শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৮)



                                   (গ)

আজি প্ৰায় ৫মাহে প্ৰতিটো মূহুৰ্ত মোক ৰণে আৱৰি ৰাখিছে এক নিৰাপত্তাৰ উষ্ণতাত। য'ত কোনো স্বাৰ্থ নাই, একো আশা নাই। 
মাত্ৰ মই চাৰিওফালে অনুভৱ কৰো তাৰ নিৰাপত্তা। কিন্তু অম্লানৰ আজি এমাহৰপৰা একেবাৰে কোনো খবৰ নাই। ভাগৰি গৈছো মই অম্লান নামৰ মৰিচীকা খেদি খেদি। কোনো ৰিপ্লাই নাহে মোৰ ফোন মেচেজৰ।
মাথো মেচেজ চাই থৈছে বুলি গম পাওঁ‌। মই বুজি নাপাওঁ‌ কিয় মই তাৰপৰা আঁ‌তৰি আহিব পৰা নাই। কি বাকী আছে আমাৰ মাজত। কিয় ভয় খাওঁ মই তাক হেৰুৱাবলৈ। 

          " সচাঁ‌ প্ৰেমৰ মৰিচীকা খেদি
           ক্লান্ত আজি আৱেগ বিষন্নতাৰ ভৰত।
           সামৰিবলৈ গৈ দুহাতেৰে মিছা মৰম
           হাৰি গ'লো বেয়াকৈ নিজৰ ওচৰত।
           মুখাধাৰী জীৱনৰ সীমাত হেৰাই কোন
          কোনেনো উমান লয়।
          উকা হেঁ‌পাহৰ চাকনৈয়াত বিক্ষিপ্ত আজি
          মই আৰু মোৰ ভগ্ন হৃদয়।"

কিন্তু আজি কিছুদিনৰপৰা ৰণ নামৰ বতাহজাকে  অম্লান নামৰ গোমোঠা মেঘ টুকুৰা লাহে লাহে ফৰকাল কৰি আনিছে। আজিকালি মোৰো তাৰ খবৰ ৰাখিবলৈ মন নোযোৱা হৈছে।

:"শুই উঠিলা মৌ?" 

মোৰ ভাৱ সাগৰত যতি পেলাই হুৱাটচ এপত মেচেজ আহিল ৰণৰ। সি মোক মৌ বুলিয়ে মাতা হ'ল আজিকালি। মোৰ মন বেয়া হৈ থাকিলে কিবা গম পাইয়েই যায় নেকি বুজি নাপাওঁ‌ ল'ৰাটোৱে। তাৰ মেচেজ এটা আহিবই। যিমানেই ব্যস্ত থাকক মোলৈ সময় থাকিবই তাৰ হাতত।

: "উম্ ! এইমাত্ৰ । কি কৰিছা?"

: "টিকটক চাই আছো।"

হাঁ‌হি উঠি গ'ল মোৰ। মই টিকটক কৰো কাৰণেই সি ভিডিঅ'বোৰ চাই থাকে। মই ফুচকা খাই ভালপাওঁ‌ কাৰণে আজিকালি সি ফুচকা খাই। মই instagram ত ফ'টো দিও কাৰণে সিওঁ‌ একাউন্ট খুলিলে।
 ড্ৰিংক কৰা, স্মক কৰা ল'ৰা বেয়া পাওঁ‌ মই। সি অফিচিয়েল পাৰ্টিত কেতিয়াবা ড্ৰিংক লৈছিল। কিন্তু আজিকালি এৰি দিলে। মই পৰ্ক নাখাওঁ‌ কাৰণে সিওঁ‌ বেয়া পোৱা হ'ল। মোৰ ভাললগাবোৰ সি একেবাৰে নিজৰ কৰি ল'লে। কিন্তু এই ৫মাহত কোনোদিনে সি মোক ভালপোৱাৰ কথা কোৱা নাই। মাত্ৰ মোৰ সকলোবোৰ সি নিজৰ কৰি পেলাইছে। হয়তো মোকো!

: "অই! ক'ত গলা?"
ৰিপ্লাই দিবলৈ পাহৰি গৈছিলো তাক।

: "আছো কোৱা"

: "কথা এটা আছিল।"

: "কোৱা আকৌ।"

: "উহু! ৰাতি কম।"
ধককৈ মাৰিলে বুকুখন। কি কথা ক'ব সি ভাবি নাপালো। 

: "কোৱানা এতিয়াই।"

: "ৰ' অ'। ঘ'ৰ সোমাইছোহিহে। ফ্ৰেছ হওঁ‌। তুমি কিবা খালা?"

: "নাই খাম হে।"

: "ঠিকে আছে। খাই লৈ পঢ়া অলপ। ৰাতি কথা পাতিম।"

: "হ'ব বাৰু। তুমিও খাই ল'বা কিবা এতিয়া।"

তাক কুটুৰী থাকি লাভ নাই। সি সময়তহে ক'ব যি কয়। তাৰ আগত যুক্তি দি লাভ নহয় মোৰ। মোৰ অকৰা খংবোৰ তাৰ যুক্তিৰ আগত সদায় নিস্তেজ হৈ যায়। আজিকালি খঙবোৰ কমিছে মোৰ। মনখুলি হাঁ‌হিবলৈ শিকিছো। ৰোমান্টিক গানবোৰ আজিকালি শুনো। কবিতাবোৰ ভগাই লওঁ‌ ৰণৰ লগত। ভাললাগে সময়বোৰ আজিকালি।

ৰাতিলৈকে উচপিচাই থাকিলো। কিনো ক'ব সি শুনিবলৈ অধৈৰ্য্য হৈ ৰ'লো।
প্ৰায় ১০ টামান বজাত ফোন কৰিলে সি।

: "ভাত খালা মৌজনী।"

: "খালো।"

: "বাপৰে! খং উঠিছে নেকি?"

: "নাই। মইনো কোন খং উঠিবলৈ?"

: "হাঃ হাঃ! কি হ'ল অ' গুণ্ডী।"

: "নিজেই ক'ব পিছত কম বুলি এতিয়া মইহে গুণ্ডী হ'লো।"

: "অ' ন। ৰণটো বেয়া। মৌজনীক খং উঠাই দিয়ে ন'।"
হাঁ‌হি দিলো মই। ৰণ বেয়া কেনেকৈ হ'ব। ধেমালিটো বেয়া হ'ব নোৱাৰে। 

: "কিনো সৰু পোৱালি নিচিনা জোকাই আছা।"

: "নাইটো মই ডাঙৰ পোৱালি নিচিনাহে জোকাইছো।"

: "আ হা! ৰণ! মাৰিম তোমাক।"

: "বাপৰে! ভয় খাই গ'লো। কি দি মাৰিবা?"

: "তুমি ক'বানে কথাটো। নে যুঁ‌জি থকাৰে প্লেন আছে আজি।"

: "ক'ম জানো?"

: "এ কোৱা না প্লিজ।"

: "হাঃহাঃ"

: "কি হ'ল"

: "ভাল লাগিছে despo হৈ গৈছা যে।"

: "হ'ব নালাগে ক'ব। বাই।"

: "এ ৰবা ৰবা।"

: "কোৱা!"

: "ৱাহ গুণ্ডীৰ গুণ্ডামি আৰম্ভ হৈ গ'ল।"

: "কোৱা এতিয়া।"

: "উম কাইলৈ দেওবাৰ।"

: "চ'????"

: "চ' কি??"

: "চ' মই কি কৰিম।"

: "তুমি ইমান খঙত থাকিলে মই কেনেকৈ কম কোৱাচোন। এনেইটো সক্খত ল'ণ্ডা কিন্তু কনফিদেন্স জিৰ' হৈ যায় ন'।" 

সি মৰমেৰে ক'লে এইবাৰ।
এনেকৈ ক'লেই মই গ'লি যাওঁ‌।

: "আয়ৌ। বেয়া পালা? চৰি!"

: "ইস্ ! পতাইছে চা পোৱালিটোৱে।"

: "নাই টো।"

: "হয় দে!"

কিয় জানো তাৰ "হয় দে!" বুলি কোৱা ধৰণটোৱে মোৰ বুকুত সাঁ‌চ বহাই যায় প্ৰতিবাৰে। মেঘাই পাগল বুলিয়ে হাঁ‌হে। ক'ৰ মানুহ মিঠা মিঠা কথাত পাগল হয় আৰু মই তাৰ সেই বিশেষ "হয় দে!" কোৱা ধৰণটোত পিছলি যাওঁ‌।

: "পতিলা যদি কোৱা এতিয়া।"
 হাঁ‌হি হাঁ‌হি ক'লো।

: "অ' মানে ফুৰিব যাওঁ‌ বলা। দেওবাৰ।"
উশাহটো ৰৈ গ'ল মোৰ অলপ সময়। মই থিকেই শুনিছোনে। আজি প্ৰথম সি মোক লগ ধৰিছে ফুৰিবলৈ।

: "যাবা নে?"

: "হা??"

: " বেয়া পোৱা যদি নালাগে বাৰু। কিন্তু লগ পাব লগা আছিল তোমাক।"

: "কিয় নো?"

: "অ' মোৰ question bank জনী খালি প্ৰশ্ন। । যোৱা যদি কম আৰু। এতিয়া আকৌ কি নুশুধিবা। হেল্প এটা লাগিছিল তোমাৰ। মোৰযে হেল্পৰ ৰিটাৰ্ণ দিবলৈ আছিল তোমাৰ। সেয়া বুলিয়ে ধৰা।"

একেলগে বহুতখিনি কথা ক'লে সি। মোৰ কাণখন কিন্ত "মোৰ question bank জনী" টোত হে থমকি ৰ'ল। তাৰ!!! কি কৰো ভাবি নাপালো। কিন্তু এতিয়া হা কোৱাৰ বাদে উপায়ো নাই। 

: "হ'ব। যাম। ক'ত যাবা?"

: "অহ মাই গড। তুমি হা ক'লা যাবলৈ। ৱাও।"

: "ভবা নাছিলা নেকি?"

: "সঁ‌চা ক'ব গ'লে নাছিলো ভবা। থেংকচ মৌ।"

: "কোৱা আকৌ ক'ত যাবা?"

: "দেখা যাৱক। আবলি ৫টাত ৰেদি থাকিবা। নে দিগদাৰ হ'ব।"

: "নাই নাই। ফাইন টাইম।"

: "অ'কে মই পিক কৰিম।"

: "উম হ'ব।"

: "এতিয়া শুৱা তেন্তে।"

: "থিক আছে।"

: "বাই মৌজনী। গুডনাইট।"

: "গুডনাইট।"

মনৰ মাজত যেন এজাক পখিলাইহে ঘ'ৰ সাজিছে। ভাললগা অনুভৱ এজাকে সাৱটি ধৰিছো মোৰ মন-প্ৰান।

 মেঘালৈ মেচেজ দিলো।
: "শুলি নেকি?"

: "নাই দাৰ্লিং। কিবা কবি।"

: "নাহ। এনেই।"

: "ভালে ভালে ক'। ৰণে কিবা ক'লে নে তোৰ সেই অহৌবলীয়াটোৱে।"
মেঘাই ভুলটো অম্লানৰ নাম নলয়। তাইৰ দিনটো বেয়া যায় বুলে।

: "কি যে ক'!"

: "ক' না বে। কি হ'ল। একো নহ'লে শুলো নে নাই হিচাপ নলও দে।"

: "ৰণে ফোন কৰিছিল।"

: "নতুন ক'? যিটো মই শুনিব বিচাৰো।"

: "কাইলৈ লগ কৰিব মাতিছে।"

লগালগ তাইৰ ফোন আহিল।

: "কি ক'? ফাইনেলী! কত যাবি। কি পিন্ধিবি? অহ্ গড।"

: "ৰ' ৰ'। ব্ৰেক মাৰ! এক্সিডেণ্ট হৈ যাব।"

: "পাগলী ক' না।"

: "ক'ত যাম নাজানো। কিন্তু সি পিক কৰিব ৫টাত।"

: "মজ্জা। কি পিন্ধিবি?"

: "কি পিন্ধিম আৰু। পিন্ধিম কিবা।"

: "অই মক্কেল। জিন্স পিন্ধি নাযাবি। তোৰ গ্ৰীণ কালাৰ কুৰ্টিটো পিন্ধিবি আৰু পাৰ্ফেকচনত কিনা ব্লেকত গোল্ডেন ৱৰ্ক থকা দোপাত্তা খন লৈ যাবি।"

: "আৰু কিবা!"

: "ঝুমকা এজোৰ পিন্ধিবি। চুলিখিনি তলত বান্ধিবি। আৰু..."

: "হেই এইজনী ৰহ ঔ। পিন্ধিম আৰু দে। গাইয়েই আছে তাই।"

: "গাম টো। আফটাৰ অল তোৰ ৰণৰ লগত ফাৰ্ষ্ট দেট।"
দেট!!!! শব্দটোৱে হুৰমুৰকৈ এসোপা তেজ মোৰ গাললৈ নমাই আনিলে। 

: "যাহ্ এইডাল।"

: "অহ্ হ ! ব্লাচ ব্লাচ!"

: "পাগল নেকি?"

: "অহ্ প্লিজ এতিয়া তই সেই বাই-ফ্ৰেণ্ডৰ নাম নানিবি। nightmare আহিব মোৰ। i can't afford that. "

: "হুম!"

: "দে শুই থাক এতিয়া। নিগেটিভ বস্তুবোৰ উলিয়াই দে মনৰপৰা। সকলো পাহৰি যাচোন কলিজা। সঁ‌চা মৰম ভাগ্যৱান সকলেহে পায়।
 তোৰ কাষত আহি হাতবাউলি মাতি আছে আওকান নকৰিবি! লোকে কি ভাবিব আৰু ভুল কৰিছ নেকি এইবোৰ bullshit পাহৰি সুখী হৈ চা এদিন। 
যাৰ জীৱনত তোৰ মুল্য নাই তাক পাহৰি তোৰ কথা ভবা ল'ৰাটোক এবাৰ নিজৰ কৰি চা।"

: "উম্ !!!!"

: "হুৱাট দা মানে! সেইদালহে ৰেচপনচ দিলি বেং। বহুত বকিলো। শু এতিয়া বিন্দাচ। বাই দাৰ্লিং। গুডনাইট।"

: "গুডনাইট।"

সঁ‌চাকৈ মই কাৰ কাৰণে ৰৈ আছো। যিটো অম্লানৰ ওচৰত মোৰ অস্তিত্বই নাই মই কি বিচাৰি আছো। কিন্তু সকলো শেষ নকৰাকৈ মই কেনেকৈ আগুৱাই যাম। ঠগী হ'ব নোৱাৰো মই। একো নাথাকিলেওটো এডাল বান্ধোনে মোক এতিয়াও বান্ধি আছে। হয় মই এইডাল চিঙি যাব লাগিব নহয় চিৰজীৱনৰ বাবে ৰৈ যাব লাগিব। 
গাৰুটোত মূৰটো গুজি দিলো। 

নাই! মেঘাই কোৱাৰ দৰেই কৰিম মই। বৰ্তমানটোত জীয়াই চাম। বিলীন হৈ চাম এবাৰ জীৱনটোত। সকলো পাহৰি সুখৰ চাকনৈয়াত ডুবি যাম। সঁ‌চা মৰমৰ সংজ্ঞা এবাৰ বুজি চাম। চকু কেইটা মুদি দিলো কাইলৈ দিনটোৰ অপেক্ষাত।

(আগলৈ)

Comments

Popular posts from this blog

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect