শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
(অন্তিম খণ্ড)
( খণ্ড ১৪)
: "থেংক ইউ মৌ।"
: "থেংক ইউ কিয়?"
: "মোৰ জীৱনলৈ অহাৰ কাৰণে।"
: "আচ্ছা!! তেন্তে থেংক ইউ টু।"
: "কিয়??"
: "মোক ইমান মৰম দিয়াৰ কাৰণে। মোক নিজকে বুজি পাবলৈ সুবিধা দিয়াৰ কাৰণে। মোক প্ৰেম কি বুজাই দিয়া কাৰণে।"
: "ৱাও। ইমান থেংকচ।"
: "উম। মোৰ গিফ্টটো কিয় দিয়া নাই?" মুখখন ফুলাই সুধিলো।
: "অলে মৌ বেবীটো। এইটো চোৱা পিছফালে আছে।"
পিছফালে চালো ধুনীয়াকৈ পেকিং কৰা আছে ড্ৰেচযোৰ।
: "ৱাও! ইমান ধুনুকৈ পেক কৰিছা?"
: "ধুনু মানুহলৈ লৈছো যে!"
লাজ লাগি গ'ল।
: "খুলি চোৱা আকৌ!"
খুলি চালো। সঁচাকৈ বৰ ধুনীয়া।
: "থেংক ইউ ৰণ।"
: "থেংক ইউ ড্ৰেচযোৰে হে ক'ব তুমি পিন্ধিলে। নেক্সট দেওবাৰে আমি ডেটত যাওঁতে।"
: "অহ্ হ!! ডেটৰ প্লেনো কৰি পেলালা।"
হঠাতে গাড়ীখন ৰাখিলে সি। এইবাৰ মোৰ চকুলৈ চাই ক'লে,
: "তুমি মোৰ হৈ থাকা মৌ গোটেই পৃথিৱী খনকে তোমাৰ কৰি দিম।"
লাজ লাগিছিল। ইমান ওচৰত সি মোৰ। হেৰাই যাওঁ বাৰে বাৰে তাৰ গভীৰ দুচকুত। ভাল লাগিছিল। নতুন মোৰ বাবে সকলোবোৰ ।
: "বিলাসী হাবিয়াস নাই মোৰ ৰণ।
এয়া মোৰ ঔদ্ধত্য নহয়।
জীৱনটোত কেৱল জীৱিত নহয় জীয়াই থাকিব খোজো।
পাৰিলে মোৰ অন্তিম নিদ্ৰাৰ আগৰ শেষ হাঁহি হ'ম বুলি কথা দিয়া।"
: "অহ মাই গড! "
: "কি হ'ল??"
: "ইমান অনুভৱী নে মোৰ মৌ জনী।"
: "যাহ্!"
হাঁহিলে সি।
: "জীৱনৰ শেষ দিনলৈকে বেলেগ কি দিব পাৰিম নোৱাৰিম নাজানো মৌ। চকুপানী নোলাব বুলিও কথা নিদিও। কিন্তু ভালপাম তোমাক। উশাহৰ শেষ বিন্দুলৈকে ভালপাম।"
মোৰ দুচকু হয়তো সেমেকিছিল। একো ওলাই নাহিল মুখেৰে।
: "মৌ পোৱালি! কি হ'ল তোৰ?"
: "একো নাই!"
: "মই কিন্তু তই বুলি কম দেই কেতিয়াবা কৈ থলো। স্পেচিয়েলি তুমি দুষ্ট কৰিলে।"
: "হ'ব হ'ব। মই ভাল ছোৱালি।"
: "আইয়ৌ মোৰ মটুজনী।"
: "অ' প্লিজ হা। মই মটু নহয়।"
: "হয়। একদম নন্দুজনী মোৰ।"
: "আ হা! ৰণ।"
: "অলে অলে! নহয় দে।"
: "বলা এতিয়া ৰৈ থাকিবা নে।"
: "যাওঁ যাওঁ ! তুমি মোবাইলটো চেক কৰা।" সি গাড়ী চলালে।
: "কিয়?"
: "ভেলেন্টাইনচ দে গিফ্ট আছে। তোমাৰ প্ৰিয় বস্তু।"
হুৱাটচ এপত দেখিলো তাৰ মেচেজ এটা। মানে গাড়ী ৰখাই এইটো কাম কৰিলে।
কেইবাখনো মোৰ ফ'টো। চকু ডাঙৰ হৈ গ'ল মোৰ।
: "এইবোৰ কেতিয়া তুলিলা??"
