উৰুঙা Get link Facebook X Pinterest Email Other Apps - June 11, 2020 "তেওঁৰ উৰুখা পজাৰ ৰিক্ততাত এবাৰ উশাহ ল'বলৈ মন যায়।তিতিবলৈ মন যায় অত্ৰিজৰ ভৰুণ বেলাত।তাত ভঙা চালেদিদুভাগ ৰাতি জোনাক সৰে,আৰু মোৰ বুকুৰ অট্টালিকাতপাৰ ভঙা নিসংগতা। " Get link Facebook X Pinterest Email Other Apps Comments Dinabondhu Nath said… ভাল লাগি গ'ল কিবা এটা। আগলৈয়ো আশা কৰিলোঁ। Unknown said… Thank you so much..sure ❤️
শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া - June 28, 2020 ( খণ্ড ১২) ৰাতিপুৱা সাৰ পোৱালৈ মই নিজৰ মাজতে এজনী নতুন "মই"ক বিচাৰি পালো। এইজনী "মই" দূৰ্ব্বল, ভয়াতুৰ, সৰু কথাতে কান্দি দিয়াজনী নহয়। সংযমী হ'বলৈ শিকিছো। মেঘালৈ ফোন কৰিলো। ৰাতিৰ কথাখিনি তাইক কোৱাটো প্ৰয়োজনীয়। : "ভেলেন্টাইনচ দেৰ দিনা?" খুব শান্তভাৱে শুনিলে তাই কথাখিনি। : "মানে???" : "অ' অহা দেওবাৰ ভেলেন্টাইনচ দে নহয় নেকি?" বুকুখন কঁপি উঠিল। হয়টো!! ইমান অনুভৱী নে ৰণ। ইমান ধুনীয়া দিন বাচি লৈছে। অৱশ্যে অস্বাভাৱিক নহয়। তাৰপৰা আশা কৰিব পাৰি। : "এতিয়া?? তই যাবি?" : "যাম ।যাব লাগিব। এক কৰি থৈ আহিম সিহঁতক।" : "বিস্মিতাই যদি না কয়?" : "তোৰ লাগিছে জানো?" : "ক'বও পাৰে ন?" : "অসম্ভৱ। ৰণৰ প্ৰেম প্ৰত্যাখান কৰাৰ মূৰ্খামি তাই নকৰে। " : "উম্! তোৰ বাদে সকলোৱে বুজে।" : "মানে??" : "একো নাই। হ'ব দে কৰিবি যি কৰ আৰু।" : "উম্। তাৰ পিছত মই পুণেলৈ যামগৈ।" : "কি???? কিয়???" : "অলপ দিনৰ কাৰণে যাম। ফাইনেল দি লৈ যাম।" : "কিন্তু... Read more
শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া - June 26, 2020 ( খণ্ড ১০) ৰাতিটো কেনেকৈ পাৰ কৰিলো ক'ব নোৱাৰো। শেষ নিশালৈ অলপ টোপনি আহিছিল চাগৈ। ৫টামান বজাত চকু মেল খালে। বুকুখন তেতিয়ালৈ অলপ পাতল লাগিছিল। শোকবোৰৰ ভৰ একেই আছিল যদিও বুকুত থানথিত লাগি বহিছিল চাগৈ। মোবাইলটো চালো ৬টা মিচকল। ২৭২টা হুৱাটচ এপ মেচেজ। ২টা ৰণৰ.....৩টা মেঘাৰ... ১টা শিখাৰ মিচকল। হুৱাটচ এপত গ্ৰুপ মেচেজবোৰেই ভৰ্তি। তাৰ মাজতে ৰণ আৰু মেঘাৰো আছে। : "কি হ'ল ফ'টোও নিদিলি... একো নকলিও... ফোনো নধৰিলি" মেঘাৰ মেচেজ। : "কি হ'ল তোমাৰ?" ৰণৰ মেচেজ। কি হ'ল!!! কি হ'লনো মোৰ। কেনেকৈ বুজাম কি হৈছে মোৰ। বুকুত গৰাখহনীয়াই চকুলোৰ পাৰ ভাঙিছে অথচ বৈ যাব পৰা নাই চকুৰ নেওচা ভেদি। ভয় লাগিছে কান্দিবলৈ কিজানি উটোৱাই লৈ যায় মৌ আৰু ৰণৰ মাজৰ সেঁতুদালো। : "চৰি কালি আলহী আহিল ঘ'ৰ পাই দেখিছো। পিছত মূৰ বিষাল শুই গ'লো। এতিয়াহে মোবাইলটো চাইছো।" গোকোট মিছা কথা এষাৰ ক'লো। বেয়া পাওঁ মই প্ৰিয় মানুহবোৰক ফাকি দি। কিন্তু মইযে নিৰুপায়। নোৱাৰো দেখুওৱাই দিব তাক তাৰেই মৰমে বিদ্ধস্ত কৰা মোৰ গুপুত প্ৰেমৰ ঠিকনা। হঠাত মোবাইলটো বাজি উঠিল। ৰণ কলিং....... ইমান ৰাত... Read more
Comments