শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৭)

ক্লিং.....
মেচেঞ্জাৰত মেচেজ এটা আহিল ৰণৰ।

: "ভাল পাইছানে? শুই আছা নেকি?"

 লগ পোৱা দিনাই যি মেচেজত কথা পতা। তাৰ পিছত কোনোদিনে আজিলৈকে মেচেজ দি ব্যতিব্যস্ত কৰা নাই মোক।আকৌ আজি মেচেজ দিছে সি। কিন্তু ক'ভাৰ পিকখনত মোৰ গোলাপ পাহ।
 এহ! মই ভুল ভাবি আছো চাগৈ কিবা। ইমান সহায় কৰিলে দিনটোত মোক আজি আৰু মই এতিয়াও ফাল্টু কথা ভাবি আছো।

: "উম্ পাইছো। এতিয়া ভাল। তোমাৰ কাম হ'ল।"

: "উম্ হ'ল দিয়া।"

: ok.....

: "ক'লেজ যাবা?"

: "নাই নাযাওঁ‌।" 

: "নাযাওঁ‌ নে নিদিয়ে?"
সব বুজি পাই মানে সি।

: "both! নিদিয়েও আৰু নাযাওঁ‌ ও।"

: "আইয়ৈ দেহি!"

: "হ'ব হাঁ‌হিব নালাগে।"

: "ক'তনো হাঁ‌হিলো হাঁ‌হিম হে এতিয়া। হাঃ হাঃ হাঃ।"

: "how mean!"

: "হ'ব দিয়া কাইলৈ যাবা। আজি বেছি হৈ গ'লে বাকী ৩দিনৰ মেইন প্ৰগেম মিচ কৰিবাচোন। can you afford that?"

: "নাই নাই। কি কোৱা ! কাইলৈ যাব্বই লাগিব্বই।"

: "অকে যাব্বাই বাৰু। then আজি ৰেষ্ট লব্বই লাগিব ন' !"

: "মোৰ মিমিক্ৰি কৰিছা?"

: "নাইটো একদম। মই ডাঙৰ পোৱালিবোৰৰ মিমিক্ৰি নকৰো।"

: "এ যোৱা। নামাতো তোমাক।" 
খঙ উঠি আহিল মোৰ।

: " বাপৰে! নাকৰ আগতে খং। নকওঁ‌ বাৰু।"

: "গুদ্! ভেৰি গুদ!"

: "হেই!! দাদাৰ মোবাইলত ক'ল কৰিলে ৰিচিভ কৰিবা নেকি? just wanted to hear your voice ।"
ধক!!! উশাহটো আকৌ ৰৈ গ'ল।

: "হা!! পালোটো ভাল। ফোন কিয়?" ফোন তাকো দাদাৰ মোবাইলত। শিয়ৰি উঠিলো মানুহজনী।

: "অ'কে একো নাই। i thought atleast i deserv to know your condition that's it!"

: "নাই নাই। দাদা নাই ঘ'ৰত....মোলৈকে কৰা।"
 উশাহটো বন্ধ হৈ যোৱাযেন লাগিল। ঘপকৈ কি কৈ পেলালো নিজেই পাত্তা নাপালো। মোলৈ কেনেকৈ ফোন কৰিব সি। মেচেজটো দিলিট কৰিবলৈ ইতিমধ্যে সি চালেই।

: "ok. drop me your number."
মোৰ হাৰ্টবিট কিমান ৰেটত চলি আছিল মই নিজেই গম নাপালো।

: "863....18"
কোনোমতে টাইপ কৰি দিলো। পিছ মূহুৰ্ততে মোবাইলত ৰিং হ'ল।

: "হেল্ল'!" 
নাজানো কি অনুভৱ হৈছিল সেই মুহূৰ্তত। যিটো অনুভৱ অম্লানৰ লগত কথা পাতোতেও হোৱা নাছিল। কিবা এটা লাজৰ, ভয়ৰ মিশ্ৰিত অনুভুতি। অথচ দিনত তাক ইমান ওচৰৰ পৰা পাইছো।

: "বেমাৰী হৈয়ে আছাচোন।" 
অলপ সময় ৰৈ সি মাত দিলে । হেৰাই যামযেন তাৰ মাতত। নিদ্ৰাসক্ত পুৰুষ কন্ঠ বুলে নাৰীৰ আন এটি দূৰ্ব্বলতা। সঁ‌চা নে মিছা নাজানো। কিন্তু আজি অনুভৱ হৈছে মিছা নহয়।

: "ক'তা নাইটো।"
লাহেকৈ কৈ থ'লো।

: "মাতটোত লাগিছে আকৌ খাবলৈ নিদিয়া নিচিনা।"
সি জোকালে।

: "কি কোৱা হে নিজেই দুদালকৈ সেই yuck type ORS খুৱাই গৈছা। এবছৰ মানলৈ এনাৰ্জি পাই গ'লো চাগৈ। আহি পেলাই ঘ'ৰত ভাত খোৱাতো আছেই। আৰু খালে এইবাৰ খাই খাইহে বেহুচ হ'ম।" অনৰ্গল বকি গ'লো মোৰ খঙবোৰ উজাৰি।

: "হাঃ হাঃ হাঃ"

: "উৱা হাঁ‌হিছা কিয়?"

: "একদম 440volt অহা নিচিনা স্পীদত কৈছা যে। সেইকাৰণে।"

: "ইস পাৱাৰ হাউচত কাম কৰিলা বুলিয়ে এক্সামপলো কাৰেন্টৰে দিবা নেকি?"

: "অ' ন। বেয়া কথা হ'ল ৰ'বা দেই।"

: "কি হ'ল?"

: "এক্সামপল চেঞ্জ কৰি দিওঁ‌। তোমাৰ লাইনৰ পৰা পিক কৰো।"

: "কি মোৰ লাইন আকৌ।"

: "এজ্যুকেশ্বন লাইন আকৌ। উদ বি টিছাৰ নহয় জানো তুমি। ধৰা পঢ়াত গাধ ল'ৰা এটাই ফেইল কৰিব বুলি ভাবি আছিলা কিন্তু চাৰপ্ৰাইজিঙলি ক্লাছত ফাৰ্ষ্ট হৈ গ'ল। একদম তেনেকৈ ঝাটকা লগাকৈ ক'লা।"

: "কি যে মানে তুমি।"

: "দেখিলা লাইনে সলাই দিলো।"

: "হাঃ হাঃ হাঃ! মানুহ মাৰি দিবা। হাঃ হাঃ!"
মনখুলি হাঁ‌হিলো আজি। বহুত দিনৰ মূৰত।

: "বাৰু! তুমি ৰেষ্টতে থাকা।ৰাতিপুৱালৈ টিপটপ হৈ যাবা। আৰু ফোন কৰিবলৈ দিয়া কাৰণে থেংকচ।"

: "একো নাই। থেংক ইউ এক্সুৱেলী । যিখিনি আজি হেল্প কৰিলা।"

: "উম্! তাৰ ৰিটাৰ্নত থেংকচ দি সাৰিলেই নহ'ব।"

: "তেন্তে!"

: "ক'ম পিছত। till then take care of your health"
ধমহকৈ মাৰিলে বুকুখন। কি বিচাৰিব পাৰে সি।

: "অই গুণ্ডী।"

: "হা" 
মাত দিবলৈ পাহৰি গৈছিলো মই।

: "ভয় নাখাবা পোৱালি। কহিনুৰ আনি দিব নিদো দিয়া। হাঃ হাঃ।"

: "হেই! কি যে কোৱা।"

: "then ৰাখো এতিয়া।"

: "ok. bye"

ফোনটো ৰাখিলে সি। কিয় জানো আজি বহুত দিনৰ মুৰত কাৰোবাৰ লগত মুকলিকৈ কথা পাতি ভাল লাগিল। কিন্তু আকৌ দিলে টেনচন দাল। কি বা বিচাৰে ৰিটাৰ্ণ। 

হুৱাটচ এপ চেক কৰিলো। অম্লানে চালে মেচেজটো। কিন্তু গা বেয়া বুলি কোৱা সত্বেও খবৰ লোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে সি। কিন্তু কিয় জানো আজি ইমান প্ৰভাৱ পৰা নাই মোৰ ওপৰত। এনেকুৱা লাগিছে যেন প্ৰখৰ ৰ'দত মই খোজকাঢ়ি গৈ আছো আৰু হঠাতে মোৰ মূৰৰ ওপৰত এজাক ডাঁ‌ৱৰ আহি ৰৈছেহি ।লগতে এজাক মলয়া বতাহ। মোৰ হিয়া শৰীৰ মন জুৰ পেলাই চাঁ‌ দিবলৈ।

       "কুৰুকি কুৰুকি হিয়ালৈ শিপাইছে মৰমবোৰ।
         আকৌ জোনাক গলিছে পদুলিত।
         ৰজনীন্ধাৰ গালত চুমি
         বতাহে লৈ গ'ল বতৰা কোঁ‌ৱৰৰ দেশলৈ।
        চোতালতে জুমপাতি জিলিয়ে কাণপাতি শুনিছে
           বুকুত প্ৰাণপোৱা উজাগৰি নিশাৰ বাতৰি।"

(আগলৈ)

Comments

Popular posts from this blog

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect