শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
( খণ্ড ১২)
ৰাতিপুৱা সাৰ পোৱালৈ মই নিজৰ মাজতে এজনী নতুন "মই"ক বিচাৰি পালো। এইজনী "মই" দূৰ্ব্বল, ভয়াতুৰ, সৰু কথাতে কান্দি দিয়াজনী নহয়। সংযমী হ'বলৈ শিকিছো।
মেঘালৈ ফোন কৰিলো। ৰাতিৰ কথাখিনি তাইক কোৱাটো প্ৰয়োজনীয়।
: "ভেলেন্টাইনচ দেৰ দিনা?"
খুব শান্তভাৱে শুনিলে তাই কথাখিনি।
: "মানে???"
: "অ' অহা দেওবাৰ ভেলেন্টাইনচ দে নহয় নেকি?"
বুকুখন কঁপি উঠিল। হয়টো!! ইমান অনুভৱী নে ৰণ। ইমান ধুনীয়া দিন বাচি লৈছে। অৱশ্যে অস্বাভাৱিক নহয়। তাৰপৰা আশা কৰিব পাৰি।
: "এতিয়া?? তই যাবি?"
: "যাম ।যাব লাগিব। এক কৰি থৈ আহিম সিহঁতক।"
: "বিস্মিতাই যদি না কয়?"
: "তোৰ লাগিছে জানো?"
: "ক'বও পাৰে ন?"
: "অসম্ভৱ। ৰণৰ প্ৰেম প্ৰত্যাখান কৰাৰ মূৰ্খামি তাই নকৰে। "
: "উম্! তোৰ বাদে সকলোৱে বুজে।"
: "মানে??"
: "একো নাই। হ'ব দে কৰিবি যি কৰ আৰু।"
: "উম্। তাৰ পিছত মই পুণেলৈ যামগৈ।"
: "কি???? কিয়???"
: "অলপ দিনৰ কাৰণে যাম। ফাইনেল দি লৈ যাম।"
: "কিন্তু কিয়? কি কৰিবিগৈ?"
: "অলপ আঁতৰিবলৈ। সময়ৰ লগত মই পাহৰি যাম ৰণক। ৰণযে বিস্মিতাৰ অৰ্ধাংগ বুজি পাম। মানি লম।"
: "তোৰ সঁচাকৈ মাথাৰ তাৰ চিগিল। তই পূণে নহয় তেজপুৰ যা। mental asylum ৰ প্ৰয়োজন তোক।"
ফোনটো কাটি দিলে। খং উঠিছে তাইৰ। কিন্তু হাঁহি উঠিছে মোৰ তাইৰ কথাত। উঠক তাইৰ খং। সময়ত নিজে বুজিব তাই মোৰ সিদ্ধান্ত অমুলক নহয়।
বিচনাৰপৰা নামি আহিলো। ক'লেজ যাবৰ সময়ে হৈছিল তেতিয়ালৈ।
গা ধুই আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো যাতে মোক শক্তি দিয়ে সকলো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ। প্ৰাৰ্থনা কৰি ওলাই আহোতেই ফোনটো বাজি উঠিল।
ৰণৰ ফোন।
: "গুডমৰ্ণিং!"
: "উঠিলা মৌজনী।"
: "উম্! জিমৰ পৰা আহিলা?"
: "এইমাত্ৰ উলাইছো। ক'লেজ আহিবা নে?"
: "উম যাম। ৰেদি হওঁ আৰু।"
: "থিক আছে। শুনানা তোমালৈ ড্ৰেচ এযোৰৰ ফটো পঠাইছো চোৱানা পচন্দ হৈছেনে?"
: "ড্ৰেচ??? কিয়??"
: "আৰে গিফ্ট দিব লাগিব ন মোৰ মানুহজনীক প্ৰপ'জ কৰাৰ দিনা।"
উস্! কেনেকৈ শুনি আছো মই এইবোৰ। কেনেকৈ পাৰিম মই তাক আৰু বিস্মিতাক এক কৰি আহিব।
: "দেহামানু !"
