শিৰোনামঃ " উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস " ණ ৰিকুমণি শইকীয়া
( খণ্ড ১ )
(ক)
"দীৱানো কি চাল মে ফস গই মে ইস জাল মে.....কি লেকে পেহলা পেহলা প্যাৰ...."
"ইনসানো কি দৰ্দ সেহনে কি এক লিমিত হতি হে......"
swipe ......
swipe......
swipe......
এফালৰ পৰা টিকটক ভিডিঅ' বোৰ swipe কৰি বিচনাত তললৈ পেট পেলাই পৰি আছো। একোতে মন বহা নাই। আচলতে চেষ্টা কৰিও বহাব পৰা নাই।
আহিবলগীয়া নে আহিব নলগীয়া নাজানো এসোপামান অবান্তৰ ভাৱ মূৰটোত থূপ খাই লৈছেহি। আবেলিৰ অলসতাত ৰং সানিবলৈ বাহিৰত কিনকিনীয়া বৰষুণ এজাক আকৌ পৰিছে। ধুনীয়া লাগিছে বাহিৰৰ পৰিবেশটো।খিড়িকীখন জপাবলৈ গৈ ৰৈ গ'লো। বতাহ এজাকে চুমি গ'ল। ঘ'ৰমোৱা পখীবোৰ ডেউকা কোবাই উভতি আহিছে। দীঘলকৈ উশাহ ল'লো যেন ৰাখি থম সময়খিনি।
"আগলতী পাতে পাতে হাঁহিছিল বতাহে
সৰাপাতে লিখি গ'ল আঘোনৰ সপোন।
জাকৰুৱা পখীজাক ঘ'ৰমোৱা হ'লহি
মোৰ চোতালত সিঁচি গ'ল আবতৰীয়া ফাগুন।"
ভাৱ সাগৰত যতি পেলাই খিড়িকীখন জপাই দিলো। নহ'লে ম'হে চাৰ্জিকেল ষ্ট্ৰাইক চলাব এতিয়া। য'তে-ত'তে ৰৈ কবিতা ৰচি থকাৰ বাবে মাৰপৰা গালিও খাওঁ মাজে মাজে।
বিচনাত পৰি আকৌ এবাৰ হুৱাটপ এপ চেক কৰিলো কিবা মেচেজ আহিছে নেকি। নাই অম্লান নামটোৰ কাষত নীলা টিক দুডাল ঠিকেই জিলিকি আছে। খুলি চালো মেচেজটো ,লাষ্ট চিন ৫ মিনিটৰ আগত আৰু মোৰ মেচেজ দিয়াৰ সময় প্ৰায় ৪ ঘন্টা পাৰ হৈ গ'ল।
অম্লান মোৰ প্ৰেমিকৰ নাম। প্ৰেমিক! নাজানো প্ৰেমিক নে কোন হয়। ভাবি নাপাওঁ আমাৰ সম্পৰ্কটো আচলতে কি। কি বাকী আছেগৈ নাজানো।
১বছৰীয়া সম্পৰ্কটোৰ চাগৈ মাত্ৰ ৩মাহ মানহে ভালকৈ পাৰ হৈছে। আৰু সেই ৩মাহৰ প্ৰথম ১০-১৫ দিনৰ পিছত মোৰ বাবে সময় কমি কমি আহি আছিল। আৰু ২মাহ মানৰ শেষৰ ফালে দিনটোত খুব কষ্টৰে মাত্ৰ তাৰ মাতটো শুনা পাইছিলো। বহুত ব্যস্ত থাকে সি। মই বুজো তাৰ ব্যস্ততা, প্ৰয়োজনতকৈ বেছিয়ে বুজি লওঁ। উপায়ো নাই। মোৰ উশাহত সোমাই পৰিছিল সি প্ৰথমৰপৰাই। তাৰ বাদে বাকী সময়খিনিত কেতিয়াবা ৫-১০ দিনৰ মূৰত যেতিয়া মই অধৈৰ্য্য হৈ ফোন কৰো সি ফোনটো ৰিচিভ কৰিলেই উত্তৰ পাওঁ ,
: "বিজি আছো কৰি আছো পিছত।"
মই বুজো। কিন্তু সেই "পিছত"টো কেতিয়াও নাহে। তেতিয়াও বুজো মই সি ব্যস্ত। তাৰ মাজত যেতিয়া সি মাজৰাতি কেতিয়াবা সময় পাই ফোন কৰে মই পাহৰি যাওঁ সকলো অভিমান। মোৰ দেহৰ খলাবমাবোৰৰ ব্যাখ্যা ডাঙি যেতিয়া মোক কয়
: "এৰি নাযাবি কিন্তু কেতিয়াও।"
অহ্! ইমান আকুলতা! পাহৰি যাওঁ মই সকলো অভিমান।
কিন্তু তাৰ হাতত মোৰ বাবে সময় ইমান নাই । ব্যস্ত থাকে সি।
ভাগৰি পৰিছো মই তাৰ ব্যস্ততাৰ অযুহাত শুনি। আজিও একেই ১০ দিনৰ মুৰত তালৈ বুলি মেচেজ এটা পথালো,
: "ক'ত আছানো?"