: "চুপ!! একদম মনে মনে পঢ়ি চোৱা আগতে।"
ভালকৈ চাই গ'লো।
প্ৰথমখন ক'লেজৰ চিলভাৰ জুবিলীৰ। চাদৰৰ আগটো পকাই ৰৈ আছো কোনোবাফালে চাই। তাৰ লগত এশাৰী পংক্তি,
"মন বাৰিষাৰ অনামী এজাক
বৰষুণ হৈ নামিলা,
তুমি ভিজা মনৰ আৱেশসনা
সুৱাস হৈ ৰোৱানা।"
দ্বিতীয় ফ'টোখন অ'কিনাৱাত লোৱা। মই মাছকেইটা জপিয়াই থকা চাই আছিলো তন্ময় হয়। তাৰ তলতো এশাৰী পংক্তি,
"মোৰ কঁপা কঁপা দুহাতত
দহো আঙুলিৰে খামুচি,
চকুত চকু থৈ মোক এবাৰ
ভালপাওঁ বুলি কোৱা না।"
তৃতীয় ফ'টোখন মামাৰ ল'ৰাটোৰ বিয়াৰ । মই ফেচবুকত আপলোড দিচিলো। কিবা এটা কৈ হাঁহি আছিলো বৌৰ লগত। তাৰ তলতো এশাৰী আছে,
"পশ্চিমত গলা বেলিটি
কপালতে আকি দিম,
তোমাৰ সেন্দুৰীয়া আলিৰ ঠিকনা
মই বুলি কোৱানা।"
চতুৰ্থ ফ'টোখন ক'লেজত চিলভাৰ জুবিলীৰ দিনা মই পেলাই দিয়া গোলাপ পাহ। সি ক'ভাৰ ফ'টো দি থৈছিল। তাৰ তলত লিখিছে,
"জীৱন বাটত সজাই যাম
ৰক্তোজ্জ্বল গোলাপবোৰ।
পাহিবোৰৰ ৰঙবোৰ
আমাৰ মৰম বুলি কোৱানা।"
পঞ্চম ফ'টোখন দেখি আচৰিত হৈ গ'লো। আজিৰ!!! সি কাৰ পাৰ্কিং কৰিবলৈ যাওঁতে মই আবেলিৰ সৌন্দৰ্য্যৰে বিমুখিত জাচিংফা চাই আছিলো। কিন্তু দুচকু উদাস মোৰ। তথাপিও হেঙুলীয়া বেলিৰ আভাই উজলাই তুলিছে। তাৰ তলত লিখিছে,
"শুনা না.......
তোমাৰ দুচকুৰ অৰ্ণৱত
মোক ডুবিবলৈ দিয়া না।
চকুত চকু থৈ এবাৰ মোক
ভালপাওঁ বুলি কোৱা না।"
মই মাত্ৰ তালৈ চাই থাকিলো। মুখৰ মাত হেৰাই গ'ল মোৰ।
: "চালা? এতিয়া ড্ৰেচযোৰৰ লগত থকা পেকেটটো খোলা।"
ড্ৰেচযোৰৰ লগত যে কিবা আছিল চকুতে নপৰিল। দেখিলো এটা সৰু হাৰ্ট চেপৰ এলবামৰ নিচিনা। গোটেইটো ৰঙা ৰঙৰ। তাত মোক হুৱাটচ এপত পঠিওৱা গোটেইখিনি প্ৰিন্ট কৰি দিয়া আছে।
মই কি কম ভাবি নাপালো।
আচলতে শব্দৰে তাৰ প্ৰচেষ্টাক প্ৰকাশ কৰা অসম্ভৱ। চকুপানী ওলাব খুজিছিল কিন্তু ৰখালো কোনোমতে। ৰণৰ আগত সুখটো নাকান্দো।
: "কেনেকুৱা লাগিল নকলা যে?"
: "মোৰ ভাষা হেৰাই গৈছে ৰণ। কেনেকৈ ইমান ভাবি পোৱা তুমি??"
: "যেতিয়া প্ৰেম হয়। তাত ভাবিব নালাগে নহয় একো বেঙী। এইবোৰ নিজেই হৈ থাকে।"
বহু সময় মনে মনে থাকিলো।
: "মৌ!!"
: "উম্!"
: "কি হ'ল একো নোকোৱা হ'লা?"
: "লাভ ইউ ৰণ!"
: "লাভ ইউ টু চুইটহাৰ্ট।"
: "গোলাপ পাহ মানে মই সেইদিনা পেলাই দিয়া পাহেই???"
: "অ' আকৌ!!"
: "তুমি পেলাই কিয় নিদিলা?"
: "কি কথা কোৱা! মোৰ মৌয়ে লোৱা গোলাপ মই পেলাই দিম??"
: "কেনেকৈ ইমান ভালপোৱা অ' মোক ৰণ??"
: "হাঃ হাঃ!! কৰ্ছ কৰি আহিছো ILM ৰ।"
: "কি!!!!"
: "উম্!! স্পেচিয়েক কৰ্ছ হয়। I Love Mou (ILM)"
: "যাহ্!! কি যে কৈ থাকা?"
: "আইজৌ মোৰ টুকুলুজনী।"
গালখন চিকুটি দিলে সি।
: "আহ্!"
