শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া
(অন্তিম খণ্ড) ( খণ্ড ১৪) : "থেংক ইউ মৌ।" : "থেংক ইউ কিয়?" : "মোৰ জীৱনলৈ অহাৰ কাৰণে।" : "আচ্ছা!! তেন্তে থেংক ইউ টু।" : "কিয়??" : "মোক ইমান মৰম দিয়াৰ কাৰণে। মোক নিজকে বুজি পাবলৈ সুবিধা দিয়াৰ কাৰণে। মোক প্ৰেম কি বুজাই দিয়া কাৰণে।" : "ৱাও। ইমান থেংকচ।" : "উম। মোৰ গিফ্টটো কিয় দিয়া নাই?" মুখখন ফুলাই সুধিলো। : "অলে মৌ বেবীটো। এইটো চোৱা পিছফালে আছে।" পিছফালে চালো ধুনীয়াকৈ পেকিং কৰা আছে ড্ৰেচযোৰ। : "ৱাও! ইমান ধুনুকৈ পেক কৰিছা?" : "ধুনু মানুহলৈ লৈছো যে!" লাজ লাগি গ'ল। : "খুলি চোৱা আকৌ!" খুলি চালো। সঁচাকৈ বৰ ধুনীয়া। : "থেংক ইউ ৰণ।" : "থেংক ইউ ড্ৰেচযোৰে হে ক'ব তুমি পিন্ধিলে। নেক্সট দেওবাৰে আমি ডেটত যাওঁতে।" : "অহ্ হ!! ডেটৰ প্লেনো কৰি পেলালা।" হঠাতে গাড়ীখন ৰাখিলে সি। এইবাৰ মোৰ চকুলৈ চাই ক'লে, : "তুমি মোৰ হৈ থাকা মৌ গোটেই পৃথিৱী খনকে তোমাৰ কৰি দিম।" লাজ লাগিছিল। ইমান ওচৰত সি মোৰ। হেৰাই যাওঁ বাৰে বাৰে তাৰ গভীৰ দুচকুত। ভাল লাগিছি...