শিৰোনামঃ " উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস " ණ ৰিকুমণি শইকীয়া
( খণ্ড ৪ )
ৰাতিপুৱা চকু মেলিয়ে মোবাইলটো অন কৰিলো। সদায় এটাই আশা ৰাখো। অম্লানৰ মেচেজ এটা আহিব। সদায়েই মুখ থেকেচা খাওঁ। আজিকালি কেৱল আঘাতটোৰ অনুভৱ কমকৈ হয়। অভ্যাস হৈ গৈছে যে। চলি যাওঁ অভিমানবোৰ শব্দৰ পৰিধিত সামৰি।
ভাবি আচৰিত লাগে এইটো সেইটোৱে অম্লান যি এটা সময়ত মোৰ প্ৰতিটি মূহুৰ্তৰ খবৰ ৰাখিছিল। হিয়াৰ কোঁহে কোঁহে ৰং সানি দিছিল ভালপোৱাৰ। প্ৰেমৰ পৰা সাত হাত আতৰত থকা মইজনীক বাউলী কৰিছিল তাৰ মৰমেৰে। এতিয়া সকলো সপোন যেন লাগে ভাবিলে।
নামি আহিলো বিচনাৰপৰা। দিনটোত বহুত কাম আছে। টোপনীৰ জাল মৰাই নাই ভালকৈ চকুৰ পৰা।
ইতিমধ্যে সকলো নিজৰ কামত লাগিছিলেই। অন্যদিন হোৱা হ'লে দুহিতে মোক জগালেহি হেতেন "পি কিমান শোৱা উঠা" । কিন্তু আজি বেচেৰা টোপনীত লালকাল।
ব্ৰেকফাষ্ট কৰিয়েই খৰখেদাকৈ উলাই স্কুটী উৰাইহে নিলো ক'লেজলৈ। সোনকালে নাপালে দিগদাৰ আছে আজি।
মই গৈ পোৱালৈ শিখা, মেগা, প্ৰিয়া, সপোনহঁত পাইছিলেহিয়ে। আমি invitation আৰু decoration team ত আছো। সেইবাবে সকলো একেলগ হ'লেহে কাম আৰম্ভ হ'ব। বাকী কেইটামান আহি পাবলৈ তেতিয়াও বাকী আছিল।
: "তন্ময়া"
প্ৰিন্সিপাল মেমৰ মাতত ঘুৰি চালো।
: "হয় মেম কওঁকচোন।"
: "তোমালোকৰ team আহিল নে?"
: "অ' মেম প্ৰায় আহিল আৰু।"
: "ভাল।মোৰ ৰূমলৈ আহা তেন্তে কামখিনি কৈ দিওঁ।"
গোটেইজাকক হুৱাটচ এপ গ্ৰুপত মেচেজ দিলো। ৫মিনিটত সব লগ খাই মেমৰ ৰূমত গ'লো।
: "আহিলা। ৰবা।"
মেমে আমাক ৰ'বলৈ দি পেকেট এটা তুলি আনিলে।
: "এইখিনি নিমন্ত্ৰণী পত্ৰ। আমাৰ ক'লেজৰ ওচৰত যিমান অ'ফিচ আৰু অনুষ্ঠানবোৰ আছে সকলোকে মাতিবা। আৰু ল'ৰা কেইটাই পাৰিলে টাউনৰ যিমান পাৰা স্কুল ,অফিচ কভাৰ কৰিবা। হ'বনে।"
: "য়েচ মেম! হৈ যাব।"
: "গ্ৰেট।যদি কিবা হেল্প লাগে মই আছো। i m just a call away."
: "ok ma'am! thank you"
"আৰু শুনা। আমাৰ কাষতে ITI আৰু APDCL আছে যিহেতু তাত invitation দিবলৈ তোমালোক নালাগে মই নিজে যাম। তাৰপৰা chief guest থাকিব।"
APDCL নামটো শুনি চিৰিংকৈ ৰণবিজয়লৈ মনত পৰি গ'ল। thank god তালৈ যে যাব লগা নহ'ল।
: "তন্ময়া!"
