শিৰোনামঃ " উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস " ණ ৰিকুমণি শইকীয়া

( খণ্ড ৩ )


: "তুমি ইয়াত!" সুধিয়ে পেলালো তাক চিধাচিধিকৈ।

: "নালাগিছিল নেকি আহিব।" 
অপ্ৰস্তুত হৈ পৰিলো। তেনেকৈনো সুধিব লাগেনে মই হ'ল বুলি। যিমানেই যি নহ'লেও মোৰ আলহী সি।

: "নহয় মানে অলপ আচৰিত হ'লো actually."

: "কিয় বা?" সি একেই কোনো প্ৰত্যয়ৰে প্ৰশ্ন কৰি গ'ল।

: "ভবা নাছিলো তুমিও আহিবা বুলি।" কি কওঁ ভাবি নাপায় যি আহিছে মুখত তাকে কৈ গ'লো।

: "এতিয়া দেখি ভাল লাগিল নে বেয়া।"

: "বেয়া কিয় লাগিব।" অলপ দোষী ভাৱেৰে ক'লো। কি ভাবিছে চাগৈ সি মোৰ কথা। এনেকৈনো সুধে নে কাৰোবাক।

: "কিমান ভাল লাগিল তেন্তে?" এইবাৰ অলপ দুষ্টালিৰে সুধিলে সি। তাৰ হাঁহিৰ বক্ৰতাত দুষ্টালি স্পষ্ট হৈ পৰিল।

: "হা!!!" 
মোৰ মুখ মেল খাই গ'ল। কি ক'ম এতিয়া।
কি অদ্ভুদ ল'ৰা।ইমান প্ৰশ্ন! আৰু মই উত্তৰো কিয় দি আছো বুজি নাইপোৱা। গোটেইখন চোন খেলিমেলি। এনেও মই বৰ কনফিউজ হৈ যাওঁ‌ অলপতে।

: "আৰে! বৰ আচৰিত ছোৱালী দেই তুমি।" অলপ ডাঙৰকৈয়ে ক'লে সি।

: "কি?? কিয়??" 

: "নিজেই মাতি নিজেই পাহৰিলা।"

: "কি!!!! মই কেতিয়া মাতিলো।" 

থতমত খাই প্ৰায় চিঞৰিয়ে সুধিলো। কি কয় এইটোৱে।
: "আৰে নিজেই মেচেজ দিছিলাচোন। নে টোপনীতে ক'লা?"

মোৰ মাতবোল বন্ধ হৈ চকু কপালত উঠিল। হে প্ৰভু! মই কেনেবাকৈ তাক টোপনীৰ জালতে মাতি দিলো নেকি? কি হ'ব এতিয়া? ঘ'ৰত কি উত্তৰ দিম। শিলপৰা কপৌৰ দৰে ৰৈ থাকিলো।

: "পোহৰলৈ ব'লা।"

একে কাণৰ কাষতে কথাটো শুনি চক খাই পিছুৱাই যাবলৈ লওঁ‌তেই সি আকৌ থাপমাৰি কাষলৈ চপাই নিলে। তাৰ বুকুৰ ধপধপনিলৈকে মই শুনা পালো। গাত মৰা পাৰ্ফিউমৰ গোন্ধ মই ভালকৈয়ে পালো। ফ'গ যেন লাগিল।

: "পিছুৱাই নাযাবা। একে তল পাবাগৈ।"

লাহেকৈ এৰি দিলে সি। পাহৰিয়ে গৈছিলো যে মই ষ্টেপতে ৰৈ আছো। সি নধৰা হ'লে ইমান সময় হস্পিতাললৈ দৌৰা-দৌৰি হৈ থাকিল হেতেন। মূৰটোত তেজ এসোপা থূপ খোৱাযেন লাগিল লাজত। কেতিয়াও কোনো ল'ৰাৰ ইমান ওচৰ চাপি পোৱা নাই, লাগিলে সেয়া অনিচ্ছাকৃতভাৱে পৰিস্থিতিৰ তাগিদাতে হওঁ‌ক। সঁ‌চা কথা ক'বলৈ গ'লে অম্লানকো পোৱা নাই ইমান কাষত কেতিয়াও।

: "থেংক ইউ!" 
কোনোমতে মুখেৰে উলাল কথাষাৰ।

: "ৱেলকাম! পিছে পোহৰলৈ ব'লা আন্ধাৰত বেয়া দেখিব কোনোবা আহিলে।"

হে প্ৰভু! মই ভবাই নাই কথাটো। আৰু তাক মই কেতিয়া মাতিলো মনটো নাই। চকু চলচলীয়া হৈ আহিল মোৰ। সি দিয়া মোবাইলৰ পোহৰত চিৰিয়েদি দৌৰিলো । চিধাই গৈ বৌৰ বেগৰ পৰা মোৰ মোবাইলটো উলিয়াই আনি ৰভাতল পালোহি। কোনো নাই নিজনজাল হৈ আছে। সব ভিতৰত আছে। একেকোবে মেচেঞ্জাৰ খুলি তাৰ লগত হোৱা কনভাৰচেচন খুলিলো। 

: "ক'তা ! মইটো মাতা নাই।"
মুখেৰে উলায়েই গ'ল।

: "হাঃ হাঃ হাঃ। বেচেৰী! হাঃ হাঃ চৰী চৰী। ধেমালি কৰিছিলো। মাই গড! তাম্মাম শুইছিলা মানে তুমি মই কোৱা কথা সঁ‌চা ভাবি ল'লা।"

: "পাৰিব্বা নেকি!"

: "পাৰিলো তো!"

ভীষণ লাজ পালো। চকু কেইটা আকৌ চলচলীয়া হ'ল। এইবাৰো লাজত। এই যি তি কৈ দিয়া অভ্যাসবোৰত সদায় লাজ পাওঁ‌। এনেই লাজ পাই আছো তাতে পাৰিব্বা নেকি বুলিটো ইয়াৰ আগতো উলাব লাগে নে।

: "চৰি তন্ময়া।"
সি গহীন হ'ল মোৰ ৰূপ দেখি।

পোন্দোৱাকৈ চালো তালৈ। কথা হ'ল নেকি ঘপহকৈ তেনেকৈ ক'ব মোক। সি হয় কোন এলেকৰ পেলেক ঔ...

: "চৰি য়াৰ। মই ভবা নাছিলো তুমি চিৰিয়াজ হৈ যাবা বুলি। ভিতৰত মাক পাই আহিছা বুলি ভাবিলো। মই মাক লৈ আহিছো। but ladies party ত কি কৰিম so তোমাৰ দাদাই ওপৰলৈ লগ ধৰিলে। বুজিলা।"

খঙ খিনিত পানী ঢালি দিলে সি। মই আচলতে ভিতৰত তাৰ মাকক সঁ‌চাকৈ দেখা নাপালো। তাৰ মাকক কি! মই মোৰ মা আৰু মামীকোটো দেখা নাই। আচলতে কিচ্চেনলৈ নগলোৱেই মই কৰপৰা দেখিম।

: "কি ভাবি আছা। বেয়া পাই আছা নে আৰু চৰি ক'ম। kneel down কৰাবা নেকি!"

: "হেই! কি যে কোৱা।" 
kneel down! নিশ্চয় এইটো কথা তাক দুহিতেই ক'লে। আৰু কি কি চিক্ৰেট ক'লে মোৰ ভগৱান জানে আৰু। মোৰ সন্মানৰ শ্ৰাদ্ধ হওঁ‌ বুলিয়ে হৈছে মানে আজি।

: "পি ...মই কি পালো চোৱা। তোমাৰ ফেভৰিট।"
 dairy milk silk caramello এটা লৈ দুহিত দৌৰি আহিল।

: "ৱাও! মোৰ ফেব! কোনে দিলে তোক ?পাপাই চাগে।" 

: "ন' এইটো দাদাই। মোক গুদ বয় বুলিও কৈছিল! তুমি সুধি ছোৱা লাগিলে।"

ৰণলৈ দেখুওৱাই ক'লে সি।
: "আচ্ছা। তুমিয়েই মানে। তাক কপ্লিমেন্ট দিয়াজন।"

: "অ' আকৌ। he is such a cutiepie."

: "য়াপ! এদিন লগত থাকি চোৱা গম পাই যাবা।"

: "পি তুমি বেয়া। নামাতো যা।" 
মোক মাৰি থৈ দুহিত গ'লগৈ। ৰাখিব নোৱাৰিলো তাক।

আচলতে বেচেৰাৰ দুষ্টালিৰ লিষ্ট খন ইমানেই দীঘল। কোনাবাই ভাল বুলি ক'লে সি সেইটোকে সবকে শুনাই ফুৰে আৰু আমাৰ মুখত তেনেকৈয়ে উলায়। 

: "কিয় নো ক'লা তেনেকৈ টিকলু টোক।"

: "একো নাই। সি আকৌ আহিব অলপ পিছত। তেনেকুৱাই সি।"

: "তুমি লাকি বহুত।"

: "কিয়নো"

"ইমান কিউট ভতিজা আছে। মোৰযে কোনোৱেই নাই sibling ভতিজা থাকিবলৈ।"

: "অহ্।"

কি কম ভাবি নাপালো তাক।
: "বাৰু যোৱা ভিতৰলৈ তুমি। নহ'লে দুহিতে কপ্লেইন দিবগৈ তোমাৰ।"

: "য়েচ যাওঁ‌।"

আচৰিত লাগিছে ল'ৰাটো। যিখিনি মই ভাবিব লাগে সি ভাবি আছে। দুহিতে যদি গৈ মই তাৰ লগত অকলে কথা পাতি আছো বুলি কয় কথাই বেলেগ ৰূপ ল'ব পাৰে। সেইখিনি লৈকে ভাবিছে সি। মোৰ সন্মানৰ কথা চিন্তা কৰা ল'ৰাতোলৈ মৰম লাগি গ'ল। 

: "অই শুনা।"

ৰৈ গ'লো তাৰ মাতত।
: "text কৰা কাৰণে বেয়া পাইছিলা নেকি?"

কি উত্তৰ দিম তাক। ভালপোৱা নাই বুলিও ক'ব নোৱাৰো। কিন্তু বেয়াওচোন পোৱা নাই এতিয়া।

: "নাহ্ ।"

হাঁ‌হিলো মাত্ৰ।
সিও হাঁ‌হি ওপৰলৈ উঠি গ'ল।
তাত ভাত খাই ঘ'ৰ পোৱালৈ ৰাতি প্ৰায় ১টা বাজিল। থাকিবলৈ জোৰ কৰিছিল মোক। কিন্তু দুহিতে মোক ক'তো এৰি থৈ নাহে। মই থাকিলে সিও থাকিব নহ'লে গোটেইখন ঘ'ৰ তল-ওপৰ কৰি তালফাল লগাব। তাক অকলে চম্ভালিবলৈও সি সৰু। কোন মূহুৰ্তত মাকক বিচাৰি হাল্লা কৰি দিব থিক নাই তাৰ। মোৰো ইচ্ছা নাছিল ৰাতি থকাৰ কাৰণ কাইলৈ ক'লেজ যাবই লাগিব। ৰূপালী জয়ন্তীৰ invitation বোৰ দিবলৈ বহুত ঠাইলৈ যাবলৈ আছে।

বিচনাখনত পৰি মোবাইলটো চালো। নাই অম্লানৰ একোৱেই খবৰ নাই। status ত পাৰ্টিৰ ঢেৰ ফ'টো দি থৈছে। মোম্বাইলৈ গৈছে সি লগৰবোৰৰ লগত। পুণেত কৰ্মৰত সি। মন বেয়া হোৱাৰ অলপমানো লেশ নাই মুখত। সেইবোৰ চাই থকাৰ বাদে মোৰ উপায়ো নাই। হাঁ‌হি উঠে মোৰ। তাৰ লগত কাজিয়া লগা বাবেই মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ জোৰোণৰ দিনা নগ'লো জ্বৰ উঠা বুলি। নোৱাৰিলো চকুপানী মুচি স্ফূৰ্তি কৰিবলৈ। আৰু সেইটো অম্লানেই কেতিয়াও মই কিহত কষ্ট পাওঁ‌ আজিলৈকে নুবুজিলে। খুব প্ৰয়োজন হয় কেতিয়াবা তাৰ অলপ মৰমৰ। মইও বিচাৰো সি মোক বুজক। ইমান অৱহেলাৰ পিছতো কিয় মই সেই ল'ৰাটোৰ কাৰণে বলিয়া বুজি নাপাওঁ‌। অনুসূয়াই থিকেই কয় মইয়ে আচলতে পাগল! নাৰীৰ এইটো ধৰ্মই। নিউটনৰ ল' ৰ দৰে যেতিয়াই কোনোবাই অৱহেলা বেছি কৰে তাৰ প্ৰতি আসক্তিও বেছি হয়। নোটেপেদটো উলিয়াই ল'লো। অবান্তৰ ভাৱবোৰ লিখি নথলে মই শুব নোৱাৰিম আজি।

"এবাৰ জনা হ'লে........!
দূৰ্গম হৃদয়বোৰ কিমানদূৰ গৰকিলে
 ভালপোৱাৰ ঠিকনা পায়!
তোমাৰ ঘাটৰ অনামী বসন্ত বুটলিবলৈ
শাওনৰ বানত উটুৱাই দিলোহেতেন
 কলিজাৰ ঢপঢপনিবোৰ।"
জীৱন নদীৰ ঘাটত বহি
শুনিলোহেতেন উশাহত ভাহি
অহা মৰমৰ ঐনিতম।
সিপাৰে ৰ'লা হয় তুমি!
এইপাৰে মই!"

এই অবান্তৰ চিন্তাবোৰৰ শেষ সীমা নাই মোৰ কাৰণে। মোবাইলটো অফ কৰি শুই থাকিলো।
 
(আগলৈ)

Comments

Popular posts from this blog

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect