শিৰোনাম "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৯)



পূৱে ফেহুঁ‌জালি দিওঁ‌তেই চকু মেল খালে আজি। অন্যদিনা চকুত পোহৰ পৰিলে মায়ে কোৱা নিচিনা ঘড়ীৰ নিচিনা ঘুৰি ঘুৰি আকৌ আগৰ ঠাইত শুই থাকোগৈ। পোহৰেও মোক খেদি খেদি উঠাব নোৱাৰি সিপাৰ হয়গৈ। পিছে আজি একেজাপে উঠিলো।  ৰাতিটোও কিমান বাৰ সাৰ পাইছিলো হিচাপ নাই। ফুৰিবলৈ যোৱাৰ উত্তেজনাতকৈ আন এটা কথা হে হ'ল।
আবেলি ওলাই যাম বুলি ৰণক কথা দিলো হয়। পিছে মাক কোৱাই নহ'ল। মিছা কথা কৈ উলাই যাবলৈ মনে নকয়। উঠি গ'লো মাক বিচাৰি। পাকঘ'ৰত আছিল। মোক দেখি আচৰিত হ'ল।

: "কৰবালৈ যাবি নেকি?"

: "হা!! কিয়?"

: "এতিয়াই উঠিলি।"

: "নাই। মানে যাম । আবেলি।"

: "অ' ।"
মায়ে একো নকৈ ওলাই গ'ল। কলৈ যাবি সুধা হ'লে মোৰো লেঠাটো মৰে। চেঃ! এনেই প্ৰাক্তন শিক্ষয়িত্ৰী সেইকাৰণে খং উঠিলে এবাৰতে ১০বছৰ আগত কি কৰিছিলো তাৰপৰা প্ৰসংগ-সংগতি দেখুওৱাই গালি দিয়া আৰম্ভ কৰে। পাপাই কয় মাৰক কিবা কোৱাতকৈ নিউজতে দিবি। ননষ্টপ বকিয়েই থাকে। এ যাহ! ফ্ৰেচ হৈ আহি নিজেই কম।
মুখ-হাত ধুই আহি চাওঁতে মা আকৌ পাকঘ'ৰত। কৰবাৰ পৰা ঢেঁকীয়া আনি বাচি আছিল। ঢেঁকীয়া দেখি মোৰ চকু ডাঙৰ হৈ গ'ল। মৰম লাগি গ'ল মাজনীলৈ। কেনেকৈযে নিজৰ কৰ্মজীৱন আৰু ঘ'ৰখনৰ মাজত সু্-সংহতি বৰ্তাই ৰাখি ৰাতিপুৱাৰপৰা ৰাতিলৈ নিজক পাহৰি সকলোৰে ভাললগা-বেয়ালগাবোৰৰ হিচাপ ৰাখি টাকুৰী ঘুৰাদি ঘুৰি থাকে আচৰিত লাগে।

: "বাও। ক'ত পালা?" 
ঢেঁকীয়া খিনি চুই চাই সুধিলো।

: "বৰষুণ পৰিছে যে কাষৰ ফিল্ড খনত গজিছে। কচুও হৈছে।তই ভালপাৱ কাৰণে বুটলি আনিলো।"

: "কঁ‌চু,বিলাহী দি বনাবা। টেষ্টি।" জিভা টকালি ৰৈ থাকিলো।

: "উম। বনাম।"

: "অ' মা। আবেলি উলাই যাম।"

: "ক'লৈ যাৱ।"

: "ৰণক লগ কৰিম।"

: "ৰণক??? কিয়??"
কি কম ভাবি নাপালো। সঁ‌চা কোৱাই ভাল।

: "এনেই লগ কৰিব মাতিছে। ইমান হেল্প কৰে মোক। লগ কৰিম নে?"

: "...." 
ঢেঁকীয়াৰ মাজত অহা বিহলঙনী বচাতেই মগ্ন হৈ আছিল।

: "মা??"

: "হা! অ' যাবি। যা এতিয়া মই কাম কৰি আছো দিগদাৰ নকৰ।"
থৰ লাগি চাই থাকিলো। একোৱেই নক'লে যে। ইমান ইজিলী যাবলৈ ক'লে। মই লাহেকৈ উলাই আহিলো।

মোবাইলটো চাৰ্জত লগাই নে'ট অন কৰিলো।
: "গুডমৰ্ণিং!"
ৰণৰ মেচেজ।

: "মৰ্ণিং!"

: "ইভিনিং ৰেদি থাকিবা দেই। মোৰ কাম অলপ আছে এতিয়া শেষ কৰি লওঁ‌।"

: "অ' হ'ব।"
বেচেৰা দেওবাৰেও আজৰি নাই।

মনটো উগুল-থুগুল লাগি থাকিল। আইনাত মুখখন চালো। কিবা এটা কৰিব লাগিছিল । ড্ৰয়াৰটো খুলি স্ক্ৰাবটো উলিয়াই স্ক্ৰাব কৰিলো। তাৰ পিছত ফেচ পেক এটা লগাই বহি থাকিলো।
ফেচপেক লগাই থাকোতেই মেঘাই ভিডিঅ' ক'ল কৰিলে।

: "অয়ে হয়ে জানেমন! ইমান প্ৰিপ যে?"

: "কি কৰিলো নো?"

: "হ'ব হ'ব। ভাল লাগিছে উন্নতি দেখি। শুন দ্ৰেচ কৰি ইভিনিং পিক দিবি দেই!"

: "কিয়? ক'ত যাৱ তই।"

: "ৱাহ। নিজে দেটত যাবি আৰু মই নাযাম মানে।"

: "অহ্ হ! ৰক্তিম আহিছে বুলি গমে পোৱা নাই। ক'ত যাবি?"

: "তেজপুৰ। কন'কা ভিলেজ। তাৰ বা-ভিন্দও আহিছে চ'।"

: "বাৰু যা। পিক দিবি।"

: "হ'ব দে! আৰু তই আপদেট দি থাকিবি।"

: "উম্! বাই।"

গা ধুই ভাত-পানী খাই আজৰি হোৱালে ৩টাই বাজিল। অলপ ৰেষ্ট লৈ ৰেদি হ'লো। ৰেদি হ'বলৈ লোৱাৰপৰা বুকুখন কিবা ধমহ ধমহ কৈ বাজি আছে। মেঘাই কোৱা নিচিনাকৈয়ে সেউজীয়া কুৰ্টাটোৰ লগত মিলাই ব্লেক লেগিংছ আৰু ব্লেকত গোল্ডেন কামকৰা দোপাত্তাখন ললো। চুলিখিনি মেলি ল'লো। 
কাজলসনা চকু প্ৰিয় তাৰ। চকুত কাজল লগাই বিন্দি এটা ল'লো। দীঘল ঝুমকা এজোৰো পিন্ধিলো। বাৰে বাৰে নিজকে চাইছো । একো যেন ৰৈ নাযায় বাকী। শেষত ওঁ‌ঠত মোৰ প্ৰিয় ৰেদ মেট লিপষ্টিক ডাল দি বুলাই শেষবাৰ চালো নিজকে। ৫টা বাজিবৰ হৈছিল। বুকুৰ ঢপঢপনিটো বাঢ়িয়েই গৈ আছিল।

মোবাইলটো ৰিং হ'ল।
ৰণ কলিং.......
উত্তেজনাত চকু মুদি দিলো। নিজকে সম্ভালি ফোনটো ৰিচিভ কৰিলো।

: "হ'লনে মৌ?"

: "উম হ'ল।"

: "আহা ওলাই মই বাহিৰত আছো।"

ঘ'ৰৰপৰা ওলাই ৰাস্তাত দেখিলো তাৰ গাড়ীখন ৰৈ আছে। গাড়ীখনৰ ওচৰ পোৱালৈ যোৱা প্ৰতিটো খোজৰ হিচাপ মোৰ মনত ৰৈ গ'ল।
দৰ্জাখন খুলি দিলে মই ওচৰ পাওঁ‌তে।

: "বহা।"

তালৈ চাই মাথো হাঁ‌হিলো। একো নোকোৱাকৈ গৈ থাকিল সি। মৃদু স্বৰত মিউজিক প্লে হৈ আছিল।

              "বেখয়ালি মে ভী তেৰা হি খয়াল আয়ে..."

: "কত যাবলৈ মাতিছিলা কোৱা এতিয়া?" 
ঘপহকৈ ক'লে সি।

: "কি? মোক সুধিছা যে? তুমিহে জানা?" 
আচৰিত হৈ গ'লো মই।

: "হাঃ হাঃ।"

: "কি হ'ল?"

: "মাতটোযে ওলাল যে। মই বোলো সেইটো ঘ'ৰতে থাকিল নেকি"

লাজ পাই গ'লো। তালৈ চালো। ধুনীয়া লাগিছে তাক। মানে হেণ্ডচাম। ল'ৰাক বুলে ধুনীয়া বুলি নকয়। মেঘাই সদায় কাজিয়া কৰে মোৰ লগত। ধুনীয়া বুলি ক'লে হেনো ছোৱালী যেন লাগে। সি ম'ছ গ্ৰীণ কালাৰ চাৰ্ট এটা পিন্ধিছে হাত ফল্ডেদ কৰি। হাতত ঘড়ীটো। 
লগত ব্লু জিনচ এটা। ভৰিত স্নিকাৰ এযোৰ। চুলিখিনি আজি সাৱধানে জেল লগাই চেট কৰি আনিছে। ডাড়িখিনি অলপ মিলাই ট্ৰিম কৰিলে। ভাল লাগিছে সঁ‌চাই।

: "হ'লনে?"
উচপ খাই উঠিলো।

: "কি হ'ল?"

: "মোক চাই!"
 দুষ্ট চাৱনি এটা দি সুধিলে।

: "কি???" 
লাজতে গাড়ীতেযেন তলি ফুটি সোমাই যাম। মই মানে চাই আছো বুলিও গম পালে।

: "হাঃ হাঃ! হ'ব দিয়া ধেমালি কৰিছো।"

: "তুমিও যে!"

: "by the way! someone's looking beautiful."
আকৌ লাজ একোৰা উজাই আহিল। কেতিয়া চালেনো সি মোক গমেই নাপালো।

: "থেংকচ।"

: "ক'ত যাওঁ কোৱাচোন। অন এ চিৰিয়াজ নোট। ঘুৰ্মুটিয়াই ফুৰিম নহলে।"

: "তুমি যলৈ নিয়া!"

: "সঁ‌চা??"

: "অ' আকৌ?"

: "পস্তাবা কিন্তু!"

: "কিয়?"

: "তেনেকৈ ক'লে যলৈ নিম উভতিব নোৱাৰিবা।"

: "কি???কলৈ নিবানো"
 কি কথা কৈ থাকে ল'ৰাটোৱে। তালৈ চাই থাকিলো।

: "মোৰ ঘ'ৰলৈ। একেবাৰে।" 
এইবাৰ চিধাই মোৰ চকুলৈ চাই ক'লে সি।

: "হেই!" 
সি নেদেখাকৈ খিড়ীকীৰে বাহিৰলৈ চাই চকু কেইটা মুদি দিলো।

: "অ' আকৌ ছোৱালী নাই ন'। মায়ে কিমান ভাল পাব।"

: "হ'ব এতিয়া ক'ত যাবা ভাবা!"

: "উহো। একেবাৰে য'ত নামিব কওঁ‌ নামিবা আৰু।"
গাড়ী গৈ একে চিধাই অকিনাৱা বটানিকেল গাৰ্ডেন এণ্ড ৱাটাৰ পাৰ্কত ৰ'লগৈ।

: "নামা এতিয়া।"

: "অকিনাৱা আহিম বুলি কোৱা হ'লেই হয়।"

: "এনেই আৰু টেনচন দিলো অলপ।"

: "ইস্! কিহৰ টেনচন বা।"

ঠাণ্ডা দিনৰ অকিনাৱা ভাল লাগে মোৰ। পিছে গৰম দিনত বনৰীয়া সাপৰ সমাহাৰ হৈ থাকে বাবে ভয় লাগে মোৰ। অপকাৰ নকৰে একো। কিন্তু হ'লেও ভয় লাগে।

: "কি ভাবি আছা? ব'লা!"

তাৰ পিছে পিছে গৈ ক'টেজ এটাত বহিলো। বৰ ধুনীয়া ইয়াৰ পৰিবেশটো। পানীৰ ওপৰত থকা ক'টেজবোৰৰ পৰা তলত ভিন্নধৰ্মী আৰু ভিন্ন বৰণৰ মাছবোৰ চাই থাকিয়েই ভাল লাগে। তাৰোপৰি চাৰিওফালে থকা কৃত্ৰিম চাংঘৰবোৰ আৰু চক্ৰব্যহুৰ দৰে ঘুৰি ঘুৰি এঠাইতে উলোৱাহি কামবোৰ কৰি ভাল লাগে।

: "আকৌ মগ্ন! কি ভাবি আছা?"
হেৰাইয়েই গৈছিলো মই সৌন্দৰ্য্যৰ মাজত।

: "নাই নাই! চাইছো এনেই।"

: "আচ্ছা। মোৰ চকুত কিবা এটা সোমাল চোৱাচোন।"

: "কি? কেনেকৈ?" 

একেকোবে তাৰ কাষ পালোগৈ। চকুটো লিৰিকি বিদাৰি চাই একো নাপালো। মুগ্ধ হৈ চাই আছিল সি মোলৈ। তাৰ চকু দুটাত কিবা যাদু থকাৰ দৰে লাগিছিল সেই মুহূৰ্তত। যেন মোক সামৰি থৈ দিব গোটেই জীৱনলৈ। 

: "একো নাইচোন।"

একো সাৰসুৰ নাপাই তাক জোকাৰি দিলো,
: "অই! নাইচোন!"

: "হা! কি নাই?"

: "চকুত!!! একো নাই।"

: "অ' ভালপালো দিয়া থেংকচ।" 
অপ্ৰস্তুত হ'ল সি।
মেনুখন দি গ'ল ৱেটাৰটোৱে। লিৰিকি বিদাৰি থাকিলো।

: "চাইয়েই থাকিবা নে? কি খাবা অৰ্দাৰ দিয়া আকৌ"

: "তুমি দিয়া। তালৈ আগুৱাই দিলো।"

: "উহু তুমি!" 
সি মোলৈ দিলে।

: "নাহ তুমি।"

: "তুমি!"

ৱেটাৰটোৱে এবাৰ মোলৈ এবাৰ তালৈ বেঙা মেলি থাকিল। তালৈ চকু পৰাত দুইটা ৰৈ গ'লো।

: "দুকাপ কফি আৰু চিকেন পকোৰা একপ্লেট দিয়া।"
কোনোমতে ক'লে সি।

ৱেটাৰটো যোৱাৰ পিছত দুয়োটা হাঁ‌হিত ৰ'ব নোৱাৰা হ'লো।

: "বলা অলপ খোজকাঢ়ি আহো।"

: "বলা"

পাৰ্কত খনত খোজকাঢ়ি থাকোতে তাক সুধিলো,
: "এতিয়া কোৱা!"

: "কি ক'ম।"

: "কিবা ক'ম কৈছিলা যে।"

: "অ' য়েচ।কম ৰবা।"

: "কেতিয়া??"

: "বাহ! সেইটো কাৰণেহে আহিলা মানে নহ'লে নাহা।"

: "এ নহয় অ'! সুধিছো হে।"
 সুৰ লগাই ক'লো।

: "হয় দে!!!" 
আহ্! আকৌ এবাৰ এসোঁ‌তা বিজুলী পাৰ হৈ গ'ল বুকুৰ মাজেদি।

: "অই ফ'টো উঠিম ব'লা ধুনীয়া লাগিছে পৰিবেশটো।"

মই কিবা কোৱাৰ আগেয়েই সি কেমেৰা লৈ ফটোগ্ৰাফীত নামিয়েই গ'ল। গছ-বন, চৰাই একোৱে বান নগ'ল। লগতে মোকো বহুত তুলিলে। 
তেনেকুৱাতে অৰ্দাৰ আহি পোৱাত আমি খাই লৈ আকৌ উলাই আহিলো। আন্ধাৰ হৈছিল অলপকৈ তেতিয়ালৈ।
নিশ্চুপ হৈ খোজ কাঢ়ি থাকিলো দুয়োটা। আমাৰ ওচৰে-পাজৰে কাপলবোৰ ঘুৰি ফুৰিছিল হাতত হাত ধৰি।

:"মৌ!"

তাৰ মাতত এক বেলেগ ধৰণৰ কোমলতা ভাহি আহিছিল। জোকাৰি দিলে মোক সেইষাৰি মাতে।

: "কোৱা!"

: "কথাটো নুসুধা হ'লা যে?"

: "তুমি নোকোৱাই আৰু।"

: "মোৰ চনপৰা বুকুত আকৌ এজাক বৰষুণ পৰিছে মৌ।" 
একে উশাহে কৈ পেলালে সি।

: "মানে?" 
মোৰ হাত দুখন উত্তেজনাত ঘামি গ'ল।

: "প্ৰেমত পৰিছো আকৰী?"

: "কাৰ?" 
উশাহটো চুটি হৈ আহিল।

: "কাৰ যেন লাগে?"

: "নাজানো?"

: "কিয়?"

: "কোৱা নাই তুমি!"

: "যদি তুমি বুলি কওঁ‌।"

: "...."

সময় তাতেই থমকি ৰ'ল মোৰ। অ'কিনাৱাৰ নীৰৱতাৰ মাজত থমকি ৰ'ল পৃথিৱীখন। মাথো সজোৰে শুনি ৰ'লো,

ধক ধক..... ধক ধক..... ধক ধক.......।

: "কি হ'ল?"

: "...."

: "আমি মৌ আৰু ৰণৰ পৰা মৌৰণ হ'ব নোৱাৰো নে?"

: "এয়া সম্ভৱ নহয় ৰণ। আমি মৌৰণ হ'ব নোৱাৰো। মই আন কাৰোবাক...." 
নাজানো কিয় হঠাতে তেনেকৈ কৈ পেলালো মই। কি প্ৰয়োজন আছিল ভাবি নাপালো। কিন্তু লুকুৱাই থৈ একো কৰিব বিচৰা নাছিলো মই।

: "অম্লান?"

: "তুমি কেনেকৈ জানিলা? মোকটো কোনোদিনে তুমি সুধা নাই তাৰ কথা। মইও কোৱা নাই।"

: "হাঃ হাঃ! তোমাক লগ পোৱাৰ আগতেই জানো সেইকাৰণে সুধা নাছিলো।"

: "তেনেহ'লে এইবোৰ কি? মোক ভালপোৱাৰ কথা।"

: "হাঃ হাঃ হাঃ!"
পেটত ধৰি ধৰি হাঁ‌হিলে সি। মই মাত্ৰ অকৰা লাগি চাই ৰ'লো।

: "উল্লু বনালো বেঙী।"

: "মানে??"

: "ভয় খাব নালাগে দিয়া। জোকাই আছিলো। কাঢ়ি নানো তোমাক অম্লানৰপৰা। বেলেগ কথা হে ক'বলৈ লগ ধৰিছিলো আজি।" 
বুকুত কিহবাই খোচ মাৰি ধৰিলে। এনেকুৱা লাগিল সি যেন কওঁ‌ক কোনো অম্লান নাই তুমি কেৱল মোৰ।

: "কি কথা?" 
শব্দবোৰ চুটি হৈ আহিছিল মোৰ।

: " কাৰোবাক ভাল লাগিছে সঁ‌চাকৈ। "

: "কাক?"

: "তোমালোকৰ ক'লেজতে পঢ়ে। তোমাৰ জুনিয়ৰ।" 

পৃথিৱীখন যেন এতিয়াই ধংস হৈ যাৱক। শেষ হৈ যাৱক সকলো। ৰণৰ মুখত বেলেগ এজনী ছোৱালীৰ নাম কেনেকৈ শুনি আছো বুজিব নোৱাৰা হৈ আহিলো।

: "কি নাম?" 
কোনোমতে মুখেৰে শব্দবোৰ উলাই থাকিল।

: "বিস্মিতা বৰুৱা।"

উশাহটি ঘুৰাই নোপোৱাযেন লাগিল মোৰ। চিনি পাওঁ‌ তাইক। বহুত ধুনীয়া ছোৱালী। এফালৰপৰা যেন বুকুৰ শিৰাবোৰ চিঙি গৈ আছে। অথচ মই প্ৰস্তৰ হৈ ৰৈ আছো। বুকুৰ ধুমুহাজাক লুকুৱাই মুখত প্ৰশান্তিৰ প্ৰলেপ সানি লৈছো।"

: "ৱাও! ভাল খবৰ চোন?" 
অভিনয়ত পাকৈত মইজনীক জগাই তুলিলো।

: "ৰবা চাইছোহে।"

: "মোৰপৰা কি হেল্প লাগে কোৱা আকৌ।"

: "তাইৰ মানে মোৰ প্ৰতি ফিলিং আছে নে নাই জানিব লাগে। সেইটো কাম কৰিব পাৰিবা?"

বুকুত কোনোবাই হাতুৰীৰে কোবোৱা যেন লাগিল। এতিয়া মই খবৰ আনি দিম মোৰ ভাললগা জনৰ প্ৰতি অন্য নাৰীৰ ভালপোৱাৰ!

: "কেনেকৈ?"
শব্দবোৰ কেনেকৈ উলাইছে মুখেৰে বুজি পোৱা নাই।

: "আৰে! তোমাৰ জুনিয়ৰ হয়। লগ কৰি সুধিবা আকৌ।"

: "...."

: "অই পোৱালি!"

: "হা??"

: "পাৰিবানে?"

: "পাৰিম! কিয় নোৱাৰিম।" 

দৃঢ়তাৰে ক'লো মই। সি একোৱে নামাতিলে মুখেৰে।

: "এতিয়া ঘ'ৰ যাওঁ‌ নেকি ৰাতি হ'ল?"

: "বলা।" 
কোনো বাক্যব্যয় নোহোৱাকৈ ঘ'ৰৰ মুখত গাড়ী ৰ'লহি মোৰ।

: "বাই।"
 কৈয়েই নামি আহিলো।

: "বাই।" 
সিওঁ‌ একো নোকোৱাকৈ গ'লগৈ।

আজি মই দীঘলীয়া কেম্পাছটো অকলে পাৰ হৈ যোৱা চাবলৈও নৰ'ল সি। হয়তো প্ৰয়োজনো নাছিল। কিন্তু তাক সহায় কৰিব পাৰিম মই। পাৰিবই লাগিব! ৰণৰ কাৰণে এইখিনিও কৰিব নোৱাৰিম নে! পাৰিম মই! মোৰ প্ৰেমটো আধৰুৱাই হৈ ৰ'ল। কিন্তু ৰণৰ প্ৰেমৰ পূৰ্ণতা মই আনিম। বাকী থকা ভগ্ন হৃদয়ৰ টুকুৰাবোৰ সামৰি মই ঘ'ৰ সোমালো।

(আগলৈ)

Comments

Popular posts from this blog

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect