শিৰোনামঃ " উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস " ණ ৰিকুমণি শইকীয়া

( খণ্ড ২ )

প্ৰফাইলটো খুলি চালো অভ্যাসবসতঃ। ৱান মিউটুৱেল ফ্ৰেণ্ড প্ৰজ্ঞান বৰুৱা। 
আচ্ছা। প্ৰজ্ঞান দাৰ লগৰ হ'ব চাগৈ। প্ৰজ্ঞান দা মোৰ ঘ'ৰৰ ওচৰৰে। দুয়োটাৰে একেলগে ফ'টোও আছে বহুত। প্ৰফাইল ফ'টোখন চাইহে চকু কপালত উঠিল। আৰে এইটোচোন অথনি চিনাকি হোৱা মামীৰ কলিগ'ৰ ল'ৰাজন। মৰমলগা মুখখনেৰে শান্ত ল'ৰাটো। দুচকুৰ গভীৰতা চচমাজোৰৰ মাজেদিয়ে দেখি থাকি। কিনো কৰে সি চালো। ৱৰ্কচ এট এ.পি.দি.চি.এল। তাৰমানে অথনি মোৰ নামটো সি মনত ৰাখি থৈ দিছিল।
এক্সেপ্ট কৰো নে নকৰো ভাবি নাপালো। ইনবক্সত মেচেজ আছে নেকি চালো। নাই ! কাৰো নতুন মেচেজ নাই।

লগ আউট কৰি থৈ দিলো। ইতিমধ্যে ৰাতিপুৱা ৫বাজি গ'ল আদ্দা দি থকা ৰাইজ চকী চোফা যি পাইছে তাতে ভৰ টোপনীত। কোনোবা কোনোবা এতিয়াও সাৰে আছে মোৰ দৰে। কিন্তু মোবাইলত মগ্ন। মোবাইলটো থৈ মইও চকী এখন টানি নি দাদাৰ ওচৰ পালোগৈ। অলপ শকত বাবে চোফাখনত সোমাই গৈছে সম্পূৰ্ণ সি। তাৰ পেটটোকে গাৰু বনাই দুখন চকীত মোজোঙা মাৰি মইও শুবলৈ চেষ্টা কৰিলো।

ৰাতিপুৱা মানুহৰ কথা পতাৰ শব্দত চকু মেল খালে। কিন্তু তেতিয়া মোৰ মূৰটো দাদাৰ কোলাত আৰু মই মানুহজনী চোফাত। দাদাৰ ভাষাত ভৰ টোপনীত মোক চোৰে ডাঙি লৈ গ'লেও গম নাপাম। কিমান দিন যে এঠাইত শুই এঠাইত সাৰ পাইছো ঠিকনা নাই। দাদা, মোৰ বৌ, জেঠাই ল'ৰা দুটা, সৰু মামাৰ ল'ৰাটো আৰু ডাঙৰ মামাৰ ছোৱালীজনী , ভিনদেউ সকলো বহি চাহ খাই কথা পাতি আছে। মই টোপনীৰ জালত ক'ত আছো গমেই নাপালো। 

: "উঠিলা মৌ। যোৱা ফ্ৰেচ হৈ আহা।" 
চুলিখিনি চিজিল কৰি দি বৌৱে ৰিবন এডাল মাৰি দিলে। 
গোটেই ঘ'ৰখন আৰু পৰিয়ালত সৰু মই। মাৰ ফালেও সৰু দেউতাৰ ফালেও সৰু। তাতে ছোৱালী বুলিবলৈ দেউতাৰ ফালে মই অকলে আৰু মাৰ ফালে মামাৰ ছোৱালীজনী মানে মোৰ বা। তাকো মোতকৈ ৮ বছৰৰে ডাঙৰ। সেইকাৰণে ডাঙৰ নহলোৱেই আজিলৈকে মই। আৰু কেতিয়াও যে নহমো সেইটোও ভালকৈ জানো। 

চিধাই বাথৰূমলৈ গৈ হাত-ভৰি ধুই ফ্ৰেচ হৈ আহিলো। মোৰ নতুন বৌজনী তেতিয়া পাকঘ'ৰত। 

: "মৌ চাহ খাবানে কফি?" 
মোক দেখিয়ে সুধিলে। আচলতে গোটেই বৰজনা সকলৰ মাজত এজনীয়ে ননদ পাই বিয়া ঠিকহোৱা দিনাৰেপৰাই মৰমৰ টোপোলা বান্ধিছিলেই।

: "কফি খাম বৌ।" 
হাঁ‌হিলো মাত্ৰ।

হামিয়াই হিকতিয়াই আহি মোবাইলটো ললোহি।
নেট অ'ন কৰাৰ লগে লগে মেচেজবোৰ আহি থাকিল। মেচেঞ্জাৰত এটা মেচেজ

: "হেই! ৰণ হিয়েৰ। কালি লগ পাইছিলো চিনি পাইছা নে?"
ইস্ ৰাম এইটোৱে এদ নকৰা কাৰণে কামোৰ দিব চাগৈ। ৰিপ্লাই নকৰাই ভাল বুলি থৈ দিলো মোবাইলটো।

: "গুড মৰ্ণিং! টোপনী ধৰি আছে চাগৈ।"
হে প্ৰভু। এইটোৱে কেনেবাকৈ মেচেজ চাই আছো বুলি গম পোৱা নাইটো। মোবাইলটো ভালকৈ চাইহে চকু কপালত উঠিল।

: "পাৰিব্বা নেকি!"
চিঞৰি দিলো।

: "কি হ'ল অ'" দাদাই সুধিলে।

: "নাই নাই। বস্তু এটা চাই আছো।"
কৈ থলো কিবা এটা মাত্ৰ। আচলতে কালি তাৰ একাউন্টটো চাই বেক কৰোতে মই তাক ফ্ৰেণ্ড লিষ্টত এদেই কৰি পেলালো। এতিয়াহে গম পাইছো কথাটো।

চেঃ! কি কৰো এতিয়া! নিজেই ফচি গ'লো। অম্লানক কৈ চাওঁ নেকি? নাই নাই ! সি বা আকৌ কি ৰূপ লয়। এনেই মোৰ কাৰণে সময় নাই তাৰ। কিন্তু কোনোবা ল'ৰাই মোক মাতিলেই মই গম নোপোৱাকৈ কিবা নহয় কিবা কৰিবই। এতিয়া ৰণক যদি কিবা কয় মোৰেই সন্মান যাব। লগতে ঘ'ৰতটো বাদেই গোটেই পৃথিৱীয়ে গম পাব মোৰযে বয়ফ্ৰেণ্ড এটা আছে।

: "গুডমৰ্ণিং!" বহুত ভাবি চিন্তি ৰিপ্লাই দিলো।

: "কি হ'ল চিনি পাইছানে নাই নক'লা।"

: "পাইছো।"

: "অ'কে।"
একো নক'লে সি আৰু। 
হয়তো মোৰ সৰু সৰু ৰিপ্লাইবোৰ দেখি বিৰক্ত হৈছো বুলি গম পাইছে। বিশেষ ভাবি নাথাকিলো। ঘ'ৰলৈ যাবলৈ দাদাই গাড়ী উলিয়াইছিলেই। মাহঁ‌ত পিছত যাব। মোক আৰু বৌকহে থৈ আহিবলৈ আহিল সি। ঘ'ৰ পাইয়েই দুয়োজনী বাথৰূমত সোমালো। গা ধুই আহিয়েই চিধাই বিচনাত পৰিলোহি।

: "মৌ চাহ খাবি নেকি?" 

: "নাখাওঁ‌। তুমি খোৱা।"

ব্ৰেকফাষ্ট কৰিয়েই আহিলো তাতে চাহত এনেও ৰাপ নাই। বৌ পাকঘ'ৰলৈ যোৱাৰ পিছত অম্লানলৈ ফোন লগালো সি কাটি দিলে। মোবাইলটো চকুদুটা মুদি শুবলৈ ল'লো।
ক্লিং....
আকৌ মেচেজ ৰণৰ। 

: "hey"
: "hi" 
: "ঘ'ৰ পালাগৈ?"

: "তুমি কেনেকৈ জানিলা?" 
মোৰ ঘ'ৰ ক'ত নজনাকৈ ঘ'ৰ পালোনে নাই সি কেনেকৈ জানিলে আচৰিত হৈ গ'লো।
কিয় জানো কথা নাপতো বুলি ভাবিও কথা পাতিব মন গৈছে তাৰ লগত। 

: "মায়ে কৈছিল। ইয়াতে ঘ'ৰ বুলি। so i thought বিয়াৰ টোপনী ক্ষতি কৰি নিশ্চয় নাথাকিবা এতিয়া মামাৰ ঘ'ৰত।"

: "উম্"

: "irritate কৰিছো ন' তোমাক।"

: "নাই নাই। কিয়নো?"

: "নহয়। উম,হম এইবোৰ মানুহে কামোৰ পালেহে কয়।"

চি কটা। বৈদ্য লাজ পালো।
: "নহয় মানে।"

: "একো নাই। ভাগৰুৱা হৈ আছা। শুই লোৱা। বাই।"

: "বাই।"
নিজকে দোষী দোষী লাগিল। বেচেৰা ল'ৰাটোক এনেই খং উঠাই দিলো। সিটো হাতে ভৰিয়ে ধৰা নাছিল ৰিপ্লাই দিবলৈ। 

একো উপায়ো নাই যি হয় হ'ব বুলি ভাবি শুই থাকিলো কাইলৈপৰা আকৌ ক'লেজৰ দৌৰা-দৌৰি আৰম্ভ। চিলভাৰ জুবিলিৰ বাবে বহুত দায়িত্ব আছে আমাৰ কান্ধত।
মোবাইলৰ ভাইব্ৰেচনত সাৰ পালো। অম্লান কলিং..
নিজৰ চকুকে বিশ্বাস নোহোৱা যেন লাগিল। আজি নিজে ফোন কৰিলে তাকো দিনতে!

: "হেল্ল"

: "ইমান টাইম লাগে ফোন উঠাবলৈ"

: "শুই আছিলো।"

: "তাৰবাদেনো কৰিবা কি?"

: "মানে?"

: "একো নাই। চাৰ্ট দুটা চাইছো pic দিছো কোনটো ভাল লাহিছে select কৰি দিয়া asap!"

হুৱাটচ এপ খুলি চালো। দুটা চাৰ্টৰ pic দিছে এটা solid blue আৰু ইটো solid white । তাৰো মোৰ দৰে solid finish বোৰ ভাল লাগে।

: "white টো লোৱা।"

: "seriously! is it that classy? "

: "umm! you'll look great"

: "নাহ! its not suiting my taste bud! lemme take others opinion."

: "কি! এতিয়া আকৌ বেলেগৰ opinion ল'ব লগা হ'ল যে?"

: "এ বাদ দিয়া।তোমাৰ choice ভাল নহয়।"
কোনোবাই যেন পূৰ্ণহতীয়া চৰ হে সোধালে গালত। 

: "যদি জানাই মোৰ choice বেয়া সুধিছিলা কিয়?"

: "মাথাটো বেয়া হৈছিল মোৰ। ভুল কৰিলো।

: "by the way তুমিও মোৰে choice!"

: "oh! so you are regretting! you can leave if you wish miss tanmaya saikia"

: "কৰ কথা কলৈ নি আছা অম্লান।"

: "no no.. মই ক'লৈকো নিয়া নাই। তুমিটো চিধাই ক'লা যে i am your mistake. ঠিকেই কয় মোক লগৰবোৰে long distance relationship is useless! ৰাখা ফোন।"

কাটি দিলে সি ফোনটো। তাৰ লগে লগে মোৰ বুকুৰ সিৰা কেইদালমানো চিঙি যোৱা যেন লাগিল। অভ্যাস হৈ গৈছে তাৰ এনেবোৰ ব্যৱহাৰ। কিন্তু ইমান বেয়াকৈ ক'ব পাৰেনে নিজৰ ভালপোৱাজনক। 

: "মৌ উঠা! ফ্ৰেচ হৈ কিবা এটা খাই লোৱা দাদা নিবলৈ আহি আছে।
"

বৌৰ মাতত উঠি বহিলো। বিয়া ঘ'ৰলৈ যে যাবলৈ আছে মূৰৰ পৰা উলায়েই গৈছিল। আজি ঘ'ৰৰ মানুহখিনিয়ে একেলগে ভাত খাব। মা-পাপাটো অহাই নাই একে ভাত খাইহে একেলগে আহিম সব। 
ফ্ৰে'চ হৈ যাবলৈ উলালো। পাকঘ'ৰৰ পৰা লুচি আৰু আলুভাজিৰ গোন্ধই পেটৰ ভোক বঢ়াই দিলে। মালতী খুড়ীও যাব আজি আমাৰ লগত তাত ইখন সিখন কৰি দিবলৈ। সেয়ে আজি সোনকালে আহিল এনেই ৰাতিৰ সাজ বনাবলৈ দেৰিকৈহে আহে। 

: "ইয়ে মৌ পিংক কুৰ্টীটো কিয় পিন্ধিলি নীলাটো পিন্ধ। মানুহ থাকিব নহয় তাত।"

