" অভিমানী প্ৰহৰ"

ফাগুন তোৰ ঠেহ লগা মৰমবোৰ 
বৰষুণ হৈ নিসিচিবি।
তোৰ টোপালৰ ভৰ লবলৈ লথঙা মনৰ
পাতবোৰ যে সৰিবৰে হ'ল।
অভিমানবোৰ সাঁ‌চি ৰাখ ।
মেলি দিবি এদিন চ'তৰ ফেহুজালি পোৱাত
তোৰ নুফুলা হেঁপাহৰ কঠিয়া।
তোৰ অভিমানবোৰ ভোলাবলৈ 
বসন্তযে বহুদুৰ।
জেঠে চিৰালফাট দিলে কলিজাৰ কোঁ‌হবোৰত
তই বাৰিষা হৈ সৰিবি।
তই মলয়া হৈ কোবাই যাবিচোন যাযাবৰী মনবোৰ।
তই নাথাকিলেও তোৰ পৰশবোৰ চুই চাম।
জেঠৰ তাপতো তোক বিচাৰি পাম।
ভাঙিম সেইদিনা অভিমানবোৰ
দুয়ো কামেংৰ পাৰত বহি।

-ৰিকুমণি শইকীয়া

Comments

Popular posts from this blog

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া