শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
( খণ্ড ৬ )
: "হায়ে!!!!!"
গোটেইকেইজনীয়ে সি উলাই যোৱাৰ লগে লগে চিঞৰিলে।
: "তোৰ লগত কিবা আছে নেকি অ' চক্কৰ।" অনুষ্কাই সুধিলে।
শুই থকাৰপৰা চকু পকাই চালো। কথা ক'বলৈ তেতিয়াও মন যোৱা নাছিল।
: "নাই যদি। মইয়ে লাইন মাৰিম বে! ক্যা মাল হে!"
: "চিঃ অসভ্য! গেষ্ট হয় আমাৰ। মাল বুলি কৈছ!" প্ৰিয়াই কাণত হাত দিলেই।
: "এই যা এইজনী।"
"হয় দে। বেছি ভদ্ৰ তাই। উফ্! বিয়েৰ্ডে চাবি নে those intense eyes য়ে চাবি। মাই গড্" এজনীয়ে গালে মুখে হাত দি বহিয়েই গ'ল।
: "তোৰ মালটোৱে ৰেগুলাৰ জিম যায় পাক্কা। বডি কি বে!"
মেঘাই ক'লে।
: "অলপ বেছি হৈছে নেকি তোৰ! কি ফাল্টু কথা বকি আছ? এনেই কিবা কিবি উলাবগৈ কিন্তু দেই মেঘা। সব জানিও এনেকৈ আছ?"
টিঙিচকৈ খঙ উঠি আহিল। মোৰ জীৱনত অম্লান থকা অৱস্থাত বেলেগ পুৰুষৰ নাম শুনাও মোৰ হৃদয়ে মানি ল'ব নোৱাৰে।
: "হ'ব দে নকওঁ! এনেহে তাইৰ অম্লানটো। সেইটো বয়ফ্ৰেণ্ড নহয় বাই-ফ্ৰেণ্ডহে। জিন্দা আছনে ওপৰ পালিগৈ খবৰ নাৰাখা লেমটৌ।"
আনদিনা হোৱা হ'লে দুইজনী দুফালে চিটিকিলো হেতেন কাজিয়া লাগি। কিন্তু আজি মোৰ শৰীৰ অপাৰগ আৰু মেঘাৰ মন অপাৰগ মোক এৰি যাবলৈ। মোৰ মূৰত হাত বুলাইয়েই তাই কিবাকিবি বকবকাই থাকিল। কিন্তু তাইৰ কথাকেইটা মনত লাগি গ'ল। মিছাটো কোৱা নাই তাই। মই মৰিলেও গম নাপাব সি।
: "হ'ব দে অলপ চকু কেইটা মুদি থাকচোন । ভাল পাবি।"
তাই বুজি পাই মোৰ মনোকষ্ট।
মিটিং শেষ হোৱালৈ প্ৰায় ৪টা বাজিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ৱেলকাম কৰিব নোৱাৰিলো মই। ভবা কথা নহয় সিধি বাটত আছে কণা বিধি হ'ল।
হঠাতে ৰণ সোমাই আহিল আকৌ,
: "ভাল পাইছানে?"
সি আহিব বুলি কল্পনাও কৰা নাছিলো। গেষ্ট হৈ আহিছে সি। এনেকৈ আহিলে কথা বেয়া দিশলৈ যাব পাৰে। ৰূমটোত মই ,মেঘা আৰু প্ৰিয়াহে আছিলো।
: "পালো। কিন্তু তুমি কিয় আহিলা?"
চাদৰখন থিক কৰি ল'লো এনেই।
: "don't worry মই তোমাৰ মেমক কৈ আহিছো। ব'লা এতিয়া তোমাক ঘ'ৰত থৈ আহিম।"
: "কি!!! কিন্তু কিয়?? ক'লেজত প্ৰগেম আছে। মই কিয় যাম তোমাৰ লগত? আৰু যামনো কিয় ঘ'ৰলৈ?"
: "তই থাকিনো কি এনজয় কৰিছ?"
মেঘাই গালিয়ে দিলে। বেয়াও লাগিল। মোৰ কাৰণে সিহঁতৰো প্ৰগেম পণ্ড হ'ল।
: "তই যা। লাগিলে ৰাতি আহিবি।এতিয়া কামখিনি আমি চম্ভালি ল'ম।"
: " মোক নিবলৈ দাদা আহিব ফোন কৰি দিলে। কিন্তু মই নাযাওঁ। থাকিম।"
আকোৰগোজকৈ লাগিলো।
ৰণে মোৰ মুখলৈ চাই কিবা এটা ভাবিলে।
: "হয় নেকি! ৰ'বা।" কৈয়েই ৰণ উলাই গ'ল।
: "তন্ময়া! ভাল পাইছালে। এক্সট্ৰিমলি চৰি মই নামি আহিব পৰা নাই। জ্বৰ উঠিছে নেকি?" অলপ পিছত হঠাতে প্ৰিন্সিপাল মেম সোমাই আহিল পিছে পিছে ৰণ।
: "নাই মেম ভাল পাইছো।"
মোৰ কপালত হাত দি চাই মূৰত হাত বুলাই দিলে মেমে।
: "তুমি ঘ'ৰলৈ যোৱা। you need rest! আকৌ আহিবা লাগিলে অলপ আৰাম কৰি। এতিয়া একো প্ৰগেমো নাই নহয়।"
: "ঠিক আছে মেম!" ক'বলৈ একো উপায়েই নাই।
: "ৰণবিজয় তুমি যাবা নহয় ন?"