আচলতে সাজি-পাৰি উলাই যাবলৈ একেবাৰে ইচ্ছা নাই মোৰ। কিন্তু বৌৰ কথা ৰাখি নীলাটো সলাই ল'লো। বৌৰ কথা শুনি কাজল লগাই চুলিখিনি মেলি ঝুমকা এজোৰো পিন্ধি ল'লো। মুঠতে বৌৰ পচন্দৰ নিচিনাকৈয়ে সাজি ভালপাওঁ‌ মই। 
দাদা আৰু বৌৰ প্ৰেম-বিবাহ আছিল। দুয়োটা একেলগে পঢ়া। মোতকৈ প্ৰায় ১০ বছৰ ডাঙৰ দুয়োটা। সেইবাবে মোক সিহঁতৰ সন্তান মানে মোৰ ভতিজা দুহিততকৈ কোনোগুণে কম নাভাবে। বৌৰ এজনী ছোৱালীৰ প্ৰতি বহুত আশা আছে। কিন্তু দুহিতৰ জন্মৰ ৫ বছৰ হল এতিয়ালৈ সেই আশা পুৰ হোৱা নাই। সেইবাবে ছোৱালী এজনীক সজোৱাৰ সকলো আশা মোৰ জৰিয়তে পুৰণ কৰি থাকে।
খাই লৈ হোৱালে দাদা আহি পালেহিয়ে। আমাক লৈ সি ভিতৰ নোসোমালেই। বিয়া ঘ'ৰৰ সন্মুখ পাইহে আচৰিত হ'লো ঢেৰ মানুহ।

: "থেংকচ বৌ!"

: "কিয় ঔ"

: "যিহে জাধলী হৈ আহিব লৈছিলো মই।"

: "হাঃ হাঃ। দেখিলি কেনেকৈ বচাই দিলো।"
আমাক দেখিয়েই দুহিত দৌৰি আহিল। 

: "য়ে মা পি আহি গ'ল।"
মোক পি বুলিয়ে মাতে সি। পেহী সৰুতে মুখত নুফুটিল আৰু এতিয়া তাৰ এলাহ।

: "দুষ্ট কৰিছিলি নেকি তই?"

: "নাই। মোক গুদ বয় বুলি কৈছে সবেই।"

: "আইয়ৌ" বৌ মই দুইজনী হাঁ‌হিত ফাটি পৰিলো। তাৰ বদমাচিৰ পিতাৰা খোল খালেহে মানুহে কিমান গুদ বয় গম পাব।
আমি হাহা দেখি সি মুখ ফুলাই গুছি গ'ল।

: "দাদাক কৈ দিম মই।"

ভিতৰ সোমাই দেখিলো সব আদ্দা দিয়াত ব্যস্ত। মতা মানুহবোৰ চাদত আৰু মাইকী মানুহখিনি ৰভাৰ তলত।

: "মৌ আহিলা" 

সবকে মাতি ভিতৰ গৈ হে নতুন বৌক পালো। নতুন বোৱাৰীৰ লাজেৰে ঢাক খাই বহি আছিল ভিতৰত।

: "অ'। অকলে বহি আছা যে।"

: "নাই অ'। বাহিৰতে আছিলো। ককাল বিষোৱা কাৰণে ভিতৰলৈ আহিলো।"

বেয়াও লাগে বেচেৰীলৈ। নতুন কইনা সেৱা লৈ লৈ ককাল লাগি গৈছেগৈ।
মই সোমোৱা দেখি মামী,মাহী, এনেকে সব সোমাই আহিল ভিতৰলৈ। 

: "ইস ৰাম। সেৱা কৰি কৰি ককাল বিষ হ'ল ন' তোমাৰ। বিয়া হ'বই নাপায় দেই।"

খুব চিন্তাক্লিষ্টভাৱে কলো মই কথাখিনি। গোটেইজাকে গিৰ্জনী মাৰি হাঁ‌হি দিলে। 

: "ইস্। চাম নহয় নিজে কি ক'ৰ। এইবাৰ তোৰেই পাল।" মাহীয়ে জোকালে

: "ইহ। নহওঁ‌ মই বিয়া।" 
আকৌ হাঁ‌হিলে সবেই।

: "য়ে তহঁ‌ত সব বেয়া।মামাহঁ‌তেই ভাল।ওপৰলৈ যাওগৈ মই।"

খং উঠি গ'ল মোৰ। তাৰপৰা উলাই আহিলো। ভোৰভোৰাই চিধাই উপৰলৈ বাট পোনালো। আন্ধাৰ হৈ আছিল চিৰিটো। হঠাতে চিৰিত ভৰি পিছল খাই পৰিব লওঁ‌তেই কোনোবাই থাপমাৰি ধৰিলে। পিছে আন্ধাৰত মনিবলৈ উপায় নাই। ৰাস্তাদি যোৱা গাড়ী এখনৰ হেদলাইটৰ পোহৰ পৰি মুখখন জিলিকি উঠিল।

: "দুখ পালা নেকি?" সি সুধিলে।

: "ৰণ!!!"
আচৰিত হৈ গ'লো তাক দেখি। সি ইয়াত কি কৰি আছে।

(আগলৈ)

Comments

Popular posts from this blog

উৰুঙা

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect