"ব'লা আকৌ এবাৰ অচিনাকি হৈ যাওঁ‌"


"ব'লা আকৌ এবাৰ অচিনাকি হৈ যাওঁ‌।
চিনাকি হ'ম আকৌ অচিনাকি প্ৰহৰত।
দুপৰীয়াৰ ৰ'দজাকে সেন্দূৰসনা বেলাত ,
তুমি ৰ'বা মোলৈ মায়াভৰা দুচকুত
 অপেক্ষাৰ আকুলতা সানি।
উটি যাম আকৌ হাঁহিৰ চাকনৈয়াত।
দুহাতৰ চেঁচা পৰশত উমাল হোৱা কলিজাত
আকৌ এবাৰ মিঠা শিহৰণে জোকাব দুয়োকে।
বুকুৰ অযুত কথাবোৰ দুচকুয়ে ক'ব।

ব'লা আকৌ এবাৰ অচিনাকি হৈ যাওঁ‌।
আকৌ এবাৰ শুনি চাওঁ বুকুত
 তুমি আৰু মই আমি হৈ উঠিব খোজা 
 প্ৰেমৰ মিঠা গুঞ্জন।"

Comments