শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
( খণ্ড ৫ )
গামোচাখন পিন্ধাবলৈ লৈ মোৰ হাততে ৰৈ গ'ল। নিজকে কিবা চিনেমাৰ চৰিত্ৰ যেন লাগিল। যেন যশ ৰাজ ফিল্মচৰ শ্বুটিংহে চলি আছে। এই সকলোবোৰ ঘটনাযেন স্ক্ৰীপটেদ।
মোৰ বুৰ্বকামী দেখি মেঘাই খুচ মাৰি দিয়াতহে সংজ্ঞা আহিল। কোনোমতে গামোচাখন পিন্ধাই দিলো ৰণক।
কিন্তু তাৰ চকুত মোক দেখি আচৰিত হোৱাৰ একোৱেই আভাস নেদেখিলো। বৰঞ্চ ধুনীয়াকৈ নমস্কাৰ দি হাঁহিলেহে। যেন মোক চিনিয়েই নাপায় বা আগতেই জানিছিল মই থাকিম বুলি।
মোৰ পিছত শিখাই গিফ্টটো দি ষ্টেজলৈ আগুৱাই নিলে। মই তাতে হতভম্ব হৈ ৰৈ থাকিলো। আঁৰ চকুৰে আকৌ চালো কিবা ভুল দেখিছো নেকি বাৰু। নাইটো ৰণেই হয়। APDCL ত কাম কৰে বুলি জানো। কিন্তু AM বুলি জনা নাছিলো। ষ্টেজৰপৰা মোলৈ চাই হাঁহিলে সি। তেতিয়াহে মোৰ সম্বিৎ আহিল যে তেতিয়াৰপৰা বুৰ্বকৰ নিচিনা মই তালৈকে চাই আছো।
: "ঐ, কে'ছ কি বে?"
কেক এপিছ কামোৰি কামোৰি ডিটেকটিভ মেঘাই মোৰ কাষতে ৰৈ সুধিলে। উচপ খাই গ'লো মই।
: "কি কে'ছ?"
: "সৌজনাই আপোনালৈ আৰু আপোনি সৌজনালৈ তধা লাগিলে যে। পেহলি নজৰ মে প্যাৰ নে ৰিস্তা জন্মো কা? "
: " পাৰিব্বা নেকি! অসভ্য চালা।" কেকপিছ থপিয়াই আনি খাই থৈ দিলো।
: "হাৰে! খাই দিলি মোৰ কেক। ক' না কি হৈ আছে?"
তাইক উত্তৰ নিদি চিধাই তল পালোহি। এনেও মিটিং শুনি থকাৰ ধৈৰ্য্য মোৰ নাই। মোৰ পিছে পিছে তাইয়ো চিঞৰি আহি থাকিল।
গোটেই ক'লেজ অব এডুকেচনৰ প্ৰশিক্ষাৰ্থীবোৰ তলত গোট খাই আদ্দা দিয়াত,চেলফি লোৱা, ফটো উঠাত ব্যস্ত।
তাতে আমি লাকি বেটচ্। দ্বিতীয় বৰ্ষত থাকোতেই ক'লেজৰ চিলভাৰ জুবিলী পালো। এতিয়া বিশেষ কাম নাই আমাৰ।
ন-পুৰণি বহুতো প্ৰশিক্ষাৰ্থীৰ সমাগম হৈছে। সকোলোৱে স্মৃতিৰ বাটচৰাত জুমুৰিয়াই আকৌ এবাৰ জুকিয়াই লৈছে এৰি থৈ যোৱা দিনৰ সুগন্ধি।
মূৰটো অলপ ঘুৰোৱা নিচিনা লাগি আছিল মোৰ। বেঞ্চখনতে মূৰটো পেলাই বহিলো।
: "কি হ'ল অ'?"
