শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
( খণ্ড ১০)
ৰাতিটো কেনেকৈ পাৰ কৰিলো ক'ব নোৱাৰো। শেষ নিশালৈ অলপ টোপনি আহিছিল চাগৈ। ৫টামান বজাত চকু মেল খালে। বুকুখন তেতিয়ালৈ অলপ পাতল লাগিছিল। শোকবোৰৰ ভৰ একেই আছিল যদিও বুকুত থানথিত লাগি বহিছিল চাগৈ। মোবাইলটো চালো ৬টা মিচকল। ২৭২টা হুৱাটচ এপ মেচেজ।
২টা ৰণৰ.....৩টা মেঘাৰ... ১টা শিখাৰ মিচকল। হুৱাটচ এপত গ্ৰুপ মেচেজবোৰেই ভৰ্তি। তাৰ মাজতে ৰণ আৰু মেঘাৰো আছে।
: "কি হ'ল ফ'টোও নিদিলি...
একো নকলিও...
ফোনো নধৰিলি"
মেঘাৰ মেচেজ।
: "কি হ'ল তোমাৰ?"
ৰণৰ মেচেজ।
কি হ'ল!!! কি হ'লনো মোৰ। কেনেকৈ বুজাম কি হৈছে মোৰ। বুকুত গৰাখহনীয়াই চকুলোৰ পাৰ ভাঙিছে অথচ বৈ যাব পৰা নাই চকুৰ নেওচা ভেদি। ভয় লাগিছে কান্দিবলৈ কিজানি উটোৱাই লৈ যায় মৌ আৰু ৰণৰ মাজৰ সেঁতুদালো।
: "চৰি কালি আলহী আহিল ঘ'ৰ পাই দেখিছো। পিছত মূৰ বিষাল শুই গ'লো। এতিয়াহে মোবাইলটো চাইছো।"
গোকোট মিছা কথা এষাৰ ক'লো। বেয়া পাওঁ মই প্ৰিয় মানুহবোৰক ফাকি দি। কিন্তু মইযে নিৰুপায়। নোৱাৰো দেখুওৱাই দিব তাক তাৰেই মৰমে বিদ্ধস্ত কৰা মোৰ গুপুত প্ৰেমৰ ঠিকনা।
হঠাত মোবাইলটো বাজি উঠিল।
ৰণ কলিং.......
ইমান ৰাতিপুৱাই। সি কিয় উঠিল? নে শুৱা নাছিল মোৰ নিচিনা।
বুকুৰ চুনামিজাক সেঁপ ঢুকি দমাই লৈ ফোনটো ধৰিলো।
: "গুদমৰ্ণিং!"
: "মৰ্ণিং! কি হ'ল মূৰ বিষ হ'ল যে।"
: "নাজানো কিয় বা? ঠাণ্ডা সোমাল চাগৈ।"
: "উম। হ'ব পাৰে।"
ক্ষন্তেক নীৰৱতা। মাথো ভাহি আহিছে বতাহত মোবাইলৰ মাজেদি অনাকাংক্ষিত মৌনতা।
: "কিবা ক'বা?"
মইয়েই সুধিলো।
: "উম! নাই। তুমি কিবা ক'বা?"
: "কি ক'ম।"
: "ক'বলৈ ৰৈ যোৱা কিবা? প্ৰয়োজনীয়???"
: "কি ৰৈ যোৱাৰ কথা ক'লা?"
উশাহটো চুটি হৈ আহিল। ধৰা পৰি গ'লো নেকি তাৰ আগত।
: "একো নাই। ক'লেজ যাবা?"
: "যাম। তোমাৰ কামটো কৰিব লাগিব নহয়।" নাজানো কিয় তেনেকৈ ক'লো। হয়তো বুকুত অভিমানে ঘ'ৰ সাজি লৈছিল।
: "অ' প্লিজ কৰিবা হা। এক্সুৱেলী মই সেইটো কাৰণেই ফোন কৰিছিলো। তুমি বহুত বুজা মোক মৌ। বহুত বুজি পোৱা! মোক ক'বা কি কয় হা।"
হঠাতে লানি নিচিগাকৈ গাই গ'ল সি। কিবা যেন খং এটা উজাই আহিছিল তাৰ। কিন্তু কিহৰ বাবে বুজি নাপালো।
: "উম হ'ব।"
কোনোমতে ক'লো।
ফোনটো কাটি দিলে সি। বাই বুলিও নক'লে।
আকৌ এবাৰ আঘাত পালো। চিধাই বুকু ভেদি সোমাই গ'ল শব্দবোৰ। মই আজি মোৰ প্ৰেমক বেলেগৰ হাতত সঁপিবলৈ যাম।
কিন্তু দোষ কাৰ! সিটো মোক কোনোদিনে ভালপাওঁ বুলি কোৱা নাই। না মই কেতিয়াবা প্ৰকাশ কৰিছো। আৰু মই নিজে কিয় অম্লান নামটো বুকুত বান্ধি ঘুৰি ফুৰিছো?
