" তোলৈ বুলি"


জুমি চাচোন মোৰ কলিজাত 
উথলি উঠা তই তই ঘ্ৰাণৰ উশাহবোৰ।
বুজিতো পাঁ‌ও তই 
মোৰ পাগল পাগল মৰমবোৰ।

অতীতৰ দেওনা গচকি মোৰ দুহাতত ধৰি চাচোন।
সানি দিম তোৰ উকা কলিজাত গোলাপৰ ৰঙ।
প্ৰেয়সী হ'ব নালাগে মোৰ....
তই সাক্ষী হৈ ৰ' মোৰ শেষ উশাহলৈ।

আৰে,
এবাৰ সুযোগটো দি চা তোৰ পাগল প্ৰেমিকক।
জোনবাই সাক্ষী হৈ ৰ'ব পদুলিত মোৰ
যিদিনা নিয়ৰৰ দলিচা গৰকি 
তোৰ চোতাল গচকিম।

সমাজে সেইদিনা উৰুলি দিব
যিদিনা তোৰ শিৰত সেন্দুৰীয়া আলিবাট সাজিম।
অধিকাৰেৰে সামৰি ল'ম তোক বুকুৰ মাজত।
নিৰ্ভয়ে ..... চিৰদিনলৈ....

Comments

Popular posts from this blog

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া