উস!!! কিয় যে পাগল কৰি যায় সি মোক হঠাতে। খুব মৰমত সি মোক দেহামানু বুলি কয়।
: "দিয়া চাম মই।" নিজৰ হাত দুখন খুব জোৰেৰে মুঠি মাৰি ধৰিলো যাতে মোৰ মাতত মোৰ দূৰ্ব্বলতা ফুটি নুঠে।
: "চোৱা মই হল্ডত আছো।"
সি লাইনতে থাকিল। হুৱাটচ এপত চালো। ধুনীয়া ড্ৰেচ এযোৰ। নীলা ৰঙৰ। থিক নীলা নহয় solid teal। মোৰ প্ৰিয় ৰং। ভৰিৰ মণিবন্ধলৈ পৰা ,আঁঠুৰ পৰা অলপ কটা। শ্লীভলেচ ড্ৰেচযোৰ। ডিঙিত গল্ডেন চেইনৰ নিচিনাকৈ কাম কৰা আছে আৰু গোটেই গাত সৰু সৰু ডাইমণ্ড ষ্টন লগোৱা।
: "তাইৰো teal প্ৰিয় নেকি?"
: "হা?? চালা?? উম। বিৰাট প্ৰিয়। এইটো ৰঙতে বেছি দেখো তাইক।"
: "উম্! ধুনীয়া হয়। লোৱা।"
: "তোমাৰ পচন্দ হৈছে?"
: "হৈছে। বিৰাট ধুনীয়া।"
: "অ'কে তেন্তে। দেওবাৰলৈ পাই যাবহি ন'??"
: "উম। myntra হে আৰামছে।"
: "দিয়া তুমি ৰেদি হোৱা তেন্তে মইও ঘ'ৰ গৈ ৰেদি হওঁগৈ।"
আইনাত নিজকে চালো। উদাসীন হৈ পৰিছে মোৰ দুচকু। একো চাবলৈ, সাজিবলৈ মন নাই। যেনতেন মূৰটো আচুৰি কুৰ্টীটো পিন্ধি ক'লেজ যাবলৈ উলালো।
শিল এটুকুৰা গঢ়ি তুলিছো মই লাহে লাহে লাহে। ইমানে কঠিন হ'ব এদিন যে যিনেই খুন্দা খাই সিয়েই টুকুৰা-টুকুৰ হ'ব। কিন্তু মই সুস্থিৰ হৈ ৰ'ম।
*********************
দেওবাৰে ৰাতিপুৱা চকু মেল খালে ।চকুৰ পচাৰতে সপ্তাহটো হৈ গ'ল। এই এটা সপ্তাহত মোৰ মাজত অসম্ভৱ পৰিৱৰ্তন আহিল। কঠোৰ হ'লো মই। খিংখিঙীয়া হৈ পৰিছো লাহে লাহে। মোৰ মাজত জীয়াই থকা সুকোমল ছোৱালীজনী আহত নোহোৱা হৈ পৰিল এতিয়া। কালি ৰাতি ৰণৰ প্লেনিংবোৰ শুনি শুনি কেতিয়া শুই গ'লো গমেই নাপালো। মোবাইলটো চাইহে গম পালো।
last call duration 1:59:56
তাৰমানে সিও কাণত ফোন লগাইয়েই শুই গ'ল।
আজি ৩ টা বজাত প্লেন তাৰ। মই অকলে ব'ৰ হম কাৰণে মেঘাকো লগ ধৰিব দিলো। সি না নক'লে। প্লেনমতে সি মোক লৈ যাব জাচিংফালৈ আৰু মেঘাই বিস্মিতাক লৈ আহিব। আমাক একেলগে দেখি তাই নিশ্চিতভাৱে ইৰ্ষান্বিত হ'ব আৰু সেই সুযোগতে ৰণে তাইক প্ৰপ'জ কৰিব। এইয়া প্লেন ৰণ আৰু মেঘাৰ। মোৰ অলপো অংশ নাই প্লেনিং কৰাত। মই মাথো শাৰীৰিক ভাৱে হে উপস্থিত এতিয়া। কেনেকৈনো সজাব পাৰিম মই নিজ হাতেৰে নিজৰ প্ৰেমৰ চিতা। নোৱাৰিলো মই! মাথো সিহঁতৰ কথাত হয়ভৰ দি গ'লো।
মোবাইলটো বাজি উঠিল।
ৰণৰ ফোন।
: "মৌ উঠিলানে?"
: "উম্! সাৰ পালো । বিচনাতে আছো।"
: "উঠা আকৌ!"
: "কি হ'ল। টোপনি নগ'ল নেকি ৰাতি?"
: "কেনেকৈ যাব অ'। আজি ইমান ডাঙৰ দিন মোৰ কাৰণে। অহ্ বাই দি ৱে হেপ্পী ভেলেন্টাইনচ্ দে!"
চকু দুটা নজনাকৈ সেমেকি গ'ল মোৰ।
: "থেংক ইউ। চেম টু ইউ। আজি ফাইনেলী ৰিয়েল ভেলেন্টাইনজনী পাবা আৰু।"
: "য়েচ!! চ এক্সাইটেদ!!" তাৰ মাতত অনাবিল সুখ ভাহি আহিল। ভৰি গ'ল মোৰ মনটো সুখী ৰণক দেখি। এনেই নকয় প্ৰিয়জনৰ হাঁহিত সকলো দুখ পাহৰিব পাৰি বুলি। আজি বাস্তৱ জীৱনত অনুভৱ কৰিলো।
: " লাগিছে কথাত।" লাহেকৈ ক'লো তাক।
: "হাঃ হাঃ! শুনা ৩টাত ৰেদি থাকিবা দেই কলিজা। দেৰি নকৰিবা।"
: "উম্ হ'ব দিয়া।"
ফোনটো ৰাখিলে সি। মইও গা ধুই আজৰি হৈ আহিলো। আজি ব্যক্তিগত কাম ৰখা নাই মই একো। কিবা কৰিবলৈ মানসিক ভাৱে সিমানখিনি সবল হৈ থকা নাই। মাত্ৰ আবেলিৰ নাটক খনৰ বাবে আখৰা কৰিছো আজি ৭ দিনে। আজি সফলভাৱে উপস্থাপন কৰি আহিব পাৰিলেই সাৰি যাওঁ মই।
ভাত-পানী খাই ইখন-সিখন কৰি থাকোতেই ২টা বাজি গ'ল। ৰণে আকৌ মেচেজ কৰি ৰেদি হ'বলৈ সকিয়াই দিলে। কি পিন্ধি যাম তেতিয়াও ভবাই নাছিলো। জাধলী হৈ ওলাব নোৱাৰো মই ৰণৰ আগত। যথেষ্ট ঠাণ্ডা হ'ব গধুলি। জিন্স এটাৰ লগৰ বগা টি-চাৰ্ট এটা আৰু পাতল জেকেট এটা উলিয়াই ল'লো। তাৰ লগতে মিলাই অলপ পাতলীয়া হিল থকা পামচু এযোৰ। সাধাৰণতে জোতাই পিন্ধো। কিন্তু আজি তেনেকৈ যাব নোৱাৰো। চুলিখিনি ওপৰলৈ পনিটেইল কৰি বান্ধিলো। মুখত অলপ পাতল মেকআপ কৰি আইলাইনাৰ আৰু লিপষ্টক লগালো। ভালেই দেখিলো নিজকে। লুকুৱাব লাগিব মই মোৰ দুখবোৰ প্ৰসাধনৰ মাজত এনেকৈয়ে।
প্ৰায় ৩টা বাজিছিল। ৰণলৈ ফোন কৰিলো। আজি মই কৰিলো আগতে। ফোনটো ৰিচিভ কৰিয়েই সি ক'লে,
: "মৌ ! মই পাইছোহি যাষ্ট ২মিনিট। আগফালে ওলাই আহা।"
আগফালে ৰৈ থাকিলো।বুকুখনৰ ঢপঢপনি আৰম্ভ হৈছিল। কিন্তু আজি বেলেগ কাৰণত।
তাৰ গাড়ীখন দেখিলো আগুৱাই অহা। মোৰ হাতৰ মুঠি টানকৈ ধৰিলো। নিজকে চম্ভালি লোৱাৰ ব্যৰ্থ প্ৰচেষ্টা। মোৰ ওচৰ পাই গ্লাছখন নমাই মোৰ হাতেৰে গাড়ী ঘুৰাই আনি আছো বুলি ইংগিত দি গ'ল।
সি পাৰ হৈ যোৱা সময়কণতে তাৰ চিনাকি বডি স্প্ৰেৰ গোন্ধটো বতাহত সিঁচি গ'ল। উশাহত উজাই ল'লো মই। উভতি আহি মোৰ ওচৰত গাড়ীখন ৰ'লহি।
: "বহা!"