কিয় আচাৰি পেলাব পৰা নাই মোৰ হৃদয়ৰ পৰা তাৰ অস্তিত্ব?
মোবাইলটো থৈ পৰি থাকিলো বিচনাত। কিমান দেৰি গম নাপাওঁ। আকৌ ফোন বাজিল। মেঘাৰ ফোন। সময় চালো ৮ টা বাজিল।
: "অই পাগল! অন্ধও হ'লি নেকি? মিচকল ,মেচেজ নেদেখ?মই...."
মেঘাৰ মাতটো শুনি মোৰ বুকুত দমি থকা আগ্নেয়গিৰিৰ যেন উদ্গীৰণহে হ'ল। মুখত সোপা দি নিজকে চম্ভালি উচুপি উচুপি কান্দিলো।
: "তনু!!! অই!!! কি হৈছে তোৰ???"
মোৰ উচুপনি আৰু বাঢ়ি গ'ল।
: "চুপ একদম চুপ! বেবী কি হৈছে। কিয় এনেকুৱা কৰিছ?"
উচুপি উচুপিয়ে তাইক গোটেই কথাখিনি কৈ গ'লো। তাৰ পিছত মই উচুপি থাকিলো আৰু তাই নীৰৱে শুনি থাকিলে মোৰ উচুপনি।
: " চুপ একদম চুপ! নাকান্দিবি আৰু। ঘ'ৰত আছ। আন্টিহঁতে দেখিব। এটা কাম কৰ ফ্ৰেচ হৈ ক'লেজলৈ ওলাই আহ। মই গৈ আছো তোক পিক কৰিম।স্কুটি নানিবি।"
: "হ'ব।"
তাইৰ কথামতে ৰেদি হ'লো। তাই আহি পাওঁতে ক'লেজলৈ ওলাই গ'লো। তেতিয়াও ক্লাছ আৰম্ভ হ'বলৈ যথেষ্ট সময় আছিল। ভেহিকেল পাৰ্কিংতে ৰ'লো দুইজনী।
: "এতিয়া কি কৰিম ভাবিছ?"
: "মোক যি দায়িত্ব দিছে পালন কৰিম।"
: "মানে??"
: "ৰণে দিয়া দায়িত্ব। বিস্মিতাক তাৰ জীৱনলৈ আনি দিম।"
: "পাৰিবি ?"
: "পাৰিম!"
: "ভাল নাপাৱ তই ৰণ দাক?"
: "নাপাওঁ! সি বিস্মিতাৰ!"
: "মই তোক সুধিছো ভালপাৱ নে নাই ক'? কাৰ হয় সি কৈফিয়ৎ বিচৰা নাই।"
: "নাপাওঁ!"
: "হ'ব। ভাল কথা। তেন্তে কান্দি কাটি ড্ৰামা কিয়?"
: "নাজানো।"
: "আচলতে কি জান? এটা চাম থাকে বয়ফ্ৰেণ্ড বুলি এটা টেটুত লগাই লয় আৰু এটা ভাল বূৰ্বক চাই আঙুলিৰ মূৰত ঘুৰাই থাকে।তইও সেয়াই হৈছ।"
: "মেঘা!!!!"
: "নিচিঞৰিবি!!! নিজেই ভাবি চা কি কৰি আছ! না তই অম্লানৰ হ'ব পাৰিছ না তই ৰণক ভালপাওঁ বুলি ক'ব পাৰিছ। কি কৰি আছ তই। কি কৰা বিচাৰিছিলি ৰণে??? কি কৰিব বুলি ভাবিছ অম্লানে??? তোক বিয়া পাতিব??? তোক ভালপাই??? অহ্ প্লিজ তন্ময়া। তইও জান অম্লানৰ জীৱনত তোৰ অস্তিত্ব কি। মাত্ৰ মানি নলৱ।"
উচাৎ মাৰি মেঘা আঁতৰি গ'ল। মুখৰ মাত হৰি গ'ল মোৰ। সঁচাকৈ তাই এটা কথাও মিছা কোৱা নাই। প্ৰত্যেকটো শব্দই সঁচা। কাৰপৰা কি বিচাৰিছোনো মই। নাই নাই মই সকলো থিক কৰিবই লাগিব।
চকুপানী মোহাৰি পেলালো মই।
: "মই সব থিক কৰিম মেঘা! সব!"
: "কি কৰিবি?"
: "!!!!!!"
: "ক' কি কৰিবি??"
চিঞৰিলে তাই।
: "এক কৰিম। ৰণ আৰু বিস্মিতাক এক কৰিম আৰু আঁতৰি যাম মই সিহঁতৰ জীৱনৰপৰা চিৰদিনৰ বাবে!!!"
সমানে মইও চিঞৰিলো।
বহু সময় নীৰৱ হৈ ৰ'লো দুয়োজনী দুফালে। পাৰ্কিংৰ নীৰৱতাৰ মাজত মোৰ বুকুৰ ধুমুহাজাকৰ সাক্ষী হৈ ৰ'ল তপত হুমুনিয়াহবোৰ!
: "ব'ল। মই তোক সহায় কৰিম। তই যি ভাবিছ তাকে কৰিম। যোনবাটে তই আগুৱাই যাৱ মই লগ দিম । ব'ল।"
এইবাৰ মেঘাৰ মাত কুমলিল। সেমেকা চকুৰে মোক সাৱটি ল'লে তাই। তাইৰ বুকুৰ মাজত সোমাই উচুপি উঠিলো মই।
ক্লাছত এজনীৰো মন বহা নাই আজি । বহাব পৰা নাই। মাথো নিষ্প্ৰভ চাৱনি লৈ শুনি গৈছো যি কৈ আছে।
মোবাইলটো ভাইব্ৰেট হ'ল।
ৰণৰ মেচেজ....
: "ক'লেজ পালা?"
: "উম! অফিচ আহিলা?"
: "উম্! ক্লাছ হৈ আছে?"
: "অ'!"
: "অকে কৰা!"
মনটো জেদি হৈ উঠিছে মোৰ। এক অদ্ভুদ জেদ। বুজি পোৱা নাই কি হৈছে ভিতৰখনত। সত্যৰ লগত মই চিনাকি কিন্তু মেঘাৰ কথাবোৰে আইনাখন দেখুওৱাই দিলে মোক। সকলো ফালে যেন আন্ধাৰ। তাৰ মাজৰ বোকাময় অন্ধকাৰ গাত এটাত পোত খাই গৈ আছো মই। কিছু মুহূৰ্তৰ পিছত যেন একে নিঃশেষ হৈ যাম চিৰদিনলৈ।উচপ খাই উঠিলো মই।
: "কি হৈছে তোৰ?"
মেঘাই জোকাৰি দিলে।
: "নাই।"
তাইৰ হাতখন খামুচি ধৰিলো।
ক্লাছটো শেষ হোৱাৰ লগে লগে মেঘাক ক'লো,
: "ব'ল!!"
: "ক'ত যাৱ?"
: "বিস্মিতাক বিচাৰি।"
: "তন্ময়া!!!!"
: "ব'ল।"
: "আজিয়ই নালাগে নেকি?"
: "নাই মেঘা। লাগিব। আজিয়েই লাগিব সকলো কৰিব। ব'ল।"
একো নক'লে আৰু তাই। ক্লাছ অফ আছে দুটা। ফাৰ্ষ্ট ইয়েৰৰো অফ এইটো। বিস্মিতাক বিচাৰিলো। ক্লাছত চালো নাই।
: "বিস্মিতা অহা নাই নেকি?"
শ্ৰেয়াক দেখি সুধিলো।
: "আহিছে বা। লাইব্ৰেৰীত আছে।"
লাইব্ৰেৰীলৈ চালো। আমাৰ এন্ট্ৰি নাই এতিয়া। ফাৰ্ষ্ট ইয়েৰহে সোমাব পাৰিব। তাইক মাতি পঠিয়ালো কমন ৰূমলৈ।
অলপ পিছত তাই সোমাই আহিল।
বৰ ধুনীয়া ছোৱালী তাই। হৰিণ চকুৱা। এমোকোৰা হাঁহি মুখত থাকেই। মাতটোও বৰ মিঠা। স্মাৰ্ট ছোৱালী। নতুনকৈ ষ্ট্ৰেইট কৰা চুলিখিনি মেলি কমন ৰূমলৈ সোমাই আহোতে পোহৰ এজাক সোমাই অহাযেন লাগিল।
: "আৰে তন্ময়া বা। মোক মাতিছিলা বুলে।"
: "অ' বিস্মিতা আহিলা।"
হাঁহি হাঁহিয়েই মাতিলো তাইক। মেঘাই এবাৰ মোলৈ এবাৰ তাইলৈ চাই ৰৈ থাকিল।
: "কিবা ক'বা।"
: "অ' তুমি মোক যে কৈছিলা কিতাপখন আছে মোৰ তাত দি দিম।"
: "অহ্ থেংক ইউ দেই। ইমান বিচাৰিলো সেইখন। "
মোক সাৱটি ধৰিলে তাই।
মোৰ ওচৰতে বহি মেঘাৰ লগত কথা পতাত লাগিল।
: "বিস্মিতা!!"
: "উম কোৱা?"
: "তুমি ৰণবিজয় দত্তক চিনিপোৱা।"
: "পাওঁ!"
থতমত খাব বুলি ভাবিছিলো। কিন্তু হাঁহিলে তাই। ৰণৰ নাম শুনাৰ লগে-লগে তাইৰ চকু দুটা উজ্জ্বল হৈ গ'ল। আৰু সেই উজ্জ্বলতাৰ জুইকুৰাৰ লেনিহান শিখাই দেই-পুৰি নিলে মোৰ কলিজা। কুৰুকি কুৰুকি সোমাই বুকুত ঘ'ৰ পাতি ল'লে কলীয়া মেঘ এজাকে।
: "কেনেকৈ চিনিপোৱা তুমি?"
মেঘাই সুধিলে।
: "কিয় নো? কিবা হৈছে নেকি বা?"
তাই অলপ ভয় খালে।
: "নাই নাই। ধেৎ। এনেই সুধিছো।"
দুয়োজনীয়ে ক'লো।
: "ভাললাগে মোৰ তেওঁক!"
এইবাৰ চিধাই মোৰ চকুলৈ চাই ক'লে।
তাইৰ দৃঢ়তাত মোৰ অভিমান টুকুৰা টুকুৰ হৈ গ'ল। কিমান ভাল পালে এজনী ছোৱালীয়ে অকপটে স্বীকাৰ কৰিব পাৰে অপ্ৰয়োজনীয় কাৰোবাৰ আগত ভালপোৱাৰ কথা!!
: "কিন্তু মই জানো। তেওঁ বেলেগ কাৰোবাক ভাল লাগে। সেইবাবে আঁতৰি ফুৰো।"
: "কি??? তোমাক কোনে ক'লে?"
মই আচৰিত হৈ মেঘালৈ চালো।
: "জানো মই। লাগে তেনেকুৱা।"
: "যদি মই কওঁ সি তোমাক ভালপায়!"
এইবাৰ তাইৰ চকুলৈ চাবলৈ সাহ নহ'ল মোৰ।
: "হাঃ হাঃ.... নাপায় বা। "
: "যদি পায়।"
: "তেন্তে পৃথিৱীৰ আটাইতকৈ সুখী মই হ'ম। তেওঁৰ নিচিনা কাৰোবাক জীৱনত পাবলৈ বহুত পূণ্য কৰিব লাগিব। আৰু যিজনেই তেওঁক হেৰুৱাব পৃথিৱীত তেওঁতকৈ মূৰ্খ আৰু দুৰ্ভগীয়া আৰু নোলাব।"
তাইৰ চকুত এক উজ্জ্বলতা আছিল। বিশ্বাস আছিল নিজৰ প্ৰেমৰ ওপৰত।
ৰণৰ প্ৰেয়সীক বিচাৰি আহিছিলো আৰু এজনী প্ৰেমিকা বিচাৰি পালো। সঁচা প্ৰেম চাগৈ এনেকুৱাই।
তেন্তে মোৰ প্ৰেম কি! মই আচলতে যোগ্যই নাছিলো ৰণৰ। নিজৰ ওপৰতে বিশ্বাসহীন মইজনী আচলতে কাৰোৰে প্ৰেমৰ যোগ্য নহয়। তাইৰ বিশ্বাস আৰু সততাৰ আগত শিৰনত হৈ গ'লো মই। প্ৰেম সাগৰত ৰাধাটো হাজাৰজনী ওলাব ৰুক্মিণী ভাগ্যৱানজনী হে হয়।
কিন্তু মীৰাৰ দৰে প্ৰেমিকা বিৰল। সেইজনী মীৰা চাগৈ বিস্মিতাৰ দৰেই দৃঢ় আছিল।
***********
(আগলৈ)
Comments