প্ৰিয়া ব্যতিব্যস্ত হৈ পৰিল মই তেনেকৈ থকা দেখি। বৰ দায়িত্বশীল ছোৱালী তাই। আমাৰ ভাষাত ঘ'ৰধৰা ছোৱালী। সকলো খবৰ ৰাখে।
: "নাই অ'। ৰাতিপুৱা একো নাখালো মাথা ঘুৰাইছে।"
: "অহ। কিয় নাখালি? ৰ' ইয়াতে কিবা কিবি আছে মই আনি আছো।"
: "পেহলা পেহলা প্যাৰ হে লা লা লা.......পেহলী পেহলী বাৰ হে লা লা লা........"
মেঘাই মোক জোকাবলৈ গাই গাই চাদৰখন জোকাৰি ঘুৰি ফুৰিল। মই মাত্ৰ শুই শুইয়ে তাইলৈ পোন্দোৱাকৈ চাই থাকিলো।
: "হু ল'। খাই ল' ।"
প্ৰিয়াই কেক এপিছ, সিজোৱা কণী এটা,কালাকান এটা আৰু কল্ড দ্ৰিংক এগিলাচ দিলেহি।
: "দে দে ......মোৰ কেক দে।"
তাইৰ কেকপিছ খোৱাৰ কাৰণে মোৰ পিছ থপিয়াই নিলে মেঘাই।
: "পেহলী পেহলী বাৰ হে........"
আকৌ গান আৰম্ভ কৰিলে তাই।
: "এই এইজনী লাথ মাৰি দিম তোক।" গতা মাৰি দিলো তাইক।
: "কি হ'ল অ' তহতৰ?"
প্ৰিয়াই সুধিলে।
: "অই তোক মাতিছে প্ৰিন্সু মেমে ওপৰলৈ।"
মই কিবা কোৱাৰ আগতেই সপোনে আহি কৈ গ'লহি।
খাবলৈ লৈ আকৌ ৰৈ গ'লো। কি বা প্ৰয়োজন হ'ল উধাতু খাই দৌৰিলো ওপৰলৈ। মেখেলা কোচাই দিয়া দৌৰ দেখি লগৰ কেইটাই দাংকাতি বাই বুলি জোকোৱা আৰম্ভ কৰিয়েই দিলে। ওচৰতে সজাই থোৱা ফুলৰ পৰা গোলাপ এপাহ উঘালি লৈ দলিয়াবলৈ ধৰোতেই সিঁহত শিলগুটি লৈছো বুলি ভাবি পলাল।
ওপৰ পাই মে'মক বিচাৰিব লগীয়া হ'ল গোটেই জনসমুদ্ৰ হৈ আছে অডিটৰিয়ামত। তাতে গৈ মই মেখেলা কোচায়েই আৱিৰ্ভাৱ হলোগৈ।
পিছফালৰ মিটিং নুশুনি চালে বেৰে কোবাই থকা মানুহবোৰৰ গছৰ পাত এটা সৰিলেও তন্ন তন্নকৈ চোৱাতো অভ্যাস। তাতে গৈ মই সো-শৰীৰে মানুহেই আৱিৰ্ভাব হ'লোগৈ। গোটেই পিছফালৰ মানুহখিনিয়ে মোলৈ বেলেগ গ্ৰহৰ প্ৰাণী চোৱাদি চালে। অলপ আঁৰ হৈ মেখেলাখন নমাই আৰু কিবা বিসংগতি আছে নেকি চালো।
: "হাই!"
: "হাই!"
মূৰ নোতোলাকৈয়ে উত্তৰ দিলো।
: "টয়লেট কোনফালে নো?"
টিঙিচকৈ খং উঠিলেই।
: "ইমান দিনে ক'লেজত থাকি চিনি নোপোৱা নে?"
আৰু কিবা ক'বলৈ ওপৰলৈ মূৰ তুলি ৰৈ গ'লো। সেইটো মোৰ সন্মুখত ৰণ।মই লগৰ ট্ৰেইনি ভাবি আছিলো।
: "তুমি!!! মানে আপুনি!"
: "বাহ্! গেষ্টক ইমান দ'ম দিয়া নে?"
ভীষণ লাজ পালো। কি অভদ্ৰ বুলি ভাবিছে চাগৈ।
: "চৰি! মই লগৰ বুলি ভাবিলো।"
: "পৰিব্বা নেকি!"
: "হা!!!!!"
: "একো নাই। তোমাৰ ডায়ল'গটো দিলো। তুমি যে কৈ থাকা পাৰিব্বা নেকি!" তাৰ মুখত আকৌ সেই দুষ্টালি ভৰা বক্ৰ হাঁহিটো।
মাটি ফুটি সোমাই যাম যেন লাগিল। এইটোও মনত ৰাখিছে। মাত্ৰ এবাৰ কৈছিলো তাৰ আগত। খঙো উঠিল। একো নকলো। উপায়ো নাই ক'বলৈ। আকাশ পাতাল ভাবি ৰৈ থাকিলো।
: "এতিয়াও ভাবিব পাৰা।"
: "কি ভাবিম?"
: "লগৰ বুলি আকৌ!"
: "তন্ময়া....." মেম উলাই আহিল ঘপহকৈ।
: "য়েচ মেম!!"
ইস ৰাম। মেমে যদি কথা শুনিলে কি ভাবিব বাৰু।
: "চাৰক লৈ যোৱাচোন ক'লেজ কেম্পাছটো চাই বুলে। পাৰিবানে?"।
: "অ' মেম পাৰিম।"
কি বুলিনো কম। গোটেই ২০০ ট্ৰেইনীৰ মাজত মোকে পাব লাগে নে।
ৰণলৈ বেকাকৈ চালো হাঁহি আছে।
: "বলক চাৰ!" তাক জোকাবলৈকে ক'লো। সি চৰচৰনি খাই গ'ল।
: "হ'ব মেম। ইমান সন্মান নালাগে দেই।"
: "ব'লক তেন্তে!"
: "ৱাহ! আজি আপুনি হৈ গ'ল যে।"
: "সেইদিনা জনা নাছিলো যে।"
: "কি বুলি"
: "আপুনি AM বুলি।"
: "নজনা হ'লে"
: "নামাতিলো হয়"
: "আচ্ছা বুজিলো মে'ম। মানুহৰ পজিচন চাইহে সন্মান দিয়া মানে ন।"
চিঃ কটা। মই কি বকি আছো নিজেও বুজি পোৱা নাই। কি কওঁ এতিয়া। মই ক'ব বিচাৰিলো কি আৰু হ'লগৈ কি!
: "বাৰু ৰঙা গোলাপ পাহ মোলৈ নেকি?"
: "হা?? ক'ত!"
হাতলৈ চাইহে চিধাই পিছফালে লুকুৱালো।
: "নহয় ভুলতে মানে ...গুছি আহিল মানে"
লাহেকৈ ষ্টেপতে পেলাই দিলো।
অথনি ল'ৰাকেইটালৈ দলিয়াবলৈ উঘলা গোলাপপাহ হাততে থাকিল মোৰ। হে হৰি! ইয়াৰ আগত মোৰ ইজ্জত সদায় কিয় শেষ হয়।
: "ফুল তেনেকৈ পেলাব নাপায় দেই। তাতে ফুলৰ ৰাণী। ভগৱানে কাঁইট বনাই দিব নহ'লে অহা জনমত।"
সি কৈ কৈ উঠাই ল'লে।
: "অ... পৰি গ'ল।"
কি কম, কি কৰিম ভাবি আৰু লাজ পোৱাতকৈ চুপচাপ ৰৈ থকাই ভাল বুলি ৰৈয়েই থাকিলো। কাঁইট বনাই দিব! চিৰিয়াজলি! মোৰ কেছুৱামিবোৰো লক্ষ্য কৰিছে মানে মহাশয়ে।
: "হাঃ হাঃ মিচ কনফিউজ। ব'লা।"
: "বলক!"
