মিতা বৰুৱা ওৰফে জিমলি। মোৰ একমাত্ৰ মাহীৰ ছোৱালী। আৰু মোৰ একমাত্ৰ ভন্টী। তাইক সাৱটি ধৰিলে সি।

: "হুৱাট!!!!!"
মই মূৰে-কপালে হাত দি মেঘালৈ চালো।

: "লাভ নাই। মইও আছো প্লেনত আৰম্ভনিৰপৰাই।"
তিনিওটাই হাঁ‌হিলে। কিন্তু মোৰ সুখ নে দুখত নাজানো চকু দুটাই বাধা নামানা হ'ল। উচুপিবলৈ ধৰিলো।

: "মৌ!!! কলিজাজনী মোৰ!! প্লিজ নাকান্দিবা!"

: "ৰণ দা তাইক ভিতৰলৈ লৈ যা। আমি অলপ ফুৰি আহো।"
বিস্মিতাই ক'লে।

স্থান-কাল-পাত্ৰ পাহৰি তাক সাৱটি ধৰিলো মই সজোৰে। সিয়ো হয়তো ভবা নাছিল। থতমত খালে।হুকহুকাই কান্দি উঠিলো মই।
বিস্মিতা আৰু মেঘাই মোৰ মূৰত হাত বুলাই দি আঁ‌তৰি গুছি গ'ল।

: "হেই!! মৌ!! নাকান্দে নহয় মোৰ গুণ্ডীজনী।"

ৰণে মোক সাৱটি ধৰি থাকিল সজোৰে। এসময়ত কান্দি কান্দি ক্ষান্ত হ'লো মই। ৰণলৈ চালো তাৰ চকু দুটাও সেমেকা।

: "ধেৎ আকৰীজনী! নাকান্দে নহয় এনেকৈ।" সি মোৰ চকুপানী মুচি দিলে।
তাৰ মৰমৰ পৰশত মই আকৌ ফেকুৰি কান্দিলো।
আজি ইমান দিনৰ বুকুত দমি থকা বৰফ গলি আজি হুৰহুৰাই বৰষুণ হৈ নামি গ'ল।

: "ঐ! মেকআপ বেয়া হৈ যাব!"
কান্দি কান্দিয়েই খঙত চালো তালৈ। সি মুখ টিপি হাঁ‌হিলে।

ৰণে মোক হাতত ধৰি ক'টেজটোলৈ লৈ গ'ল। বহু সময় বহি থাকিলো মই নিশ্চুপ হৈ। গোটেই ঘটনাবোৰ চকুৰ আগত এটা এটাকৈ খোল খাই গ'ল।

: "মৌ প্লিজ! কিবা এটা কোৱা??"

: "ড্ৰেচযোৰ ক'ত??"
হঠাতে মনত পৰি কৈয়েই দিলো..

ৰণ মুৰে-কপালে হাত দি বহি গ'ল। কৈ লৈ নিজেই বুজি নাপালো কি সুধিলো মানে।

: "খা বাপ্পেকে! পোৱালি যে পোৱালিয়ে মানে! আছে তোৰ ড্ৰেচ গাড়ীতে। মই নিপিন্ধো দে।" 
থেলামুৰি এটা দিলে লাহেকৈ। মই মুখখন ফুলাই তালৈ চাই থাকিলো মূৰটো মোহাৰি মোহাৰি।

: "এনেই হে সুধিছো। confirm হ'বলে।"

: "আইয়ৌ মোৰ পোৱালিকণ!!! হ'ল এতিয়া confirm??" গালখন চিকুটি দিলে সি।
খং নুঠিল এইবাৰ সি জোকাওতে।

: "এইবোৰ কি হৈ আছে মানে ৰণ।"

: "এইবোৰ কি হৈ আছে বাদ দিয়া। সকলোটো গম পাইছাই। কৈ যাম লাহে-ধীৰে। কিন্তু তাৰ আগতে মোৰ উত্তৰটো দিয়া।"

মনটো ফৰকাল হৈছিল। এসোপা লাজে আগুৰি ধৰিলেহি মোক। তলমূৰ কৰিলো।

: "মৌ!!"
মাতিব নোৱাৰিলো একো।

: "মোলৈ চোৱা!"

কেনেকৈ চাওঁ এতিয়া তেওঁলৈ। অথনিৰে পৰা হিয়ালি-জিয়ালিকৈ কান্দিলো। তাৰ পিছত সাৱটি ধৰিলো। চিঃ কটা!! কি ভাবিছে চাগৈ মোৰ কথা!! একেকোবে গৈ বুকুৰ মাজত সোমালো। এতিয়া সব মনত পৰিছে।

: "মৌ!!"
সি নিজে আহি মুখখন তুলি দিলে। মই চকু দুটা মুদি দিলো।

: "মৌ!! ভেকুলী!!" 
সি চিঞৰি উঠিল।

ক'ত??? ক'তকৈ চিঞৰি এইবাৰ চিধাই মই আকৌ তাৰ বুকুৰ মাজত সোমালোগৈ।

: "হাঃ হাঃ হাঃ!!"
তাৰ হাঁ‌হিত মই বুজি পালো মোকযে বুৰ্বক সজালে।

আঁ‌তৰি আহিব লওঁ‌তে আৰু সি মোক জোৰেৰে সাৱটি ধৰিলে ।
আস্!! এই বান্ধোন। এনেকুৱা লাগিল সময়বোৰ যেন তাতেই ৰৈ যাওঁ‌ক। তাৰ বুকুৰ মাজত সোমায়েই গলি গলি শেষ হৈ যাওঁ‌ক মোৰ জীৱন!

: "answer me baby!! নহ'লে এৰি নিদো।"
একদম কাণৰ কাষত ফুচফুচাই ক'লে সি।

গোটেই মানুহজনীৰ কঁ‌পনি উঠি গ'ল মোৰ। তাক থেলামাৰি বহি গ'লো চকীত। পাৰ হৈ যাবলৈ সি বাট আগচি আছে। কাণ-মূৰ সকলো ৰঙা পৰি গৈছিল।

: "মৌ! শুনা!"

এইবাৰ চালো তাৰ চকুলৈ। মোৰ দুহাতত ধৰি আছিল সি। আস্ তাৰ দুচকু সিক্ত আছিল অসীম মৰমেৰে। এই মৰম কেৱল মোৰ বাবে।

: "বহুত ভালপাওঁ‌ তোমাক। এই ভালপোৱা আজিৰ নহয়। বহুদিনৰ। প্ৰায় ৪বছৰ আগতেই তোমাৰ প্ৰেমত পৰিছিলো তুমি প্ৰথম য়ুনিভাৰ্চিটিত এম.এ কৰিবলৈ যাওঁ‌তেই। 
ভবা নাছিলো তোমাক কেতিয়াবা লগ পাম বুলি। কিন্তু সেইদিনা তোমাৰ মামাৰ ল'ৰাৰ বিয়াত ভগৱানে হয়তো চকু মেলি চালে। আচৰিত হৈছিলো তাত দেখি!  সাহ কৰি সেই ৰাতিয়েই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলো তোমালৈ। তাৰ পিছৰ কাহিনী জানাই।
তোমাৰ বিষয়ে সকলো জানো মই মৌ। তুমি মোক নতুনকৈ জনাব নালাগে। মাত্ৰ এটা কথাই এই মূহুৰ্তত সত্য......
মিচ তন্ময়া শইকীয়া আই লাভ ইউ ভেৰি ভেৰি মাচ্ছ। এণ্ড আই ৰণবিজয় দত্ত প্ৰমিজ ইউ দেট ন মেটাৰ হুৱাটএভাৰ আৱাৰ লাইফ ৱিল বি...আই ৱিল অলৱেইজ বি বাই ইউৰ চাইদ টিল মাই লাষ্ট দে অফ লাইফ....
চ' ৱিল ইউ বি মাইন ফৰেভাৰ।"

মন্ত্ৰমুগ্ধ হৈ শুনিলো তাৰ কথা। ইমান মিঠা হ'ব পাৰেনে প্ৰেম! ইমান ভালপাব পাৰেনে কোনোবাই কাৰোবাক!

: "মৌ......"

: "৪ বছৰ আগত?"
তপককৈ মাতটো দিলো। কোনো আগ-গুৰি নোহোৱা অবান্তৰ কথা কোৱাটো মোৰ অভ্যাসে।

আবেগিক হৈ আছিল সি! কি হ'ল নাজানো উঠি গুছি গ'ল। আচৰিত হ'লো।

: "ৰণ!!!" 
নৰখিলে সি ।ওলাই গ'লগৈ।

: "ৰণ!!!"
 চিঞৰি চিঞৰি গ'লো মই। থাপমাৰি ধৰিলো তাক।

: "কি হ'ল??"

: "তুমি মোক ভাল নোপোৱা মৌ??"
 তাৰ দুচকুত উদাসীনতা।

: "কি হ'ল ৰণ। "
কঁ‌পি গ'লো মই আকৌ।

: "মোক উত্তৰ কিয় নিদিয়া। মোক ভালপোৱা নে নোপোৱা।"
চিঞৰিলে সি।

: "ৰণ!!! মানুহ আছে ভিতৰত ব'লা।"

: "তুমি মানুহৰ কথা কৈছা মই আঁ‌তৰি ফুৰিছিলো নিজৰ পৰাও। চাঁ‌বোৰেও কেনেবাকৈ লগ দিয়ে বুলি লুকাই ফুৰো। কিন্তু তুমি কেনেকৈ জোনাক হৈ নামিলা গ'মেই নাপালো। এই জোনাক কাঢ়ি নিনিবা মোৰ জীৱনৰপৰা মৌ।"

 সি বহি গ'ল মাটিত। দেখা নাই তাক আগতে এই ৰূপত।

: "ৰণ!!!"

: "প্লিজ টেল মি মৌ। দু ইউ লাভ মি?" 
দুচকু সেমেকি উঠিল তাৰ।

বুকুখন ভাঙি গ'ল মোৰ।

: "ৰণ!!! প্লিজ উঠা!"

: "আগতে কোৱা! য়েচ নে ন'!! চিন্তা নকৰিবা তোমাৰ উত্তৰ যিয়েই হওঁ‌ক। মই সদায় একেই থাকিম।"

: "ৰণ!!" 

: "হ'ব দিয়া একো নাই। আই এম চৰি। বেছি কৰিছো ন'! বলা ভিতৰলৈ যাওঁ‌!"

হাঁ‌হিলে সি। উঠি গ'ল। আহত হৈছিল সি। কিন্তু খুব সুন্দৰকৈ লুকুৱাইছিল মোৰপৰা।

: "আই...আই লাভ ইউ টু ৰণ।" চকুদুটা মুদি উঠখন কামুৰি ধৰিলো।
নাজানো কৰপৰা ইমান শক্তি আহিল মোৰ মাজলৈ। কৈ দিলো মোৰ মনৰ কথা। থমকি ৰ'ল সি।

: "কিবা ক'লা?? আকৌ কোৱাচোন।"

: "আই লাভ ইউ।"

এইবাৰ তাৰ চকুলৈ চাই ক'লো।

অলপ সময় সি মুখত হাত দি ৰৈ গ'ল।পিছ মুহূৰ্তত মোক সাৱটি ল'লে সি সজোৰে।

: "আই লাভ ইউ চ' মাচ্ছ মৌ।"

: "আই লাভ ইউ টু ৰণ।"

দুয়োটা দুয়োটাৰ মাজত বিলীন হৈ গ'লো। কিমান সময় গম নাপাওঁ‌। পৃথিৱীখন অস্তিত্বহীন হৈ গ'ল। এইখন পৃথিৱী কেৱল আমাৰ। মৌৰণৰ পৃথিৱী।

: "এহেম এহেম!!! আমি একো দেখা নাই দেই।"
মেঘাৰ মাত শুনি দুয়োটাই এৰি দিলো ইটোৱে সিটোক। হাতত কে'ক লৈ চকুত হাত দি ৰৈ আছিল দুয়োজনী। 

লাজ লাগিল মোৰ। হাঁ‌হিলো চাৰিওটাই। 

: "ইমান টাইম নাইকিয়া হৈ গ'লি যে তহঁ‌ত?" ৰণে সুধিলে।

: "ইহ্! সি বেয়াহে পাইছিল যেন!"
বিস্মিতাই জোকালে তাক।
মই লাজতে নখ কামুৰি ৰৈ থাকিল।

: "আহা আহা .... লাজ কৰিব নালাগে তন্ময়া বা অহ্ মানে বৌ।"

বৌ!!! লাজ এসোপাই আকৌ ভালকৈ আগুৰি ধৰিলে মোক। ৰণেও অলপ লাজ কৰাযেন লাগিল।মূৰ খজুৱাই ৰৈ থাকিল। মেঘা আৰু বিস্মিতাই ঢেকঢেকাই হাঁ‌হিলে।

: "আহ.... কে'ক কাটিব লাগে!"

এটা ধুনীয়া হাৰ্ট চেপৰ ৰেদ ভেলভেট কে'ক। তাত লিখা আছিল "happy valentine's day MOURONN"। ৰণলৈ চালো হাঁ‌হিলে সি। মেঘাই স্পাৰ্কলিং কেণ্ডেল এডাল জ্বলাই দিলে। দুয়োটাই কে'কটো কাটিলো। সেই সময়ত কিমান সুখী হৈছিলো ক'ব নোৱাৰো।

: "বাৰু তনু ! কচোন আমাৰ একটিং কেনেকুৱা পালি??"

: "একটিং! মৰিয়াব মন গৈছে তোক।"

: "ইস্! ইস্! চাওঁ মুখখন।" চিকুটি দিলে তাই মোৰ গালত। খংত চালো তাইলৈ।

: "তহঁ‌তে এইবোৰ প্লেন কেতিয়া কৰিলি মানে?"

: "ৰণ দা কৈ দিয়ক প্লিজ!"
মেঘাই ক'লে।

: "শুনা! তোমাৰ লগত চিনাকি হোৱাৰ পিছতে মেঘাৰ লগতো চিনাকৈ হৈছিলো মনত আছে? মেঘাই বুজিব পাৰিছিল মোৰ প্ৰতি তোমাৰ ফিলিংছ।
তুমি কমিটেদ বুলি জানিছিলো। কিন্তু আচল কথাখিনি মেঘাই মোক কৈছিল। তাৰ পিছত মই আৰু পিছলি যাব ধৰিলো তোমাৰ প্ৰেমত। কিন্তু তোমাক প্ৰপ'জ কৰা কথা কওঁ‌তে মেঘাই ক'লে তুমি বুলে সহজে মানি নল'বা।
 কিন্তু তথাপিও মই চেষ্টা কৰি চাওঁ বুলি ক'লো। কিন্তু পিছত মেঘাৰ লগত চিন্তা কৰি বিস্মিতাকো ললো আমাৰ প্লেনত। 
বিস্মিতা প্লেন বি আছিল। কিন্তু মেঘাই থিক কৈছিল তুমি মানি নললা। সেইকাৰণে এইখন নাটক যাতে তুমি অম্লানক নিজ মুখেৰে না ক'ব পাৰা আৰু মোক যে ভালপোৱা বুজিব পাৰা।"

মই মুখমেলি শুনি থাকিলো সি অনৰ্গল কৈ যোৱা কথাবোৰ। 

: "মই কিন্তু লাষ্ট মিনিটলৈ ট্ৰাই কৰিছিলো যাতে তই মানি যাৱ।কিন্তু লাভ নহ'ল। দানবীৰ কৰ্ণই হৈ থাকিলি।"
মেঘাই ক'লে।

: "মই কিন্তু কিছু এনজয় কৰিলো দেই তোমালোকৰ প্লেনত। সিদিনা তুমি ক'লেজত মাতোতে ভয়ে খাইছিলো ফচি যাম বুলি। কিন্তু মেঘা বাই বচাই দিলে।"
কে'ক খাই খাই বিস্মিতাই ক'লে।

: "মাই গড!! কি বস্তু ৰে তহঁ‌ত।"

: "হয়নে মোৰ কলিজাজনী।"
ৰণে গালখন চিকুটি দিলে।
তিনিওটাই হাঁ‌হিলে।

: "বাৰু মৌৰণ....এতিয়া মই আৰু বিস্মিতাই বিদায় লওঁ‌। আন্ধাৰ হৈছে নহয়।"

: "কিন্তু কেনেকৈ যাবি তহঁ‌ত?"
ৰণ আচৰিত হ'ল। মইও আচৰিত হৈ মেঘালৈ চালো।

: "নাই ৰণদা। ৰক্তিম আহিব। এতিয়াহে ফ্ৰি হৈছে সি। বিস্মিতাক আমি থৈ আহিম। তোমালোকে নিজৰ টাইম লোৱা।"
মোলৈ চাই চকুটিপ মাৰিলে তাই।

: "আৰু তই মাদাৰ ইণ্ডিয়াই ফোন কৰিলে তোৰ লগত আছো বুলি কবি।"
বিস্মিতাই ককায়েকক ক'লে।

: "কিয়?? তই কত যাবি?" 
সি চকু পকাই সুধিলে।

: "মোৰ কাম আছে নেহাৰ তাত সোমাম।"
 অসহায় ভাৱে মোলৈ চালে তাই।

ৰণে কিবা ক'ব লৈছিল মই ৰখাই দিলো।

: "থিক আছে বাৰু। বেছি দেৰি নকৰিবি।"
সিহঁতক পঠাই দি ৰণ আৰু মই অলপ সময় গাড়ীতে বহিলো।

: "কৰ নেহাৰ ঘ'ৰত যাব তাই?"
ৰণ তেতিয়াও চিন্তাত আছিল।

: "ৰণ! তাইৰো বয়ফ্ৰেণ্ড আছে চাগৈ। সৰু ছোৱালী নহয়টো।"
সি আশ্বস্ত হ'ল যেন নালাগিল।

: "চিন্তা নকৰিবা তাই ভুল নকৰে দিয়া।তোমাৰহে ভন্টি।"

: "বাহ! বৌয়েকে ননদৰ চাইদ লোৱা আৰম্ভ কৰিলেই।" সি জোকালে।

: "যাহ! এইডাল!"
 তাক থেলা মাৰি দিলো।
সি হাঁ‌হিলে।

: "ইয়াৰপৰা ওলাই যাওঁ‌ তেন্তে! তোমাৰ ঘ'ৰটো চিন্তা কৰিব নহয়।"

: "উম বলা।"

গাড়ীৰ ষ্টিয়েৰিং ঘুৰাই ২নং গিয়েৰত লগাই বাইপাছৰ মুকলি ৰাস্তাত গাড়ীখন এৰি দিলে সি।
মিউজিক প্লেয়াৰত বাজি উঠিল......

                "দিলমে হ তুম আখ' মে তুম 
                 পেহলী নজৰ সে হি য়াৰা.   
                  য়ে ইস্ক কি হে চাজিছে
                 লো আ মিলে হাম দুবাৰা।"

লাহে লাহে ৰণৰ হাতখন আহি মোৰ হাতখন মেৰিয়াই ধৰিলে। এক অবুজ শিহৰণে কঁ‌পাই গ'ল মোক। এক নতুন শিহৰণ। এই স্পৰ্শ কেৱল ৰণৰ নহয়, মোৰ প্ৰেমৰ। 

(আগলৈ)

Comments

Popular posts from this blog

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect