Posts

Showing posts from 2020

"ব'লা আকৌ এবাৰ অচিনাকি হৈ যাওঁ‌"

"ব'লা আকৌ এবাৰ অচিনাকি হৈ যাওঁ‌। চিনাকি হ'ম আকৌ অচিনাকি প্ৰহৰত। দুপৰীয়াৰ ৰ'দজাকে সেন্দূৰসনা বেলাত , তুমি ৰ'বা মোলৈ মায়াভৰা দুচকুত  অপেক্ষাৰ আকুলতা সানি। উটি যাম আকৌ হাঁহিৰ চাকনৈয়াত। দুহাতৰ চেঁচা পৰশত উমাল হোৱা কলিজাত আকৌ এবাৰ মিঠা শিহৰণে জোকাব দুয়োকে। বুকুৰ অযুত কথাবোৰ দুচকুয়ে ক'ব। ব'লা আকৌ এবাৰ অচিনাকি হৈ যাওঁ‌। আকৌ এবাৰ শুনি চাওঁ বুকুত  তুমি আৰু মই আমি হৈ উঠিব খোজা   প্ৰেমৰ মিঠা গুঞ্জন।"

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

(অন্তিম খণ্ড) ( খণ্ড ১৪) : "থেংক ইউ মৌ।" : "থেংক ইউ কিয়?" : "মোৰ জীৱনলৈ অহাৰ কাৰণে।" : "আচ্ছা!! তেন্তে থেংক ইউ টু।" : "কিয়??" : "মোক ইমান মৰম দিয়াৰ কাৰণে। মোক নিজকে বুজি পাবলৈ সুবিধা দিয়াৰ কাৰণে। মোক প্ৰেম কি বুজাই দিয়া কাৰণে।" : "ৱাও। ইমান থেংকচ।" : "উম। মোৰ গিফ্টটো কিয় দিয়া নাই?" মুখখন ফুলাই সুধিলো। : "অলে মৌ বেবীটো। এইটো চোৱা পিছফালে আছে।" পিছফালে চালো ধুনীয়াকৈ পেকিং কৰা আছে ড্ৰেচযোৰ। : "ৱাও! ইমান ধুনুকৈ পেক কৰিছা?" : "ধুনু মানুহলৈ লৈছো যে!" লাজ লাগি গ'ল। : "খুলি চোৱা আকৌ!" খুলি চালো। সঁ‌চাকৈ বৰ ধুনীয়া। : "থেংক ইউ ৰণ।" : "থেংক ইউ ড্ৰেচযোৰে হে ক'ব তুমি পিন্ধিলে। নেক্সট দেওবাৰে আমি ডেটত যাওঁ‌তে।" : "অহ্ হ!! ডেটৰ প্লেনো কৰি পেলালা।" হঠাতে গাড়ীখন ৰাখিলে সি। এইবাৰ মোৰ চকুলৈ চাই ক'লে, : "তুমি মোৰ হৈ থাকা মৌ গোটেই পৃথিৱী খনকে তোমাৰ কৰি দিম।" লাজ লাগিছিল। ইমান ওচৰত সি মোৰ। হেৰাই যাওঁ‌ বাৰে বাৰে তাৰ গভীৰ দুচকুত। ভাল লাগিছি...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ১৩) : "অই ঘুৰি চা আৰু প্লিজ হা ক'!" : "প্লিজ বা হা কোৱানা !!" মেঘা!!! বিস্মিতা!!! আচৰি হৈ গ'লো সিহঁতৰ মাত শুনি। একেকোবে ঘুৰি চালো। ঘুৰি চাই মোৰ ভৰিৰ তলৰ মাটি হেৰাই গ'ল। মুখত হাত দি মই দুখোজ পিছুৱাই গ'লো। কি দেখিছো এয়া। মোৰ সন্মুখত হাতত বুকেটো লৈ এটা আঁ‌ঠুত বহি আছে ৰণ। কাষত প্লিজ! প্লিজ! কৈ হাত দুখনেৰে ৰিকুৱেষ্ট কৰি ৰৈ আছে মেঘা আৰু