: "অ' মেম"
: "কি ভাবি আছা। পাৰিবা নে নাই তোমালোকে।"
: "অ' পাৰিম মেম।"
: "গুদ তেন্তে লাগি যোৱা। মাজত ১০ দিনহে আছে। কামবোৰ শেষ কৰিব লাগে।"
মেমৰ ৰূমৰ পৰা উলাই আমি ভাগ হৈ ল'লো কোন কেনি যাম।
: "APDCL ৰ কোন আহিব ঔ।"
গোটেইজাককে সুধিলো।
: "manager আৰু assistant manager জন বুলে। আৰু iit ৰ director জন।"
মেঘাই ক'লে।
: "সবটো নাহে ন'?"
: "সব মানে?"
গোটেইকেইটা আচৰিত হ'ল।
: "মানে... ষ্টাফ বোৰ।"
: "কি জানো। আহিব পাৰে। কিয় তোৰ কোনোবা আছে নেকি বে?"
সপোনে জোকালেই।
: "পাৰিবা নেকি! এনেই সুধিছো বেং।"
: "আচ্ছা।"
গুৰুত্ব নিদিলে সিহঁতে। কিন্তু বুকুখন ধমহকৈ মাৰিলে মোৰ।
********
চাওঁতে চাওঁতে ১০ দিন চকুৰ আগেদিয়ে পাৰ হৈ গ'ল।
কাইলৈপৰা প্ৰগেম আৰম্ভ। এই ১০ টা দিন কেৱল ক'লেজৰ নামটেই পাৰ কৰিছো। সাময়িকভাৱে হ'লেও অম্লান নামটো পাহৰি আছো। নামটো থিক নহয়। তাৰ অৱহেলাবোৰ পাহৰি আছো। কষ্টবোৰ কমকৈ হৈছে।
ৰাতি ঘ'ৰখন মূৰৰ ওপৰত তুলি ল'লো। ইমান দিন কামহে কৰিলো পিছে কাইলৈ পিন্ধিম বুলি চিলাই অনা কাপোৰযোৰ এবাৰো গাত সোমোৱাই চোৱা নাছিলো। ৰাতিৰ ভিতৰত কাপোৰ ইষ্ট্ৰি কৰি চাদৰৰ প্লেট বনাই পিন্ধি চাই মেলি সাজু হওঁতেই ঘ'ৰ তল-ওপৰ হ'ল। তাৰ মাজতে দুহিতৰ টিপতে কিবা এটা খেলিমেলি কৰি যোৱা কামভাগ আছেই।
প্ৰায় ১১ টামান বজাত ভাত-পানী খাই বিচনাত পৰিলো ৰাতি। ৰাতিপুৱা ৭ টাত ক'লেজ পাবগৈয়ে লাগিব। ব্যস্ততা ভীষণ বাঢ়িব কাইলৈ।
বিচনাত পৰি মোবাইলটো ল'লো হাতত।
অম্লানক হুৱাটচ এপত চেক কৰিলো। অনলাইন আছে।
হুৱাটচ এপত ষ্টেটাচ এটা দিলো।
: "can't wait for tommorrow."
: "বিয়া নেকি?"
অম্লানৰ ৰিপ্লাই আহিল।
: "উম্"
কথা বঢ়োৱাৰ একেবাৰে ইচ্ছা নাই আজি। তাৰ সুৰতে সুৰ মিলাই থলো।
: "কাৰ লগত।"
: " নাজানো। বিচাৰিম।"
হয়তো বুজি পালে সি আজি ১০ দিনৰ মূৰত কিবা এটা ৰিপ্লাই দিয়াৰ বাবে মোৰ খং উঠিছে।
: "কি আছে কাইলৈ।"
: "চিলভাৰ জুবিলীৰ প্ৰ্গেম।"
কৈছিলো তাক।মনত যে নাৰাখে ভালকৈ জানো।
: "আচ্ছা। কি পিন্ধিবা।"
আচৰিত হ'লো। আজি ইমান ভালকৈ কথা পাতিছে যে। বিশ্বাসেই হোৱা নাই মোৰ নিজৰ চকুৰ ওপৰত।
: "চাদৰ-মেখেলা।"
: "কি কালাৰ?"