কি!!!! কি শুনিছো এইবোৰ?? তাক যাবলৈ কিয় কৈছে মেমে।
: "অ' যাম।মই থৈ আহিম।"
: "যোৱা তোমাক চাৰে থৈ আহিব। actually he is feeling guilty তুমি ৰ'দত কেম্পাছ দেখুওৱাই থাকোতে মূৰ ঘুৰাল বুলি। যোৱা তোমাক থৈ আহিলে তেওঁ ভাল পাব। "
আমাৰ তিনিওজনীৰে চকু ডাঙৰ হৈ গ'ল। ই মানে ইমান চিধাও নহয়। গেম কেনেকৈ পাক মাৰিলে নিজৰ কৰি ল'লে।এতিয়া মে'মহঁতে কিবা ভাবিবলৈও ৰাস্তা বন্ধ। সাপো নমৰে লাঠিও নাভাঙে।
: "ব'লা!" লাহেকৈ মাতিলে সি।
: "মেঘা, প্ৰিয়া তোমালোক যাবা নেকি ঘ'ৰলৈ। i can drop you"
: "নাই আমি নাযাওঁ।কাম আছে আমাৰ।" সিহঁত নাহিল..
মনে মনে আহি থাকিলো মই। গাড়ীৰ দৰ্জাখন খুলি দিলে লাহেকৈ বহিলো মই। কোনো বাক্যব্যয় নোহোৱাকৈ গাড়ী চলালে সি।
মিউজিক প্লেয়াৰত অট'মেটিক প্লে হ'ল,
"কলিজাত সুহুৰি বাজিছে লাহেকৈ,
লিহিৰি লিহিৰি কোনেও নজনাকৈ,
আজি ৰ'বলে দিয়ানা, চকুতে চকু থোৱানা,
উৰুৱাই লৈ যোৱানা ফাগুনলৈ।"
: "এতিয়া বেয়া লাগি আছে নেকি গা?"
: "নাই। এতিয়া নাই।"
: "ভয় খাইছা নেকি মোৰ লগত অহা কাৰণে? চিন্তা নকৰিবা দাদাক মই ফোন কৰি ক'লো মই থৈ যাম বুলি"
: "কি!!! দাদাক কেতিয়া ক'লা?"
কি কাম কৰি থাকে ল'ৰাটোৱে মানে।
: "অ' । কৈ দিছো মই থৈ যাম বুলি। মূৰ ঘুৰাইছে বুলি কোৱা নাই চিন্তা নকৰিবা। দাদাই ক'ল কৰিছিল মই জাষ্ট কৈছো মইও ক'লেজ আহিছো তাইক থৈ আহিম। তোমাৰ দাদাক মই আগৰপৰা চিনি পাওঁ by the way. স্কুলত super senior আছিল মোৰ।"
হে হৰি! মইহে গম নাপাওঁ একো।
: "কি ভাবিছা?"
: "হা নাই একো নাই। জনা নাছিলো দাদাক চিনিপোৱা বুলি। লগো পোৱা নাই যে আগতে। "
: "পালেওনো ক'ত মনত ৰাখিবা।" মুখৰ ভিতৰতে ক'লে।
: "হা? "
: "একো নাই। বেছিকৈ চানা, ফাষ্ট ফুড নাখাবা। নিজৰ কেয়াৰ ল'বা। জ্বলা নিদিয়াকৈ তেতেলী মুড়ি খাই থকা তেতেলী গছ হ'ব পেটত।"
হে হৰি! তেতেলী মুড়িৰ কথা অকল মেঘাই জানে। আৰু তাই কোৱা সম্ভৱেই নহয় আজি। সি কেনেকৈ গম পালে।
: "তুমি এইবোৰ কেনেকৈ জানিলা।"
: "পালো আৰু গম।"
: "কোৱানা প্লিজ! এইটো কথা কোনেও নাজানে টো। মেঘাই কৈছে?"
: "তাইক আজিহে পাইছো। কিয় ক'ব আকৌ?"
: "তেন্তে??"
: " লিখা আছে তোমাৰ পুখুৰীটোত।"
: "ক'ত???"
: "পুখুৰীটোত। পুখুৰী নহয় জানো এইটো গালত। ৰামে খন্দা।"
মোৰ ডিম্পলটোলৈ দেখুওৱাই ক'লে সি।
লাজতে মৰি যামযেন লাগিল। কিয় এনেকুৱা হয় ইয়াৰ আগত।ইমান লাজ কিয় আহে মোৰ গাললৈ নামি।
: "এইটো চাগৈ তোমাক!!!"
: "ঠিকে ভাবিছা। দুহিতে ক'লে।"
: "উম্! ঠিকেই ধৰিছো।"
দুহিতে মোক প্ৰায়ে সুধি থাকে পি এইটো গাত কেনেকৈ হ'ল। মোৰ কিয় নাই। এদিন তাক মোক সৰুতে মায়ে কোৱা নিচিনাকৈয়ে কৈছিলো "এইটো এটা মাইনা পুখুৰী। ৰামে জংঘলত ঘুৰি ফুৰোতে পানী খাবলৈ ধনুকাড় মাৰি খান্দিছিল। মোৰ গালতে থাকিল ।"
সিও মুখস্থ কৰি ল'লে। এই পোৱালিটোক ভাল কথা শিকালে নিশিকে। যিটো বেয়া নিজেই শিকিব মানে।
: "হ'ব দিয়া এতিয়া তাক গালি দিব নালাগে মনে মনে।"
সব গম পাই যায় মানে কি ভাবি থাকো। মই একো নভবাই ভাল ইয়াৰ আগত।
একো নামাতিলো। বেকাকৈ চালো হাঁহি আছে। ঘ'ৰৰ ৰাস্তাটো কৈ কৈ আহি থাকিলো কেৱল। ঘ'ৰৰ সন্মুখ পাই নামিলো মই।
: "ভিতৰলৈ আহা।"
: "এতিয়া নাযাওঁ দিয়া। মোৰ কাম অলপ আছে। ৰ'লেই দেৰি হ'ব। তুমি ৰেষ্ট ল'বা দেই এতিয়া।"
: "ঠিক আছে। অহা হয় ভাল লাগিল হয়।"
: "সঁচাকৈ নে?"
থতমত খালো। কি কম ভাবি নাপালো। হা কৈয়ো মৰিম আৰু না কোৱাৰ প্ৰশ্নই নুঠে।
: "আহিম দিয়া এদিন। তুমি মাতিছা যেতিয়া।"
সি আকৌ দুষ্ট হাঁহিটো মাৰি ক'লে।
: "উম। যোৱা তেনেহ'লে।" তালৈ নোচোৱাকৈয়ে ক'লো।
: "খেদিছা নেকি?"
: "আৰে নিজেই নাহাচোন আকৌ।"
: "মই যাম নহয়। তুমি ভিতৰ সোমোৱাচোন আগতে। ভিতৰ পালেহে যাম। "
কেম্পাছটো দীঘল কাৰণে পৰি যাম বুলি ভাবিছে চাগৈ।
: "ইমান চিন্তা যদি আহা আকৌ।"
ঘপহকৈ কৈ পেলালো মই। কি ক'লো মই। কিয় ক'লো নিজেই বুজি নাপালো।কি ভাবি জানো সি একো উত্তৰ নিদিলে। তেনেকুৱাতে পাপা উলাই আহিল আগফালে।
: "সৌৱা তোমাৰ পাপা আহিছে। যোৱা এতিয়া আৰু টেক কেয়াৰ।"
: "অকে! বাই।"
সি নৰল আৰু ।গলগৈ। মই তেনেকৈ কোৱা কাৰণে বেয়া পালে যদিও গম নাপালো। চেঃ মোৰ এইখন মুখ নে কি সন্দেহ হে হয়।
মই সোমাই যোৱাৰ লগে লগে গোটেইজাক কি হ'ল কি নহ'ল ব্যস্ত হৈ পৰিল। দাদাই ৰণ কিয় নাহিল ভিতৰলৈ সুধিলে। মই কলো তাৰ কামৰ কথা।
ভালকৈ গাটো ধুই ভাত কেইটামান খাই মই শুবলৈ আহিলো।
বৌৱে খিড়ীকী খিনি জপাই এচিটো অন কৰি দিলে। এপাকত মা আহি চাই গ'লহি।
ব্লেংকেটখন ভৰিত লৈ বিচনাত বাগৰি দিওঁতে ভাগৰে হেঁচা মাৰি ধৰিলে। অলপ পিছত দেখিলো ব্লেংকেত খন কোনোবাই টানিছে। মেকুৰী বুলি একেজাপে উঠিলো।
পিছে দুহিতেহে ওখ বিচনাখন ঢুকি নাপাই ব্লেংকেত খনত ধৰি টানি আছিল। মৰম লাগি গ'ল তালৈ। বিচনালৈ তুলি আনিলো তাক। আচলতে তাৰ শুৱাৰ সময় হৈছিল। সি লাহেকৈ মোৰ লগতে ব্লেংকেতৰ তলত সোমাল। তাক লাহেকৈ মূৰত হাত বুলাই শুৱাই দিলো। ভয় লাগে তাক সাৱটি শুবলৈ। ইমান অকনমানী মোৰ জানটোৱে কিজানি কষ্ট পায়। তাক চাওঁতে চাওঁতে কেতিয়া শুই গ'লো গমেই নাপালো।
মাৰ মাততহে সাৰ পালো গধুলি। খৰধৰকৈ উঠিলো। ঘড়ীটো চালো ৭ টা বাজিল।
: "ইস ৰাম! ক'লেজ যাব লাগিছিল।"
চিঞৰিয়ে দিলো।
: "কি হ'ল?? একদম ঘ'ৰত থাক। তেল ফাটিছে তোৰ। কাইলৈ যাবিয়ে আকৌ এই ৰাতিখন এইটো দেহাৰে যাৱ।"
মাৰ গালি শুনি একেবাৰে তাপ মাৰিলো। আজিৰ প্ৰগেম মানে মই নাপাওঁ চাবলৈ দুখ লাগিল। ৰণলৈও খং উঠিল। সি দম দি লৈ নাহা হ'লেটো ক'লেজতে থাকিব পাৰো।
মেঘালৈ ফোন কৰিলো,
: "ক'ত আছ?"
: "বিচনাত"
টোপনীৰ জালত তাই মাত দিলে।
: "কি!!! ক'লেজত নাযাৱ? গুছি গ'লি কিয়?"
: "ধুৰ! এনেই ককাল বেকা হৈ গৈছে।এই ৰাতিখন কোন ছোৱালী যাব। এলুমিনি মিটহে আছে পুৰণা বেটচৰ"
: "ই!!! শু শু। শুই উঠি ফোন কৰিবি"
এনেই উৎপাত লগাই আছিলো ক'লেজ যাবলৈ মানে।
দুহিতলৈ চালো শুই আছে ধুনীয়াকৈ। পৰহিলৈ সিহঁত যাবগৈ। ভবাৰ লগে লগে মনটো বেয়া লাগি গ'ল। দাদা কৰ্মসূত্ৰে পূণেত থাকে। দুহিতৰ স্কুলৰ বন্ধ আৰু বিয়াখন মিলাই চুটীত আহিছিল।
তাৰ অকনমানী মুখখন আৰু ঘনাই লোৱা উশাহবোৰ চাই থাকিলো। কণমানী আঙুলি কেইটাদি গালত হাত দি শুই আছে। কিয় জানো মোৰ গাটোও দূৰ্ব্বল লাগি আছে। আকৌ বাগৰিলো বিচনাত।
অম্লানলৈ মেচেজ দিছিলো আহিয়েই,
: "কি কৰিছা? আজি গা বেয়া হৈছিল জানা"
মেচেজটো চিন হোৱা নাই। সি অনলাইন আছে কিন্তু। মোৰ গা বেয়া হোৱাতো একো প্ৰয়োজনীয় কথা নহয় তাৰ কাৰণে। ফেচবুকতে চালো।
"ৰণবিজয় দত্ত আপডেটেদ হিজ ক'ভাৰ পিক"
অলপ মৰহা গোলাপ এপাহ। কিন্তু ধুনীয়াকৈ তুলিছে ফ'টো খন।
"গোলাপ হৈ নুফুলিবা মোৰ পদুলিত।
কৃষ্ণচুড়াৰ ৰঙেৰে বাউলী মই।"
ইমান ধুনীয়া কেপচন।
হঠাতে মূৰৰ ওপৰেদি দি বিজুলী পাৰ হোৱাৰ দৰে লাগিল। মোৰ চকু ডাঙৰ হৈ গ'ল। এইপাহচোন! হয়তো! ভালকৈ চালো। নাই নাই ইমান ভুল হ'ব নোৱাৰে মোৰ। এইপাহচোন অথনি মোৰ হাতৰ মুঠিত থাকি লেৰেলা আৰু পিছত মই নাৰ্ভাছ হৈ পেলাই দিওঁতে সি বুটলি লোৱা গোলাপ পাহ। হে প্ৰভু ! কি দেখিছো এইবোৰ। গোলাপ পাহৰ ফ'টো দিয়াতো ডাঙৰ কথা নহয়। কিন্তু মই পেলাই দিয়া সেইপাহ গোলাপেই কিয়????
(আগলৈ)
Comments