বিস্মিতা! তাৰমানে ?? কি হৈছে এইবোৰ?? ইমান দিনে এইবোৰ??? মোৰ মুখেৰে মাত নোলোৱা হৈ গ'ল। পৃথিৱীখন তাতেই পাকঘুৰণি খাই ৰৈ গ'ল। কথমপি বাগৰি নপৰিলো মই। কিন্তু চকুৰে সৰসৰাই পানী ওলাই আহিল। : "হা না পিছত ক'বা লাগিলে। আগতে বুকেটো লোৱা ঔ। স্কুলটো ইমান টাই kneel down কৰি পোৱা নাই ঐ কলিজা!" এইবাৰ মেঘাই জোৰ কৰিয়েই মোক থেলি দিলে। মই চিধাই গৈ ৰণৰ কাষত ৰলোগৈ। তাৰ হাতৰপৰা বুকেটো লৈ তাক উঠাই দিলো। মাত মোৰ তেতিয়াও ওলোৱা নাছিল। মাত্ৰ তিনিওটাৰ মুখলৈ বূৰ্বকৰ নিচিনা চালো। বূৰ্বকৰ নিচিনা নহয়। মহাবূৰ্বক হৈয়েই মই। তিনিওটাই হাঁ‌হি আছে। : "ধুৎ চাল্লা! পাৰিব্বা নেকি বুলি ক'ব বুলি ভাবিছিলো। বেঙেনা হ'ল।এইজনীয়ে মৌন...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ১২) ৰাতিপুৱা সাৰ পোৱালৈ মই নিজৰ মাজতে এজনী নতুন "মই"ক বিচাৰি পালো। এইজনী "মই" দূৰ্ব্বল, ভয়াতুৰ, সৰু কথাতে কান্দি দিয়াজনী নহয়। সংযমী হ'বলৈ শিকিছো। মেঘালৈ ফোন কৰিলো। ৰাতিৰ কথাখিনি তাইক কোৱাটো প্ৰয়োজনীয়। : "ভেলেন্টাইনচ দেৰ দিনা?"  খুব শান্তভাৱে শুনিলে তাই কথাখিনি। : "মানে???" : "অ' অহা দেওবাৰ ভেলেন্টাইনচ দে নহয় নেকি?" বুকুখন কঁ‌পি উঠিল। হয়টো!! ইমান অনুভৱী নে ৰণ। ইমান ধুনীয়া দিন বাচি লৈছে। অৱশ্যে অস্বাভাৱিক নহয়। তাৰপৰা আশা কৰিব পাৰি। : "এতিয়া?? তই যাবি?" : "যাম ।যাব লাগিব। এক কৰি থৈ আহিম সিহঁতক।" : "বিস্মিতাই যদি না কয়?" : "তোৰ লাগিছে জানো?" : "ক'বও পাৰে ন?" : "অসম্ভৱ। ৰণৰ প্ৰেম প্ৰত্যাখান কৰাৰ মূৰ্খামি তাই নকৰে। " : "উম্! তোৰ বাদে সকলোৱে বুজে।" : "মানে??" : "একো নাই। হ'ব দে কৰিবি যি কৰ আৰু।" : "উম্। তাৰ পিছত মই পুণেলৈ যামগৈ।" : "কি???? কিয়???" : "অলপ দিনৰ কাৰণে যাম। ফাইনেল দি লৈ যাম।" : "কিন্তু...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ১১) ঘ'ৰ আহি পোৱাৰে পৰা বৰ অস্বস্তিত সময়বোৰ পাৰ কৰিছো। মেঘা থকাকৈ আহিম বুলি কৈছিল মই নালাগে বুলি ক'লো। নালাগে মোক কাৰো সহানুভুতি।  মই নিজে বুজি পাব লাগিব নিজক। বাস্তৱৰ সন্মুখীন হ'ব লাগিব। তাৰ কাৰণে মই অকলে সময় পাৰ কৰাটো অত্যন্তই প্ৰয়োজনীয়।  