খঙতে এক ঘোচা মাৰি দিলো তাক।
: "বাপৰে! domestic violence"
: "কি কি যে আহে তোমাৰ মূৰলৈ নহয়।"
হাঁহি উঠি গ'ল মোৰ।
: "মৌ!!"
: "উম্!"
: "তোমাক নমাবলৈ মন যোৱা নাই।"
কেতিয়া আহি ঘ'ৰৰ ওচৰ পালোহি গ'মেই নাপালো। মনটো বেয়া লাগি গ'ল। আজি আঁতৰি যাবলৈ মন যোৱা নাই। যেন ৰৈ যাম চিৰদিন এনেকৈয়ে। দুয়ো দুয়োতে বিলীন হৈ।
বহি থাকিলো গাড়ীতে অলপ সময়।
: "লৈ যাওঁ বলা ঘ'ৰলৈ।"
জোকালে মোক সি।
: "এ হ'ব......কিনো জোকাই থাকা। "
: "লাজ লাগিছে নেকি মোৰ মানুহজনীৰ। কেইদিননো থাকিবা ইয়াত। নিমেই মই অহা বছৰলৈ।"
: "এ যা.....।"
নামিবলৈ ললো মই। লাজ এসোপা উজাই আহিছিল আকৌ।
সি এপাকত টানি লৈ মোক বুকুৰ মাজত সোমোৱাই ল'লে। মই তলকিবই নোৱাৰিলো। লাহে লাহে নিজকে বিলীন কৰি দিলো তাৰ বুকুৰ মাজত। এক হৈ গ'ল দুয়োৰে উশাহ।
: "আই লাভ ইউ মৌ!"
সি কাণৰ কাষত লাহেকৈ ক'লে। তাৰ উশাহৰ উত্তাপে বুকুত অনামী শিহৰন জগাই তুলিলে।
: "আই লাভ ইউ টু ৰণ।"
অলপ সময় পিছত মোৰ কপালত চুমা এটা দি মুক্ত কৰি দিলে সি বাহুবন্ধনৰপৰা। দুচকু মুদি দিলো মই আৱেশত।
: "যোৱা এতিয়া। মই গৈ পাই ক'ল কৰি আছো।"
: "অ'কে!"
লাহেকৈ নামি আহিলো গাড়ীৰপৰা।
: "অই গিফ্ট কেইটা কোনে নিব?"
প্ৰেম সাগৰত ডুবি পাহৰিয়ে গৈছিলো মই সেইকেইটালৈ।
: "য়ে ৰাম!"
হঠাতে ঘ'ৰত নো কি বুলি কম ভাবি চিঞৰিলো মই।
: "কি হ'ল??"
সি আচৰিত হৈ গ'ল।
: "ঘ'ৰত কি বুলি কম? কোনে দিলে বুলি কম!"
: "ইস্! কৈ দিবা আকৌ হ'বলগা জোঁৱাইয়ে দিছে বুলি।"
: "এ যাহ্! কোৱানা?"
: "একো নহয় দিয়া। মেঘাই দিছে বুলি কবা।"
: "উম্! তাকেই ক'ব লাগিব।"
: "ইমান চিন্তা অ' পোৱালিৰ।"
: "হ'ব হ'ব! যোৱা এতিয়া।"
: "যাওঁ জানো??"
: "যা অ'!"
থেলি দিলো তাক।
: "হাঃ হাঃ অকে বেবী। বাই! আই ৱিল মিচ ইউ"
: "বাই! ৱিল মিচ ইউ টু।"
সি যোৱালৈ চাই থাকিলো অলপ সময় চকুৰে গাড়ীখন নেদেখা হোৱালৈ। লাহে লাহে গে'ট খুলি ভিতৰ সোমালো মই। হাতত সি দিয়া গিফ্ট কেইটালৈ চালো। নিজকে নিজে সাৱটি ধৰিলো। মোৰ গাত তেতিয়াও ৰণৰ সুৱাস। উশাহত উজাই ল'লো তাৰ বডি স্প্ৰেৰ সুগন্ধ। মোৰ উশাহত ৰণ উজাইছে হিয়ালৈ। মোৰ উশাহত উজাইছে এজাক ভালপোৱাৰ সুৱাস।
***********************
(সমাপ্ত)
(প্ৰেম সঁচাকৈ মধুময়। প্ৰেমময় জীৱন ঈশ্বৰৰ দান। ৰণ আৰু তন্ময়া মানে "মৌৰণ"ৰ সম্পৰ্ক এতিয়া সুন্দৰকৈ চলি আছে। শুনিবলৈ পাইছো অহা বছৰ সিহঁতৰ বিয়া। এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা সকলো যেন সুন্দৰকৈ আগুৱাই যায়। বাকী কাৰ কপালত কি আছে কোনেনো জানে ন'??)
Comments