: " টিকলী যদিও তুমি বুলিয়ে ক'বা মোক। পাৰ্মিচন দিছো।"
: "কোনটো এংগলৰ পৰা মই টিকলী নো।"
খঙ উঠি যায় কোনোবাই তেনেকৈ ক'লে মোক। এনেও খং উঠিয়ে আছিল।
: "অহ! নহয় নেকি? হ'ব দিয়া ডাঙৰ টিকলী তুমি।"
: "হুৱাট??" তাতে ৰৈ গ'লো মই।
: "বলা বলা। গেষ্টক ৰাস্তাতে ৰাখি থৈছা। বেয়া কথা।" সি পিছে এক মূহূৰ্ত লৈও ৰোৱা নাই। এই গোটেই ঘটনাবোৰ যেন নিত্যনৈমিত্তিক তাৰ এনে ভাৱতে গৈ থাকিল। এনেও মামীয়ে আগতে কৈছিল মোক সি বহুত চোকা আৰু স্মাৰ্ট বুলি।
হ'ব বদলা পিছত ল'ম এইবোৰৰ। মনতে ভাবি পিছে পিছে গৈ থাকিলো। সি আগে আগে মই পিছে পিছে চাদৰৰ আঁচল পকাই গৈ থাকিলো।
: "কোনে কাক ক'লেজ দেখাব বাই দি ৱে?"
: "মানে?? মোৰ ক'লেজ মই তোমাক দেখাম আকৌ।"
: "তেন্তে আগত যোৱা আকৌ। মই কেনেকৈ চিনি পাম কোনফালে যায় ন' । এনেও ছোৱালী ল'ৰাৰ পিছত নহয় আগত থাকিব লাগে সকলো ক্ষেত্ৰতে।"
হয়তো। মইহে পিছা কৰি আছো। তাৰ কথাখিনি শুনি মনটো ভাল লাগি গ'ল।
প্ৰথমে আমি বহি থকা ৰূমটোলৈ লৈ গ'লো। তাক লৈ যোৱা দেখি গোটেই জাকৰ হুৱাদুৱা লাগিল গেষ্ট নামি অহা বুলি ।
: "ৰিলেক্স! ৰিলেক্স! মই এনেই চিনাকি হ'বলৈ আহিছো টেনচন নল'বা। মিটিংত বহি ককাল বিষাই গৈছে অ'।"
গোটেইজাক শান্ত হ'ল । মেঘা ,প্ৰিয়া ,সপোনহঁতে দুষ্টালি চাৱনি এটা মোলৈ দি থাকিল । মোৰ বুজিবলৈ বাকী নাথাকিল মেঘাইযে ৰামায়ণ খন গালে।
ৰণ কথা পতাত ব্যস্ত থাকোতে মই সিহঁতক সকলো খুলি ভাঙি কলো। মেমে যে কেম্পাছ দেখুওৱাব দিছে তাকো ক'লো।
: "তন্ময়া , বলা যাওঁ নেকি?"
থেংক গড ! মোক যে মৌ বুলি নামাতিলে।
মেঘাহঁতক লগ ধৰিছিলো যদিও এটাও নোলাল লগত। ৰণক লৈ কেম্পাছত সোমাওতেই পিছফালৰপৰা মেঘাহঁতে চিঞৰাত লাগিল,
: "দো দিল, মিল ৰহে হে,মগৰ চুপকে চুপকে"
ৰণৰ বুজিবলৈ বাকী নাথাকিল কথাগৈ ক'ত পালেগৈ। মই মাত্ৰ চকু পোন্দোৱাকৈ চাই পাৰ হৈ গ'লো।
: "ধুনীয়া কেম্পাছটো।"
: "উম। থেংক ইউ।"
: "শিলিখা গছজোপা বহু পুৰণি চাগৈ।বহুত ডাঙৰ হ'ল।"
: "উম !শুনামতে ক'লেজৰ জন্মলগ্নৰে।"
: "ইমান শান্ত পৰিবেশ ন' ইয়াত। সৌফালে চোৱা মানুহৰ সমাগম আৰু এইফালে কি শান্ত। ইয়াত বিষন্নতা থাকিবই নোৱাৰে।"
: "এইখিনি ঠাই সকলোৰে প্ৰিয়। আমি ইয়াতেই বহি থাকো।"
নতুনকৈ চালো ঠাইখিনি। ইমান ধুনীয়াকৈ চাইছে ক'লেজখন। বুজি পালো যান্ত্ৰিক নহয় তাৰ মনটো।
অম্লানলৈ মনত পৰি হাঁহি উঠিল। এবাৰ তাক উৰি যোৱা চৰাই এযোৰ দেখুওৱাই কৈছিলো,
: "ইহঁত সুখী নে দুখী বাৰু? আকাশত উৰিবলৈ মুক্ত বিহংগ কিন্তু প্ৰতি মূহুৰ্তত প্ৰাণৰ সংশয়।"
: "hello miss tanmaya. please keep aside your poetry session here.. please. চৰাই গধুলি হৈছে ঘ'ৰ যাব। there's nothing intense for you to get involved."
তাৰ প্ৰত্যুত্তৰ আছিল সেইটো। হয়তো সেইদিনাই প্ৰথম আৰু শেষবাৰৰ বাবে মোৰ প্ৰকৃত সত্ত্বা দেখিছিল সি। দেখা নাছিল থিক। আওকান কৰিছিল। শিকি লৈছিলো পিছত তাৰ পছন্দ মতে অভিনয় কৰিবলৈ যান্ত্ৰিকতাৰ।
: "কি হ'ল ঐ। মাতবোল নাই যে কি ভাবিছা?"
: "হা! নাই নাই একো নাই। নিঃশব্দ যে ঠাইকণ ভাল লাগে"
কোনোমতে ক'লো। দুচকু সেমেকিছিল বোধহয় মোৰ।
.....
"নিশব্দতাৰো আছে অনামী কোলাহল
এচাহি আশাৰ।
এচাহি বিষন্নতাৰ।"
........
: "তুমিও কবিতা লিখা?"
আচৰিত হৈছিলো তাত মুখত পংক্তি শুনি।
: "তুমিও মানে? তুমিও লিখা?" এইবাৰ মোৰ চকুলৈ চাই সুধিলে সি।
: "নাই এনেই আৰু কবিতা নহয়।" কি যে কৈ পেলালো মই ঘপহকৈ নহয়।
: "মইও এনেই। যন্ত্ৰ-পাতিৰ মানুহ। কি কবিতা লিখিবা। মানুহেটো আমাক মেচিন বুলিয়ে ভাবে। কেতিয়াবা পৰিবেশ ,কেতিয়াবা দুচকুৰ ভাষা পঢ়িবলৈ চেষ্টা কৰো কবিতাৰে।"
: "মানে?"
: "মানে একো নাই। বাৰু তুমি কি উত্তৰ দিবা মোৰ পংক্তিৰ?"
: "উত্তৰ? কি উত্তৰ দিম আকৌ?"
: "দিয়া আকৌ। যি ভাৱ আহে মনলৈ কৈ যাব লাগে নহ'লে লিখি যাব লাগে।"
সি গছবোৰ চোৱাত ব্যস্ত হৈ কৈ গ'ল। তাৰ মনত শুই থক এটা সত্ত্বাযেন সাৰ পাই উঠিছে প্ৰকৃতিৰ মাজত। দুচকুৰ মাজেদি যেন লুকুৱাই থোৱা যন্ত্ৰণা কিছুমান সাৰ পাই উঠিছে তেনে লাগিল।
.........
"যন্ত্ৰণাৰো আছে নিজস্ব ভাষাৰ আৱেশ
এচাহি সুৰৰ
এচাহি কবিতাৰ।"
............
: "হা?" আচৰিত হৈ গ'ল সি।
: "উত্তৰ! তোমাৰ পংক্তিৰ।"
: "ৱাও! মিলাই দিলাচোন। ধুনীয়া বহুত।"
: "তোমাৰ ফাকিও ধুনীয়া। থেংক ইউ।"
: "মানুহবোৰো।"
: "হা!!! "
তালৈ চালো কি ক'লে। সি মুগ্ধ হৈ চাই আছিল মোৰ মুখলৈ।
: "মানে সব মানুহ। ক'লেজৰ। ধুনীয়া। মানে ভাল।"
: "অ' অ'! থেংক ইউ।" অপ্ৰস্তুত হ'লো অলপ। মোৰ গাটোও বেয়া লাগি আহিছিল।
: "let's go. otherwise your friends will tease you again."
লাজতে তলমুৰ কৰিলো। সি ভালকৈয়ে বুজি পালে মানে কি হৈ আছে।
: "বলা।"
সি আকৌ ক'লে।
তাক কিবা কোৱাৰ আগতেই তললৈ চোৱাৰ কৰা কাৰণে মই মূৰ ঘুৰাই পৰি গ'লো। সি থাপমাৰি ধৰা মনত আছে বাকী নাই। পিছত চকু মেলোতে একে বেঞ্চ এখনত মেঘাৰ কোলাত শুই আছিলো। চাৰিওফালে চিন্তাক্লিষ্ট লগৰবোৰ। মোৰ এখন হাত ৰণৰ হাতৰ মাজত।
ৰাতিপুৱাৰপৰা একো নোখোৱাকৈ থকা কাৰণে মূৰ ঘুৰাই গৈছিল।
: "are you ok?"
মই চকু মেলা দেখিয়েই ৰণে সুধিলে।
মূৰটো দুপিয়ালো। বহিব খুজিলো। মেঘাই গাত আউজাই ল'লে মোক। বেচেৰী যিমান কাজিয়া লাগিলেও বৰ মৰমৰ তাই। সকলোৱে টম এণ্ড জেৰী বুলিয়ে কয় আমাক। ক্ষণে তুষ্ট,ক্ষণে ৰুষ্ট।
: "মেমহঁতক কওঁ নেকি?"
প্ৰিয়াই ক'লে।
মই না ক'ব লওঁতেই ৰণে ক'লে,
: "নক'বা ৰবা। সকলো বিজি আছে। তাই খাই দি অলপ ৰেষ্ট ল'লে আৰাম পাব নিশ্চয়। তাৰ পিছত দেখা যাব।"
অলপ পিছতে সপোন সোমাই আহিল হাতত ORS আৰু energy drink দুটামান লৈ।
: "থেংক ইউ!"
ৰণে ল'লে।
মই আচৰিত হৈ গ'লো দেখি।
: "তন্ময়া। এই কেইটা ফিনিচ কৰা তুমি। আৰু অথনি কিবা খাবলৈ লৈছিলা বুলে সেয়াও খোৱা।"
: "নাখাওঁ! মই ভাল পালোটো।"
ORS দেখিলেই মোৰ গাটো বেয়াই লাগি যায়। মেঘা, শিখাই মুখ টিপি হাঁহি থাকিল। সিহঁতে ভালকৈ জানে ORS মই কিমান বেয়া পাওঁ।
: "তোমাক সুধা নাই তন্ময়া। মই কৈছোহে। খোৱা।"
অলপ অৰ্দাৰ দিয়াৰ সুৰেৰেই ক'লে সি। যেন এক অধিকাৰ আছে মোৰ ওপৰত।
তাৰ হঠাতে সলনি হোৱা মাতৰ ৰূপ দেখি কোটকোটকৈ পি থলো। এইটো দম ঘ'ৰত দিয়া হ'লে কান্দিয়েই দিলো হয় চাগৈ। খঙ উঠিল বহুত। মোক কিয় গালি দিব সি! এনেই বেমাৰী মই।
বাকী কেইটালৈ চালো। জোপোকা মাৰি আছে।যেন ৰণ ডাক্তৰ আৰু মোক বেমাৰী লৈ আহিছে তাৰ ওচৰলৈ।
: "anyways I need to get back to the meeting! তুমি ইয়াতে শুই দিয়া অলপ।"
মেঘাহঁতলৈ চাই ক'লে,
: "তোমালোকক গতালো দেই ফ্ৰেণ্ডক।"
: "হ'ব চাৰ। আপুনি আহক !"
সপোনে লৈ গ'ল।
মোৰ ধৰি থকা হাতখন এৰি সি আলফুলে গাত দি থৈ গ'ল। মই পাহৰিয়ে গৈছিলো মোৰ হাতখন যে তাৰ হাতত আছিল। ইমান নিৰাপত্তা থাকিব পাৰেনে কাৰোবাৰ হাতৰ মুঠিত! যেন সি ৰণ নহয় মোৰ দেউতাহে।
: "take care" লাহেকৈ কৈ গ'ল।
(আগলৈ)
Comments