জ্ঞানীজনে কৈ গৈছে "সত্যম্ ব্ৰুয়াত প্ৰিয়ম ব্ৰুয়াত। ন ব্ৰুয়াত সত্যমপ্ৰিয়ম" (প্ৰিয় সত্য ক'বা, অপ্ৰিয় সত্য নকবা) । কিন্তু কেতিয়াবা নিজৰ সৈতে পৰিচয় হ'বলৈ অপ্ৰিয় সত্য কোৱা মানুহৰ অত্যন্ত প্ৰয়োজন।  মেঘাৰ অপ্ৰিয় সত্য আৰু  বিস্মিতাৰ সততাই মোক বহু কথা শিকাই থৈ গ'ল আজি। মনত যিয়েই থাকে তাক সৎ সাহসেৰে মানি ল'বলৈ শিকিলো আজি। ভয় ভয় কৈ জীয়াই থাকি কি পাইছো মই! অম্লানে এৰি যাব বুলি এটা ভয়তে জীয়াই আছো ইমানদিনে। কিন্তু ৰণৰ প্ৰতি মোৰ মনত জাগি উঠা অনুভুতিবোৰ মিছা হ'ব কেনেকৈ? তাক ভাললাগে। তাৰ প্ৰতিটো কাম ভাল লাগে। মোৰ প্ৰতি থকা তাৰ মৰম আৰু অভিমানবোৰ ভাললাগে ।  এয়া প্ৰেম নহয় নো কি?  যদি মই ৰণকে ভালপাওঁ‌ অম্লাননো কোন?  কিয় পৰি যাওঁ‌ বাৰে বাৰে অম্লান নামৰ দোৱাৰদলিত হামখুৰি খাই। আৰু যদি মই অম্লানকে ভালপাওঁ‌ তেন্তে ৰণ নামৰ বান্ধো...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ১০) ৰাতিটো কেনেকৈ পাৰ কৰিলো ক'ব নোৱাৰো। শেষ নিশালৈ অলপ টোপনি আহিছিল চাগৈ। ৫টামান বজাত চকু মেল খালে। বুকুখন তেতিয়ালৈ অলপ পাতল লাগিছিল। শোকবোৰৰ ভৰ একেই আছিল যদিও বুকুত থানথিত লাগি বহিছিল চাগৈ। মোবাইলটো চালো ৬টা মিচকল। ২৭২টা হুৱাটচ এপ মেচেজ। ২টা ৰণৰ.....৩টা মেঘাৰ... ১টা শিখাৰ মিচকল। হুৱাটচ এপত গ্ৰুপ মেচেজবোৰেই ভৰ্তি। তাৰ মাজতে ৰণ আৰু মেঘাৰো আছে। : "কি হ'ল ফ'টোও নিদিলি...  একো নকলিও...  ফোনো নধৰিলি"  মেঘাৰ মেচেজ। : "কি হ'ল তোমাৰ?"  ৰণৰ মেচেজ। কি হ'ল!!! কি হ'লনো মোৰ। কেনেকৈ বুজাম কি হৈছে মোৰ। বুকুত গৰাখহনীয়াই চকুলোৰ পাৰ ভাঙিছে অথচ বৈ যাব পৰা নাই চকুৰ নেওচা ভেদি। ভয় লাগিছে কান্দিবলৈ কিজানি উটোৱাই লৈ যায় মৌ আৰু ৰণৰ মাজৰ সেঁ‌তুদালো। : "চৰি কালি আলহী আহিল ঘ'ৰ পাই দেখিছো। পিছত মূৰ বিষাল শুই গ'লো। এতিয়াহে মোবাইলটো চাইছো।" গোকোট মিছা কথা এষাৰ ক'লো। বেয়া পাওঁ‌ মই প্ৰিয় মানুহবোৰক ফাকি দি। কিন্তু মইযে নিৰুপায়। নোৱাৰো দেখুওৱাই দিব তাক তাৰেই মৰমে বিদ্ধস্ত কৰা মোৰ গুপুত প্ৰেমৰ ঠিকনা। হঠাত মোবাইলটো বাজি উঠিল। ৰণ কলিং....... ইমান ৰাত...

শিৰোনাম "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৯) পূৱে ফেহুঁ‌জালি দিওঁ‌তেই চকু মেল খালে আজি। অন্যদিনা চকুত পোহৰ পৰিলে মায়ে কোৱা নিচিনা ঘড়ীৰ নিচিনা ঘুৰি ঘুৰি আকৌ আগৰ ঠাইত শুই থাকোগৈ। পোহৰেও মোক খেদি খেদি উঠাব নোৱাৰি সিপাৰ হয়গৈ। পিছে আজি একেজাপে উঠিলো।  ৰাতিটোও কিমান বাৰ সাৰ পাইছিলো হিচাপ নাই। ফুৰিবলৈ যোৱাৰ উত্তেজনাতকৈ আন এটা কথা হে হ'ল। আবেলি ওলাই যাম বুলি ৰণক কথা দিলো হয়। পিছে মাক কোৱাই নহ'ল। মিছা কথা কৈ উলাই যাবলৈ মনে নকয়। উঠি গ'লো মাক বিচাৰি। পাকঘ'ৰত আছিল। মোক দেখি আচৰিত হ'ল। : "কৰবালৈ যাবি নেকি?" : "হা!! কিয়?" : "এতিয়াই উঠিলি।" : "নাই। মানে যাম । আবেলি।" : "অ' ।" মায়ে একো নকৈ ওলাই গ'ল। কলৈ যাবি সুধা হ'লে মোৰো লেঠাটো মৰে। চেঃ! এনেই প্ৰাক্তন শিক্ষয়িত্ৰী সেইকাৰণে খং উঠিলে এবাৰতে ১০বছৰ আগত কি কৰিছিলো তাৰপৰা প্ৰসংগ-সংগতি দেখুওৱাই গালি দিয়া আৰম্ভ কৰে। পাপাই কয় মাৰক কিবা কোৱাতকৈ নিউজতে দিবি। ননষ্টপ বকিয়েই থাকে। এ যাহ! ফ্ৰেচ হৈ আহি নিজেই কম। মুখ-হাত ধুই আহি চাওঁতে মা আকৌ পাকঘ'ৰত। কৰবাৰ পৰা ঢেঁকীয়া আনি বাচি আছিল। ঢেঁকীয়া দেখি মোৰ চকু ডাঙৰ হৈ গ...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৮)                                    (গ) আজি প্ৰায় ৫মাহে প্ৰতিটো মূহুৰ্ত মোক ৰণে আৱৰি ৰাখিছে এক নিৰাপত্তাৰ উষ্ণতাত। য'ত কোনো স্বাৰ্থ নাই, একো আশা নাই।  মাত্ৰ মই চাৰিওফালে অনুভৱ কৰো তাৰ নিৰাপত্তা। কিন্তু অম্লানৰ আজি এমাহৰপৰা একেবাৰে কোনো খবৰ নাই। ভাগৰি গৈছো মই অম্লান নামৰ মৰিচীকা খেদি খেদি। কোনো ৰিপ্লাই নাহে মোৰ ফোন মেচেজৰ। মাথো মেচেজ চাই থৈছে বুলি গম পাওঁ‌। মই বুজি নাপাওঁ‌ কিয় মই তাৰপৰা আঁ‌তৰি আহিব পৰা নাই। কি বাকী আছে আমাৰ মাজত। কিয় ভয় খাওঁ মই তাক হেৰুৱাবলৈ।            " সচাঁ‌ প্ৰেমৰ মৰিচীকা খেদি            ক্লান্ত আজি আৱেগ বিষন্নতাৰ ভৰত।            সামৰিবলৈ গৈ দুহাতেৰে মিছা মৰম            হাৰি গ'লো বেয়াকৈ নিজৰ ওচৰত।            মুখাধাৰী জীৱনৰ সীমাত হেৰাই কোন           কোনেনো উমান লয়।         ...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৭) ক্লিং..... মেচেঞ্জাৰত মেচেজ এটা আহিল ৰণৰ। : "ভাল পাইছানে? শুই আছা নেকি?"  লগ পোৱা দিনাই যি মেচেজত কথা পতা। তাৰ পিছত কোনোদিনে আজিলৈকে মেচেজ দি ব্যতিব্যস্ত কৰা নাই মোক।আকৌ আজি মেচেজ দিছে সি। কিন্তু ক'ভাৰ পিকখনত মোৰ গোলাপ পাহ।  এহ! মই ভুল ভাবি আছো চাগৈ কিবা। ইমান সহায় কৰিলে দিনটোত মোক আজি আৰু মই এতিয়াও ফাল্টু কথা ভাবি আছো। : "উম্ পাইছো। এতিয়া ভাল। তোমাৰ কাম হ'ল।" : "উম্ হ'ল দিয়া।" : ok..... : "ক'লেজ যাবা?" : "নাই নাযাওঁ‌।"  : "নাযাওঁ‌ নে নিদিয়ে?" সব বুজি পাই মানে সি। : "both! নিদিয়েও আৰু নাযাওঁ‌ ও।" : "আইয়ৈ দেহি!" : "হ'ব হাঁ‌হিব নালাগে।" : "ক'তনো হাঁ‌হিলো হাঁ‌হিম হে এতিয়া। হাঃ হাঃ হাঃ।" : "how mean!" : "হ'ব দিয়া কাইলৈ যাবা। আজি বেছি হৈ গ'লে বাকী ৩দিনৰ মেইন প্ৰগেম মিচ কৰিবাচোন। can you afford that?" : "নাই নাই। কি কোৱা ! কাইলৈ যাব্বই লাগিব্বই।" : "অকে যাব্বাই বাৰু। then আজি ৰেষ্ট লব্বই লাগিব ন' !" : "ম...

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

( খণ্ড ৬ ) : "হায়ে!!!!!"  গোটেইকেইজনীয়ে সি উলাই যোৱাৰ লগে লগে চিঞৰিলে। : "তোৰ লগত কিবা আছে নেকি অ' চক্কৰ।" অনুষ্কাই সুধিলে। শুই থকাৰপৰা চকু পকাই চালো। কথা ক'বলৈ তেতিয়াও মন যোৱা নাছিল। : "নাই যদি। মইয়ে লাইন মাৰিম বে! ক্যা মাল হে!" : "চিঃ অসভ্য! গেষ্ট হয় আমাৰ। মাল বুলি কৈছ!" প্ৰিয়াই কাণত হাত দিলেই। : "এই যা এইজনী।" "হয় দে। বেছি ভদ্ৰ তাই। উফ্! বিয়েৰ্ডে চাবি নে those intense eyes য়ে চাবি। মাই গড্" এজনীয়ে গালে মুখে হাত দি বহিয়েই গ'ল। : "তোৰ মালটোৱে ৰেগুলাৰ জিম যায় পাক্কা। বডি কি বে!" মেঘাই ক'লে। : "অলপ বেছি হৈছে নেকি তোৰ! কি ফাল্টু কথা বকি আছ? এনেই কিবা কিবি উলাবগৈ কিন্তু দেই মেঘা। সব জানিও এনেকৈ আছ?"  টিঙিচকৈ খঙ উঠি আহিল। মোৰ জীৱনত অম্লান থকা অৱস্থাত বেলেগ পুৰুষৰ নাম শুনাও মোৰ হৃদয়ে মানি ল'ব নোৱাৰে। : "হ'ব দে নকওঁ‌! এনেহে তাইৰ অম্লানটো। সেইটো বয়ফ্ৰেণ্ড নহয় বাই-ফ্ৰেণ্ডহে। জিন্দা আছনে ওপৰ পালিগৈ খবৰ নাৰাখা লেমটৌ।"  আনদিনা হোৱা হ'লে দুইজনী দুফালে চিটিকিলো হেতেন কাজিয়া লাগি। কি...