: "নীলা।"
: "ৱাহ। ফ'টো দিবা।"
: "অ'কে।"
: "ভিডিঅ' ক'ল কৰো?"
ধককৈ মাৰিলে বুকুখন। ভিডিঅ' ক'ল! আজি প্ৰায় ৪মাহ মানৰ মুৰত সি কৈছে এইষাৰ কথা।
: "কিয়?"
: "তোমাক চাবলৈ মন গৈছে।"
অহ্। মোৰ অভিমানবোৰ এনেকৈয়ে এটা শাৰীতে সদায় ধুই নিয়ে সি।
: "কৰোনে দেহা?"
চকু কেইটা মুদি দিলো। মোৰ প্ৰিয় মানুহজনৰ এইখিনি মৰমৰ বাবে আকুল হৈ থাকো মই।
: "কৰা।"
লাইটটো জ্বলাই ল'লো ৰূমৰ।
বহুত সময় চাই থাকিলো তাৰ মুখলৈ। তাৰ বাদে যে উপায়ে নাই তাক দেখা পোৱাৰ।
: "কি কৰিছা?"
: "শুব আহিছো। ৰাতিপুৱা সোনকালে যাম যে? তুমি কি কৰিছা? ভাত খালা?"
: "তোমাক চাই আছো।"
মূৰৰ পৰা ভৰিলৈ কাৰেণ্টৰ চক লগাৰ দৰে লাগিল।
: " কি চাইছা?"
: "দেখা নাইযে ইমান দিন।"
: "উম্! সময়ৰ অভাৱ যে তোমাৰ।"
থুপ খাই থকা অভিমানৰ হঠাতে উজাই আহিল।
হাঁহিলে সি।
ৰূমলৈ কোনোবা সোমাই আহি তাক মাতিলে.
: "তুমি শুৱা।মই ক'ল কৰিম পিছত।"
কাটি দিলে ফোনটো। মোৰ বাদে পৃথিৱীৰ সকলো কাম আগত তাৰ। পিছত ক'ল কৰিম টো যে কেতিয়াও আহি নাপায় ভালকৈ জানো মই। কিন্তু আজি ইমান দিনৰ মূৰত মোৰ প্ৰেমিকজন ঘুৰাই পাই মইযেন আকাশতহে উৰি আছো তেনেকুৱা লাগিল।
খুব ভাল টোপনী গ'ল ৰাতি।
ৰাতিপুৱা উঠিয়েই দৌৰা-দৌৰি আৰম্ভ হৈ গ'ল। কাপোৰ যোৰ পিন্ধিয়েই অম্লানলৈ ফ'টো পথালো।
ৰিপ্লাই দিব বুলি ভবা নাছিলো। কিন্তু মোক আচৰিত কৰি আহিল।
: "ইমান ধুনীয়াকৈ নাযাবা।কোনোবাই লৈ যাব। তেতিয়া মোৰ কি হ'ব। যোৱা এনজয় কৰা।মই অফিচত আছো। বাই জান।"
মেচেজটোৰ স্ক্ৰীণচট ৰাখি থলো। এনেকুৱা মৰম তাৰপৰা পোৱাটো বিৰল। বুজি নাপাওঁ মই তাক কেতিয়াবা। এইখিনি সময় মই পাৰ হৈ যোৱাটো নিবিচাৰো। ৰৈ যাওঁক মোৰ বুকুতে সদায়। আইনাত নিজকে চালো। নতুনকৈ প্ৰেমত পৰা সৰু ছোৱালীজনী হৈ পৰিছো মই। আজি নিজেই নিজক ধুনীয়া দেখিছো। অম্লানৰ চকুৱেদি নিজক বিচাৰি পাইছো। হঠাতে লাজ এজাকে আৱৰি ল'লেহি মোক।
আজি দাদাই থৈ আহিব ক'লেজত। সি উলাই লৈ উৎপাত আৰম্ভ কৰিলেই। শান্তি নাই তাৰ। খুব কম দিনৰ কাৰণে ঘ'ৰলৈ আহে। আৰু ঘ'ৰত থকা কেইদিন গোটেইটো প্ৰেচিদেন্ট হৈ ফুৰে। কামেই কাম তাৰ।
: "তোৰ প্ৰগেম শেষ হ'লে ফোন কৰিবি। আৰু মোলৈ কি খোৱাই লৈ ল'বি। তোৰ খিনি ল'লেও হ'ব।"
মোক ক'লেজত নমাই ৱাৰ্নিং দি থৈ সি উভতি গ'লগৈ। ক'লেজত থৈও জোকাই নোলোৱাকৈ শান্তি নাপায় সি।
আজি পিছে একো নকলো।চকু কাপোৰ সম্ভালি লোৱাত একদম।
গাড়ীত মেখেলাৰ কোঁচ গৈ জাঁৱৰ হ'লগৈ। জাপ মিলাই মিলাই অদিটৰিয়ামলৈ উঠি গ'লো।
: "তন্ময়া! ইমান দেৰি কৰিছা। গেষ্ট আহিব অলপ পিছতে। জলডি আহা।"
প্ৰিন্সিপাল মেমে মোক দেখিয়ে খৰধৰকৈ মাতিলে।
: "তোমালোকৰ টিমটো আহা মোৰ ৰূমলৈ।"
চাদৰ-মেখেলাৰ ভাজৰ চিন্তা মূৰৰ ওপৰেদি গ'ল। খৰধৰকৈ গোটেইজাক ৰূম পালোগৈ।
: "শুনা গেষ্ট আহিলে ৰিচিভিং টিমে তলত আগুৱাই আনিব। কিন্তু তোমালোক যিখিনি নিমন্ত্ৰণ দিবলৈ গৈছিলা ওপৰত থাকিবা। চিনি পোৱা মানুহ পালে ভাল পাব তেওঁলোকে।"
: "হ'ব মেম।" একেলগে ক'লো আমি।
: "then get back to work. decoration ত last চকু ফুৰাই আহা কিবা ৰৈছে নেকি?"
এফালৰ পৰা খুতিয়াই খুতিয়াই আমি ফিনিচিং দি গ'লো। ১০বজাৰ লগে লগে মানুহবোৰ অহা আৰম্ভ হ'ল। ৰাতিপুৱা excitement ত মই একো নোখোৱাকৈ গুছি আহিলো। এতিয়া অলপকৈ ভোক লাগি আহিছিলেই।
কিবা এটা খাবলৈ যাব লওঁতেই চিফ গেষ্ট আহিছে বুলি দৌৰা-দৌৰি লাগিল। ২টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাবহি। তাৰ আগতেই যিখিনি লোকেল চিফ গেষ্ট আছে আহি গোট খাবহি।
নটিফিকেচন পাইয়েই আমি সকলো বুকে, গামোচা লৈ ৰৈ গ'লো।
ITI ৰ director sir আহিছে বুলি আমি চিৰিত ৰৈ থকা গৌতমৰ পৰা নটিফিকেচন পালো। তেওঁলৈ ৰেদি কৰা গিফ্টৰে আমি তেওঁক আদৰিলো। ষ্টেজলৈ বেলেগে লৈ গ'ল। তাৰ পিছত APDCL ৰ manager আৰু assistant manager আহিছে বুলি নটিফিকেচন পালো। তেওঁলোকলৈ ৰেদি কৰা গিফ্টৰে প্ৰথমে মেনেজাৰ চাৰক ৱেলকাম কৰিলে মেঘাই। পিছৰজন AM ক ৱেলকাম কৰিবলৈ লৈ মোৰ মুখ মেল খাই গ'ল।
: "ৰণ !!!"
তাৰমানে AM জন সি !!!!! হে হৰি!!!
(আগলৈ)
Comments