তালৈ চাই হাঁহিলো।
মিউজিক প্লেয়াৰত বাজি আছিল,
"যে ভাবে তুমি সকাল দেখ সূৰ্য্য কিন্তু একটাই।
যত ভাগে ভাগে কৰনা প্ৰেম হৃদয় কিন্তু একটাই।
অনেকে বলে অনেক কথা কথাৰ কথাটো শব্দাই।
কথাৰ বান্ধোনে হৃদয় ফেৰাই চঠিক কথা একটাই।"
: "ৱেইট কৰালো নেকি মৌজনীক?"
: "নাই নাই। মইও ফোনটো ৰেদি হৈহে কৰিছো লগালগ।"
: "আচ্ছা।"
মোলৈ চালে সি। আজি লুকাই নহয়। পোনপটীয়াকৈ।
: "you are looking damn gorgeous!"
: "হয় নে??"
: "yes, breathtakingly beautiful! Your comfy zone right?? " মোৰ দ্ৰেছলৈ চাই ক'লে সি।
অপ্ৰস্তুত হ'লো লাজত।
: "ৱাহ। বেলেগ প্ৰেকটিছ কৰিছা চোন প্ৰেইজ কৰিবলৈ। ইম্প্ৰেছ হ'বই বিস্মিতা খাটাং।"
একো নক'লে সি। বেয়া পালে যেন লাগিল।
: "you are looking handsome দেই! বিস্মিতা এনেই পতি যাব।"
আজি কওঁ বুলিয়ে ক'লো। ভয় নাই আজি ক'বলৈ।
: "হা??? কি ক'লা। মই ভুল শুনিলো নেকি?"
: "কি হ'ল আকৌ। সঁচা কৈছো। you are looking handsome."
: "হে প্ৰভু কি শুনিলো হে আজি। কাৰ মুখ চাইছিলো বা ৰাতিপুৱা। বহুত বহুত ধন্যবাদ দেই! আজি প্ৰশংসা কৰিলা যে।"
: "এ হ'ব হ'ব!! ইমান ড্ৰামা নালাগে কৰিব। প্ৰেইজ কৰিবলগীয়া হৈছে আকৌ , ভাল লাগিছে কাৰণে কৈছো আৰু।"
: "এনেই নালাগে মানে মোক ভাল।"
: "তোমাক টো সদায় ভাল লাগে।"
: "হা???"
: "মানে ভাল মানুহক ভালেই লাগিব ন?"
: "মই ভাল মানে।"
: "নহয় নেকি??"
: "মৌয়ে ক'লে নহৈ পাৰিছেনে?"
: "সেইটোও এটা কথা।"
দুয়োটাই হাঁহিলো। সি মনখুলি হাঁহিলে আৰু মই!!! মই নাজানো। মাথো হাঁহিলো।
গাড়ীখন যিমানেই জাচিংফাৰ ওচৰ পাই আহিল বুকুখন সিমানেই কঁপিব ধৰিলে।
: "মৌ মেঘাক ক'ল কৰা ক'ত আছে।"
: "হা!! অ'!"
মেঘালৈ ফোন লগালো।
: "ক'ত আছ?"
: "আমি ভিতৰ সোমালো।বহি আছো। তহঁত ক'ত??"
: "এই পাওঁ আৰু।"
: "আহ।"
: "সিহঁত ভিতৰত আছে ৰণ।"
: "অ'কে।"
গাড়ী পাৰ্কিং কৰি নামি গ'লো। ৰণক অলপ নাৰ্ভাছ যেন লাগিছিল। জাচিংফা একুৱেটিক ৰিজৰ্টৰ এন্ট্ৰেন্সৰ পৰা ভিতৰলৈ খোজকাঢ়ি যাব লাগে। অলপ দুৰ গৈ হে পাৰ্ক,ৰেষ্টুৰেণ্ট,বাৰ,হ'ল এইবোৰ পায়গৈ। খোজকাঢ়ি গৈ থকা সময় কণ এটাৰো মুখৰ মাত নাছিল। অন্যদিন হোৱাহ'লে পশ্চিমত অস্তগামী সুৰুযৰ ৰাঙলী আভাৰে জিলিকা আকাশখনৰ পৰা বিচ্চুৰিত হোৱা ৰঙবোৰ জাচিংফাৰ পুখুৰীবোৰত প্ৰতিফলন হৈ ৰাঙলী কৰা ৰোমান্টিক পৰিবেশ চাই হেৰাই গ'লোহেতেন প্ৰকৃতিৰ মাজত। কিন্তু আজি এই প্ৰতিফলিত ৰশ্মিবোৰে যেন মোক চুই পুৰিহে নিছে কলিজাৰ ভিতৰৰ পৰা।
: "মৌ can I hold your hand?"
হঠাতে উশাহটো ওলাই যাব যেন লাগিল। কি কয় সি!
: "হা??"
: "মানে সিহঁত ওচৰে-পাজৰে থাকিব পাৰে ন? হাতত ধৰি গ'লে কাম সোনকালে হ'ব আৰু।"
না কৰিব নোৱাৰিলো। না কৰাৰ প্ৰশ্নই নুঠে। কিন্তু নিজক সম্ভালি ল'বলৈ কষ্ট হ'ল এতিয়া। সি হাতেৰে মোৰ পাঁচোটা আঙুলি খামুচি ধৰিলে। তাৰ পৰশত গলিবলৈ আৰম্ভ কৰিছিলো মই ভিতৰৰপৰা।
: "সেইফালে নহয় মৌ এইফালে।"
সি পাৰ্কখনৰ ফালে দেখুৱালে মোক। মই ৰেষ্টুৰেন্টৰ ফালে যাবলৈ উলাইছিলো।
দুৰৰপৰাই দেখিলো মেঘা আৰু বিস্মিতা চুকৰ চাংঘৰটোত বহি আছে। ওচৰে-পাজৰে সৰু ল'ৰা-ছোৱালী এজাকে খেলি ফুৰিছে। সিহঁতৰ পিছে পিছে মাক-বাপেকহঁত। প্ৰেমিক যুগলবোৰ ঠায়ে-ঠায়ে কথাত মচগুল। তাতে আজি ভেলেণ্টাইন দে। ধুনীয়াকৈ সজাইছে জাচিংফাক। লাহে লাহে ওচৰ চাপি গ'লো মেঘাহঁতৰ। আগতেই প্লেন কৰা নিচিনাকৈ মেঘাই আচৰিত হৈ চিঞৰি উঠিল ,
: "আৰে তহঁত ইয়াত।"
ৰণৰ হাত তেতিয়াও মোৰ হাতত। বিস্মিতালৈ চালো। তাইৰ চকু আমাৰ বন্ধ হাততে নিবিষ্ট। হাতখন আঁতৰাই আনিলো মই।
: "অ' অলপ ওলাই আহিলো। তোমালোক ইয়াত?"
ৰণে সুধিলে মেঘাক। মোৰ চকু কিন্তু বিস্মিতাতেই নিবদ্ধ তেতিয়াও। তাই দুচকু আশ্চৰ্য আৰু উদাসীন একেলগে দেখা গ'ল।
সিহঁত তেতিয়াও কথাত মগ্ন।
ৰণক থেলি দিলো লাহেকৈ। সি বিস্মিতাৰ ওচৰ চাপি গ'ল।
মেঘাৰ হাতত ধৰি মই অলপ আঁতৰি আহিলো। মেঘাই আচৰিত হৈ মোলৈ চাই ৰ'ল।
: "তনু!!!"
: "একো নক'বি মেঘা। পাৰিছো মই চা। পাৰিম মই আঁতৰি আহিব।"
মেঘাই জোৰেৰে মোৰ হাতত খামুচি ধৰি থাকিল। ৰণ আৰু বিস্মিতালৈ চালো। কিবা কথা পাতিছে সিহঁতে। লাহে লাহে বিস্মিতা আশ্বস্ত হোৱা দেখা গ'ল। হয়তো বুজালে সি যে আমাৰ মাজত একো নাই।
এপাময় ঘপহকৈ ৰণে বিস্মিতাৰ হাতত ধৰিলে। মোৰ কি হৈ গ'ল নাজানো। মেঘাৰ হাতত জোৰেৰে খামুচি ধৰিলো। মূৰটো ঘুৰাই যোৱাযেন লাগিলে। যেন এইমাত্ৰ কিহবাই খুন্দা মাৰিলে মোক।
: "আহ্! অই দুখ পাইছো।"
দুখ পাইছিল তাই। চিঞৰি উঠিছিল। কিন্তু মই তাইক তেনেকৈয়ে ধৰি উভতি খোজ ল'লো।
: "নোৱাৰিম মই মেঘা! নোৱাৰিম এনেকৈ চাই থাকিব। প্লিজ কিবা এটা কৰ। মোক লৈ ব'ল ইয়াৰপৰা।"
তাইক টানি আনিয়েই কৈ থাকিলো।
কিন্তু এইবাৰ তাই মোৰ হাতখন এৰুৱাই দিলে। তাইলৈ চালো আচৰিত হৈ।
: "বহুত দেৰি কৰিলি তন্ময়া! বহুত!! এতিয়া নহয়। এতিয়া তই নিজ চকুৰে চাব লাগিব তোৰ প্ৰেমৰ সমাধি। ৰণক সহায় কৰ বুলে! পাৰিবি তাক এতিয়া অকলশৰে এৰিব। ইমান স্বাৰ্থপৰ তই।"
কাণখন ঢাকি দিলো দুহাতেৰে।
: "শুনিব লাগিব তই । কাৰপৰা পলাবি। ৰণটো বিস্মিতাৰহে। তেন্তে তই জ্বলিছ কিয়??"
মুখখন ঘুৰাই দিলো। ৰণৰ চকুৱে চকুৱে পৰিলো। মুহূৰ্ততে নিজক চম্ভালি ল'লো। সি মাতিলে চকুৰ ইংগিতেৰে।
: "কি হ'ল মৌ?? why your eyes so red??"
: "হা?? নাই অ' dust allergy আছে যে।"
: "অ' অ'!"
: "কাম হৈছেনে?"
: "উম হৈছে। বুজি ভালকৈ পাইছো মোৰ মানুহজনীয়ে মোক কিমান ভালপায়।"
সি মোৰ চকুলৈ চাই আছিল। কিন্তু কোনোপধ্যে মই তাৰ চকুলৈ চাব নোৱাৰিলো।
: "এতিয়া??" যেনেতেনে সুধিলো তাক।
: "এতিয়া তুমি তাইক লৈ অলপ খোজকাঢ়া। মেঘা আৰু মই গৈ এৰেঞ্জমেন্ট খিনি কৰো।" সি মেঘালৈ চাই ক'লে।
তাৰ প্লেন আছিল। ৰ'জ বুকে এটা দি তাইক প্ৰপ'জ কৰিব। তাৰ পিছত ড্ৰেচযোৰ গিফ্ট কৰিব।
সিহঁত আগুৱাই গ'ল। বিস্মিতা আৰু মই ৰৈ থাকিলো। তাইক কি কম মোৰ ভাষা নাছিল সেই সময়ত।
: "তন্ময়া বা! তুমি ৰণক কেনেকৈ চিনিপোৱা?"
প্ৰস্তুত আছিলো এইটো প্ৰশ্নলৈ।
: "তাৰ মাক মোৰ মামীৰ ক'লিগ হয়। তেনেকৈ।"
: "বহুত ভাল ন' সি।"
: "উম। বহুত।"
: "তোমাৰ বয়ফ্ৰেণ্ড আছে??"
: "হা???"
: "বেয়া নাপাবা এনেই সুধিলো।"
: "অহ্! কিয় বেয়া পাম। নাই।"
: "অহ্!"
তাইক সুধি লৈ দুখ পোৱা যেন দেখা গ'ল।
: "একো নাই দিয়া এনেই হে সুধিলা।"
: "এনেই নহয় বাৰু।"
: "তেন্তে???"
: "মানে জানিব বিচাৰিলো। ৰণ দাৰ নিচিনা ল'ৰা এটাৰ প্ৰেমত কিয় নপৰিলা?"
মোৰ হাত-ভৰি তাতেই চেঁচা পৰি গ'ল। কি উত্তৰ দিম মই এইটো প্ৰশ্নৰ। কিন্তু কিবা কোৱাৰ আগতেই তাই চিঞৰি উঠিল।
: "ৱাও। সৌ ক'টেজটো চোৱানা। ইমান ধুনীয়াকৈ সজাইছে।"
দুৰত দেখিলো সঁচাই বৰ ধুনীয়াকৈ ৰঙা গোলাপে আৰু বেলুনেৰে সজাই থোৱা আছে ক'টেজ এটা।
মোৰ মোবাইল মেচেজ এটা আহিল।
: "তাইক তালৈ লৈ যা।সেইটোৱে আমাৰ ক'টেজ।"
ইমান সুন্দৰ পৰিকল্পনা ৰণৰ। চকু ডাঙৰ হৈ গ'ল মোৰ। বিস্মিতা গৈ ওচৰে পালেগৈ। এইখিনি মই জনা নাছিলো। বিস্মিতাক লৈ তাতে ৰৈ থাকিলো। ঘুৰি চাই দেখিলো ৰণ আৰু মেঘা আহি আছে। আৰু মাত্ৰ কেইটামান মুহূৰ্ত।
তাৰ পিছত একেবাৰে! অ' একেবাৰে বিস্মিতাৰ হৈ যাব ৰণ। নাই নাই মই আৰু চাই থাকিব নোৱাৰিম। বিস্মিতাই তেতিয়াও দেখা নাছিল ৰণক।
সি চকুৰে ইংগিত দিলে মোক..যেন তাই নেদেখে। সিহঁত আহি ওচৰ পালেহি। মোৰ বুকুখন কিমান জোৰে ঢপঢপাইছিল মই বুজাব নোৱাৰো। এনেকুৱা লাগিল যেন মুখেৰে ওলাই আহিব মোৰ কলিজাটো। এতিয়া সি আহি আঁঠু কাঢ়ি প্ৰপজ কৰিব তাইক। নাই নাই!!! মই আৰু চাই থাকিব নোৱাৰিম।
আঁতৰি যাবলৈ লওঁতেই বিস্মিতাই থাপমাৰি ধৰিলে। আচৰিত হৈছিল তাই সকলোবোৰ তেনেকৈ দেখি।
: "ঐ চাই ল' তই!"
ৰণক বুকেটো লৈ তাইৰ সন্মুখত এটা আঁঠুত বহি থকা দেখি মেঘাই চিঞৰিয়ে দিলে মোৰ হাতত সজোৰে ধৰি। নীৰৱতাই বিৰাজ কৰিলে ঠাইখিনিত। নে সেই নীৰৱতাই মোৰ ভিতৰত ঘ'ৰ পাতিছিল বুলি নাপালো।
মই মাত্ৰ প্ৰস্তৰ হৈ ৰৈছো মুখত হাঁহি এটা সজাই। খুব কষ্টৰে। চকু কেইটাই বাধা নামানা হৈ আহিছিল মোৰ। বিস্মিতাৰ হাতখন এৰুৱাই মই বেগত কিবা বিচৰাৰ চলেৰে পিছলৈ মূৰ কৰিলো। হৈ যাওঁক!! এইখিনি সময়তে হৈ যাওঁক সিহঁত এক!!
: "উফ্!!! শব্দবোৰ হেৰাই গৈছেচোন আজি। তোমাক কি বুলি কম ভাবিয়েই পোৱা নাই। মাত্ৰ এটা কথাই সুধো will you be my valentine for the rest of my life? মোৰ হ'বানে তুমি??"
স্তব্ধ হৈ ৰ'ল সময় তাতে।
মোৰ কাণত থলৰ থলৰকৈ বাজিল শব্দকেইটা । ৰণে বিস্মিতাক কোৱা শব্দকেইটা। ঘুৰি চাবলৈ নোৱাৰো মই আৰু আঁতৰি যাবলৈ অপাৰগ মই। বেগৰপৰা ৰুমালখন উলিয়াই চকুৰ কোন দুটাত হেচি ধৰিলো কোনেও নেদেখাকৈ। ইমান দিনে কলিজাটো ভাঙি আছিল। আজি এনেকুৱা লাগিল অস্তিত্বই যেন হেৰাই গ'ল মোৰ কলিজা টুকুৰাৰ শৰীৰৰ ভিতৰৰপৰা।
: "হা না কিবা এটা কোৱা না অ' মোৰ মানুহজনী!!!"
(আগলৈ)
Comments