কিন্তু সি ব্যস্ত। ৰিপ্লাই দিবলৈ সময় পোৱা নাই।
আকৌ এবাৰ খুলিলো মেচেজটো এইবাৰ সি অনলাইন আছে। কিন্তু মোৰ মেচেজৰ ৰিপ্লাই নাই।
থেকেচা মাৰি থলো মোবাইলটো। বুকুখন বিষাইছে বহুত। কান্দিব নাজানো মই। একেবাৰে নাজানো। ঘ'ৰখনৰ আলসুৱা মই। মোৰ চকুপানী কেৱল মোৰ মা-দেউতাক ব্লেকমেইল কৰি সৰু-সুৰা বস্তু আদায় কৰাতেই সীমিত। অন্তৰ ভাগিলে কেনেকৈ চকুপানী উলাই বুজি নাপাওঁ।
নোটপেদটো উলিয়াই ল'লো। খুব দুখ লাগিলে বুকুৰ কথাবোৰ লিখি থোৱাটো মোৰ অভ্যাস।
"বুকুৰ সীমনাত কথাৰ বিশাল সাগৰ
মাথো জীপাল নহয় চন পৰা শব্দবোৰ...
শুকান ওঠত ভাহে ক্লান্ত হুমুনিয়াহ
দুচকুৱে ধুই যায় বালিময় স্বপ্নবোৰ"
নোটপেদটো অফ কৰি বিচনাত মূৰটো গুজি দিলো। চকুকেইটা পুৰিছে। অলপ শুলে ভাল পাম।
: "মৌ কি খাবি এতিয়া? মেগি বনাই দিওঁ।"
মাৰ আব্দাৰ। ক'লেজৰপৰা আহি তেনেকৈয়ে পৰি আছো বিচনাত।
: "নাখাওঁ এতিয়া। পিছত খাম। টুপু যাম।" মিছাকৈয়ে কলো গাৰুৰপৰা মূৰ নোটোলাকৈ।
: "ঠিক আছে বাৰু। এচি টো ইমান কমাই থৈছ বৰফ জমি যাব তাত। ভৰি দুটা শিল হৈ গৈছে।" মায়ে ভৰি কেইটা চুই চাই ৰিমটটো লৈ টেম্পেৰেচাৰ বঢ়াই দিলে।
আচলতে মই অনুভৱে কৰা নাই ৰূমটোত কি হৈ আছে। দৰ্জাখন জপাই মা উলাই গ'ল।
ক্লিং.....
হুৱাটচ এপত মেচেজ এটা আহিল। উশাহ নসলোৱাকৈ খুলি চালো।
: "ৱান নিউ মেচেজ ফ্ৰ'ম ৰণ"।
মনত থকা শেষ আশাকনো নুমাই গ'ল। নহয় অম্লান! সি ব্যস্ত!
মোবাইলটো থৈ দিলো।
ক্লিং....
আকৌ এটা ৰণৰ মেচেজ।
: "মৌ আহি পালানে? জ্বৰ উঠিছে নেকি?"
জ্বৰ! ইস ৰাম পাহৰিয়ে গৈছিলো মোৰযে কালি দুপৰীয়া দাষ্ট এলাৰ্জি হৈ চৰ্দি লাগিছিল। ৰণৰ মনত থাকে। মোৰ লগত জড়িত সকলো তাৰ মনত থাকে। যিখিনি খবৰ মই নিজেই নিজৰ নাৰাখো সি ৰাখে আজিকালি।
মেচেজটো খুলি চালো। কাৰণ আগত আৰু এটা মেচেজ আছিল তাৰ। এটা টিকটক ভিডিঅ'। এতিয়া আৰু ভিডিঅ' চাই থাকিবলৈ একেবাৰে ইচ্ছা নাই মোৰ। থৈ দিলো মোবাইলটো।
ক্লিং....
: "বিজি আছা নেকি মৌ!"
বিজি!! বেয়া লাগিল তালৈ। বুজি পাওঁ তাৰ অনুভৱ। কোনোবাই কাৰোবাক অৱহেলা কৰিলে কেনেকুৱা লাগে মোতকৈ বেছি কোনে বুজিব।
: "নাই এনে আছো। তোমাৰ ভিডিঅ'টো চাই আছিলো। জ্বৰ উঠা নাই।" মিছাকৈয়ে কলো।
: "অ'কে কুল। এচি নলবা খালি।"
ৰিপ্লাই নিদিলো একো। মই কোন সময়ত কি কৰি থাকো সি কেনেকৈ জানে বুজি নাপাঁও।
: "ভিডিঅ'টো কেনে পালা" আকৌ সুধিলে সি।
: "মজ্জা।"
নোচোৱাকৈয়ে ক'লো তাক।
: "বুজি পালা কথাখিনি?"
এতিয়াহে ফচিলো। উপায় নাই চাবই লাগিব। ডাউনলোড কৰিলো ভিডিঅ'টো। ৰণে হিন্দী ভিডিঅ' এটা অসমীয়ালৈ অনুবাদ কৰি নিজে বনাই পথাইছে।
:
" যদি তুমি কাৰোবাক ভালপোৱা কিন্তু তেওঁ তোমাক বুজি নাপায় তেন্তে জানি ল'বা তুমি তেওঁতকৈ বহুত বেছি ভাল দিজাৰ্ভ কৰা আৰু তোমাক ভগৱানৰ পৰা আন কোনোবই বিচাৰি আছে যাৰ প্ৰেমত তোমাতকৈ বেছি শক্তি আছে।"
: "উম বুজিলো।"
: "গুড এতিয়া ৰেষ্ট লোৱা মিচ তন্ময়া শইকীয়া উৰফ মৌ।"
: "অ'কে।"
তাক ৰিপ্লাইটো দি নেট অফ কৰি শুই দিলো। আচৰিত লাগে এই ল'ৰাটো কেনেকৈ যে মোৰ মনত চলি থকা ধুমুহাবোৰৰ উমান সি পাই যায় বুজি নাপাওঁ।
মাত্ৰ এমাহ হৈছে তাক লগপোৱা। মামাৰ ল'ৰাৰ বিয়াত পাইছিলো। মামীৰ কোনোবা কলিগৰ ল'ৰা। চিনাকি কৰি দিছিল তেতিয়াই।
(খ)
: "মৌ এইফালে আহ। এইজনী আমাৰ সৰুজনী। এতিয়া তায়েই বাকী আছেগৈ আৰু। এম.এ পাছ কৰি বি.এড কৰি আছে। পঢ়া সামৰি গত এট লাগিলেই তাইকো দিম আৰু।"
চিনাকি কৰি দিছিল ধুনীয়াকৈ মানুহজনীৰ লগত। বৰ মৰমেৰে মোৰ হাতখন মোহাৰি গালখন চুই দিছিল।
: "কি নাম তোমাৰ?"
: "তন্ময়া শইকীয়া।"
: "বৰ ধুনীয়া নাম।"
অপ্ৰস্তুত হৈছিলো অচিনাকি ল'ৰাটোৰ আগত। সি অপলক নেত্ৰে চাই আছিল মুখলৈ।
বিয়া ঘ'ৰৰ ৰিচেপচন শেষ হোৱালৈ গোটেইজাক ভাগৰত লেবেজান হৈ পৰিলো। দ'ৰা-কইনা ৰূমলৈ যোৱাৰ পিছত হাত ভৰি ধুই বাহিৰলৈ আহি দেখিলো দাদা-বা হতে ভাগে ভাগে চকীবোৰ জইন কৰি বিচনা সাজি আদ্দা দিয়াত ব্যস্ত। তাতে চকী দুখন লগ কৰি
অম্লানলৈ ফোন কৰিলো।
: "কি কৰিছা"
: "শুই আছো। ৩ টা বাজিল কি কৰি থাকিম ভাবিছিলা।"
: "অ'কে শুৱা।"
ফোনটো কাটি দিলে। মোৰ কথা শেষ হ'বলৈ নাপালেই।
বুকুখন বিষাই গ'ল। আচলতে তাক হুৱাটচ এপত অনলাইন দেখিহে ফোন কৰিছিলো মই।
কি কৰিম কি নকৰিম ভাবি ফেচবুককে খুলিলো। আজিকালি অম্লানৰ অৱহেলাবোৰ অভ্যাস হৈ উঠিছে।
সহি যাওঁ সকলো। তাৰপৰা আঁতৰি থকাৰ কল্পনাত কঁপি যাওঁ মই ভয়ত। কিয়নো সম্পৰ্ক ভাঙি কষ্ট পাওঁ। সিও কোনোদিনে মোক আঁতৰি যাবলৈ দিয়া নাই। সি মোৰ প্ৰয়োজন নে অভ্যাস বুজি নাপাওঁ মই। এইয়াই চাগৈ প্ৰেম। মোৰ জীৱনৰ প্ৰথম প্ৰেম অম্লান।
নটিফিকেচনত চকু ফুৰালো। ৱান নিউ ফ্ৰেণ্ড ৰিকুৱেষ্ট ৫ মিনিট এগ'। ইমান ৰাতি কোনে ফেচবুক খুলি বহি আছে তাকে চালো।
"ৰণবিজয় দত্ত ৱানটচ টু বি ইউৰ ফ্ৰেণ্ড।"
(আগলৈ)
Comments